• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লোমহৰ্ষক আত্মহত্যাৰ ঘটনাই কঁপালে তামুলপুৰক; দাৰে কাটিলে নিজৰেই ডিঙি

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , August 10, 2018 10:41 pm

2 min read

murdersuicidegraphic-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

76
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অধীনৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত মেজগুৰী পুখুৰীপাৰ গাঁৱত আজি সংঘটিত এক লোমহৰ্ষক আত্মহত্যাৰ ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণি মতে আজি পুৱা প্ৰায় দহ বজাত মেজগুৰী গাঁৱত ঘৰত কোনো নথকা অৱস্থাত লক্ষণ বৈশ্য (২৪) নামৰ এজন লোকে দাৰে নিজৰ ডিঙি কাটি আত্মহত্যা কৰে। পিছত তেজে তুমৰলি হৈ থকা তেওঁৰ শৰীৰ ঘৰৰ চোতালতে পৰি থাকে।

আনহাতে, লোকজনে আত্মহত্যাৰ পূৰ্বে নিজৰ অন্তসত্তা পত্নী মালতী বৈশ্য (২০)ক ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল, অৱশ্যে মালতীয়ে কোনো মতে স্বামীৰ হাতৰ পৰা নিজক ৰক্ষা কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে মাথোঁ ৫ মাহ আগতে মালতী বৈশ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল লক্ষণ।

পাৰিবাৰীক অশান্তিৰ বাবেই উক্ত ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজৰ সন্দেহ কৰিছে, ইফালে স্বামীৰ আত্মহত্যাৰ দৃশ্য দেখি মালতী বৈশ্য চোতালতে মূর্ছা যায়। স্থানীয় লোকে স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মালতীক পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

ঘটনা সন্দৰ্ভত স্থানীয় লোকে কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়াত কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত  বিষয়া মুন্না পাঁচনীৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কুমাৰীকাটা আৰক্ষী চকীলৈ লৈ আনে আৰু মৰোনত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

বাতৰি লিখা পৰলৈকে আত্মহত্যাৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰিব পৰা নাই যদিও কি কাৰনত ঘটনাটো সংঘটিত হ’ল আৰক্ষীয়ে তাৰ অনুসন্ধান অব্যাহত ৰাখিছে।

Recent News

a bcd

অৱশেষত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা চূড়ান্ত

a modi som

সোমনাথ মন্দিৰৰ অধ্যক্ষ পদত মোৰাৰজী দেশাইৰ পিছত দেশৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী মোদী

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd