• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তপন গগৈৰ কামিহাড় নাই; তেওঁৰ গাত লাচিতৰ তেজ নহয়, বাংলাদেশৰ তেজ আছে : তৰুণ গগৈ

অসমৰ ৰাজপথত এতিয়া চলিছে ‘হৰ হৰ মোদী নৃত্য’, আৱিষ্কাৰক হিমন্ত বিশ্ব : তৰুণ গগৈ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
গুৱাহাটী , April 6, 2019 10:20 pm

3 min read

Tarun Gogoi

শিৱসাগৰত সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ৬ এপ্ৰিলত।

499
VIEWS
Share on FacebookShare on Twitter

যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলাবলৈ শিৱসাগৰলৈ যোৱা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি নিৰ্বাচনী সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।

তেওঁ লগতে এসময়ৰ ৰাজনৈতিক শিষ্য হিমন্ত বিশ্ব শৰ্মাকো চোকা ভাষাত কটাক্ষ কৰে।

বিজেপিক মিছলীয়াৰ দল আখ্যা দি গগৈয়ে কয়, “মিছা কথা, মিছা প্ৰতিশ্ৰুতিৰে বিজেপিয়ে অসমবাসীক প্ৰতাৰণ কৰি আহিছে। নৰেন্দ্ৰ মোদীৰ দৰে মিছলীয়া প্ৰধান মন্ত্ৰী কাহানিও দেখা নাই।”

পাঁচ বছৰৰ আগে মোদীয়ে ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি পাহৰি যোৱাৰ কথাও উল্লেখ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“প্ৰতিজন ভাৰতীয়ক ১৫ লাখকৈ দিব বুলি ঘোষণা কৰিছিল, কিন্তু ১৫ পাইচা দিব পাৰিলে নাই?” গগৈৰ প্ৰশ্ন।

এই চৰকাৰৰ দিনত গেছৰ দাম বাঢ়িল, খাজানাৰ ৰে’ট বাঢ়িল। ২ কোটি নিবনুৱাক বছৰি চাকৰি দিম বুলি কোৱা মোডীয়ে কিমানক চাকৰি দিলে, বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে এতিয়া নদীবান্ধৰ কাম বন্ধ কৰিব পাৰিলেনে। গগৈৰ মন্তব্য।

চাহ শ্ৰমিকসকলৰ মজুৰিৰ প্ৰসংগ টানি গগৈয়ে কয়, “বিজেপিয়ে চাহ শ্ৰমিকক  ঠগিলে। চাহ শ্ৰমিকক দৈনিক ৩৫০টকা মজুৰি দিম বুলি কৈ আজিলৈকে দিব নোৱাৰিলে।”

কংগ্ৰেছে ৬০ বছৰত একো  কৰা নাই বুলি কৰা বিজেপিৰ অভিযোগক অপপ্ৰচাৰ আখ্যা দিয়ে গগৈয়ে।

“যদি একো কৰা নাই তেন্তে অ’ এন জি চি কোনে আনিলে, বগীবিল দলং, ধলা-শদিয়া দলং, গেছ ক্ৰেকাৰ, মেডিকেল কলেজ, অ’ এন জি চিৰ হস্পিটেল আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঢ়া বিশ্ববিদ্যালয় কাৰ দিনত হ’ল” বিজেপিক গগৈৰ প্ৰশ্ন।

আনহাতে প্ৰাক্তন সতীৰ্থ হিমন্তক তীব্ৰ আক্ৰমণ কৰি  মন্ত্ৰীজনক লুটি-বাগৰ মৰা, দুমুখীয়া চৰিত্ৰৰ ৰাজনীতিবিদ বুলি মন্তব্য কৰে।

তেওঁ হিমন্ত কটাক্ষ কৰি কয়, “হিমন্তই আগতে কৈছিল মই তেওঁৰ গুৰু বুলি। আৰু এতিয়া তেওঁ সেই গুৰুকে ডেগাৰ মাৰিলে। এইটো বিজেপিৰ স্বভাৱেই। যি আদৱানিয়ে নৰেন্দ্ৰ মোদীক ৰাজনৈতিক সমৰ্থন দিছিল সেই আদৱানিকে মোদীয়ে ডেগাৰ মাৰিলে। এওঁলোক প্ৰকৃত হিন্দু নহয়। প্ৰকৃত হিন্দুৱে গুৰুক সেৱা কৰে, সন্মান দিয়ে।”

শেহতীয়াকৈ হিমন্তই একাধিক ঠাইন নৃত্য কৰাক কটাক্ষ কৰি গগৈয়ে কয়, “অসমৰ ৰাজপথত  এতিয়া নতুন নৃত্য চলিছে। এই নৃত্য হৰ হৰ মোদী নৃত্য। মোদীক সন্তোষ্ট কৰাৰ নৃত্য। এই নৃত্যৰ আৱিষ্কাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ব্যৰ্থতা লুকুৱাবলৈ এতিয়া ৰ’ডশ্ব’ পাতি তাত হিমন্তই মোদী নৃত্যৰে ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে।”

“আগৰ দিনত ৰজা-মহাৰজাই যিদৰে নৃত্য উপভোগ কৰিছিল, এতিয়া বিজেপি আৰু সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাই কৰা মোদী নৃত্য উপভোগ কৰিছে।” গগৈৰ কটাক্ষ।

গগৈয়ে এইবাৰৰ নিৰ্বাচনক লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধ বুলি কয়।

“এই যুদ্ধত আমাৰ সেনাপতি সুশান্ত বৰগোহাঁই। তপন কুমাৰ গগৈৰ কামিহাড় নাই। তেওঁৰ গাত লাচিতৰ তেজ নাই। তেওঁৰ গাত বাংলাদেশৰ তেজ আছে। গাত বাংলাদেশৰ তেজ থকা এনে ব্যক্তিক বিপুল ভোটত পৰাজিত কৰিব লাগে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়। তেওঁ লগতে কয়, শিৱসাগৰ মোৰ আপোন। তিনিবাৰ মই ইয়াৰ পৰা নিৰ্বাচন খেলিছো আৰু তিনিওবাৰেই ৰাইজে মোক জয়ী কৰাইছিল। মোৰ ৰাজনীতিৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হৈছিল। তাৰ বাবে আজিও শিৱসাগৰবাসীৰ ওচৰত কৃতজ্ঞ।” গগৈয়ে কয়।

Recent News

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd