• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তপন গগৈৰ কামিহাড় নাই; তেওঁৰ গাত লাচিতৰ তেজ নহয়, বাংলাদেশৰ তেজ আছে : তৰুণ গগৈ

অসমৰ ৰাজপথত এতিয়া চলিছে ‘হৰ হৰ মোদী নৃত্য’, আৱিষ্কাৰক হিমন্ত বিশ্ব : তৰুণ গগৈ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 6, 2019 10:20 pm
Tarun Gogoi

শিৱসাগৰত সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ৬ এপ্ৰিলত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলাবলৈ শিৱসাগৰলৈ যোৱা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আজি নিৰ্বাচনী সভাত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে।

তেওঁ লগতে এসময়ৰ ৰাজনৈতিক শিষ্য হিমন্ত বিশ্ব শৰ্মাকো চোকা ভাষাত কটাক্ষ কৰে।

Apply Now

বিজেপিক মিছলীয়াৰ দল আখ্যা দি গগৈয়ে কয়, “মিছা কথা, মিছা প্ৰতিশ্ৰুতিৰে বিজেপিয়ে অসমবাসীক প্ৰতাৰণ কৰি আহিছে। নৰেন্দ্ৰ মোদীৰ দৰে মিছলীয়া প্ৰধান মন্ত্ৰী কাহানিও দেখা নাই।”

পাঁচ বছৰৰ আগে মোদীয়ে ক’লা ধন ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি পাহৰি যোৱাৰ কথাও উল্লেখ কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“প্ৰতিজন ভাৰতীয়ক ১৫ লাখকৈ দিব বুলি ঘোষণা কৰিছিল, কিন্তু ১৫ পাইচা দিব পাৰিলে নাই?” গগৈৰ প্ৰশ্ন।

এই চৰকাৰৰ দিনত গেছৰ দাম বাঢ়িল, খাজানাৰ ৰে’ট বাঢ়িল। ২ কোটি নিবনুৱাক বছৰি চাকৰি দিম বুলি কোৱা মোডীয়ে কিমানক চাকৰি দিলে, বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে এতিয়া নদীবান্ধৰ কাম বন্ধ কৰিব পাৰিলেনে। গগৈৰ মন্তব্য।

চাহ শ্ৰমিকসকলৰ মজুৰিৰ প্ৰসংগ টানি গগৈয়ে কয়, “বিজেপিয়ে চাহ শ্ৰমিকক  ঠগিলে। চাহ শ্ৰমিকক দৈনিক ৩৫০টকা মজুৰি দিম বুলি কৈ আজিলৈকে দিব নোৱাৰিলে।”

কংগ্ৰেছে ৬০ বছৰত একো  কৰা নাই বুলি কৰা বিজেপিৰ অভিযোগক অপপ্ৰচাৰ আখ্যা দিয়ে গগৈয়ে।

“যদি একো কৰা নাই তেন্তে অ’ এন জি চি কোনে আনিলে, বগীবিল দলং, ধলা-শদিয়া দলং, গেছ ক্ৰেকাৰ, মেডিকেল কলেজ, অ’ এন জি চিৰ হস্পিটেল আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পঢ়া বিশ্ববিদ্যালয় কাৰ দিনত হ’ল” বিজেপিক গগৈৰ প্ৰশ্ন।

আনহাতে প্ৰাক্তন সতীৰ্থ হিমন্তক তীব্ৰ আক্ৰমণ কৰি  মন্ত্ৰীজনক লুটি-বাগৰ মৰা, দুমুখীয়া চৰিত্ৰৰ ৰাজনীতিবিদ বুলি মন্তব্য কৰে।

তেওঁ হিমন্ত কটাক্ষ কৰি কয়, “হিমন্তই আগতে কৈছিল মই তেওঁৰ গুৰু বুলি। আৰু এতিয়া তেওঁ সেই গুৰুকে ডেগাৰ মাৰিলে। এইটো বিজেপিৰ স্বভাৱেই। যি আদৱানিয়ে নৰেন্দ্ৰ মোদীক ৰাজনৈতিক সমৰ্থন দিছিল সেই আদৱানিকে মোদীয়ে ডেগাৰ মাৰিলে। এওঁলোক প্ৰকৃত হিন্দু নহয়। প্ৰকৃত হিন্দুৱে গুৰুক সেৱা কৰে, সন্মান দিয়ে।”

শেহতীয়াকৈ হিমন্তই একাধিক ঠাইন নৃত্য কৰাক কটাক্ষ কৰি গগৈয়ে কয়, “অসমৰ ৰাজপথত  এতিয়া নতুন নৃত্য চলিছে। এই নৃত্য হৰ হৰ মোদী নৃত্য। মোদীক সন্তোষ্ট কৰাৰ নৃত্য। এই নৃত্যৰ আৱিষ্কাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ব্যৰ্থতা লুকুৱাবলৈ এতিয়া ৰ’ডশ্ব’ পাতি তাত হিমন্তই মোদী নৃত্যৰে ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে।”

“আগৰ দিনত ৰজা-মহাৰজাই যিদৰে নৃত্য উপভোগ কৰিছিল, এতিয়া বিজেপি আৰু সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাই কৰা মোদী নৃত্য উপভোগ কৰিছে।” গগৈৰ কটাক্ষ।

গগৈয়ে এইবাৰৰ নিৰ্বাচনক লাচিত বৰফুকনৰ শৰাইঘাটৰ যুদ্ধ বুলি কয়।

“এই যুদ্ধত আমাৰ সেনাপতি সুশান্ত বৰগোহাঁই। তপন কুমাৰ গগৈৰ কামিহাড় নাই। তেওঁৰ গাত লাচিতৰ তেজ নাই। তেওঁৰ গাত বাংলাদেশৰ তেজ আছে। গাত বাংলাদেশৰ তেজ থকা এনে ব্যক্তিক বিপুল ভোটত পৰাজিত কৰিব লাগে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কয়। তেওঁ লগতে কয়, শিৱসাগৰ মোৰ আপোন। তিনিবাৰ মই ইয়াৰ পৰা নিৰ্বাচন খেলিছো আৰু তিনিওবাৰেই ৰাইজে মোক জয়ী কৰাইছিল। মোৰ ৰাজনীতিৰ যাত্ৰা ইয়াৰ পৰাই আৰম্ভ হৈছিল। তাৰ বাবে আজিও শিৱসাগৰবাসীৰ ওচৰত কৃতজ্ঞ।” গগৈয়ে কয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd