দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত সলনি হ’ল নিম্ন আদালতৰ ৰায়। নিজৰেই কনিষ্ঠ সহকৰ্মীক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলোৱাৰ গোচৰত ‘তহেলকা’ৰ প্ৰাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত কৰিছে মুম্বাই উচ্চ ন্যায়ালয়ৰ গোৱা বিচাৰপীঠে। ২০২১ চনত নিম্ন আদালতে প্ৰদান কৰা খালাছৰ নিৰ্দেশ বাতিল কৰি উচ্চ ন্যায়ালয়ে এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।
ন্যায়াধীশ ড° নীলা গোখলে আৰু ন্যায়াধীশ অমিত জামছান্দেকাৰক লৈ গঠিত দ্বিসদস্যীয় খণ্ডপীঠে গোৱা চৰকাৰৰ আপীল গ্ৰহণ কৰি এই ৰায় ঘোষণা কৰে। ভাৰতীয় দণ্ডবিধিৰ (IPC) ৩৭৬(২)(f), ৩৭৬(২)(k), ৩৫৪A আৰু ৩৫৪B ধাৰাৰ অধীনত নিজৰ কনিষ্ঠ সহকৰ্মীক যৌন নিৰ্যাতন আৰু ধৰ্ষণ কৰাৰ অপৰাধত তেজপালক দোষী সাব্যস্ত কৰা হৈছে।
ৰায় ঘোষণাৰ সময়ত ৬২ বছৰীয়া তৰুণ তেজপাল নিজে আদালতত উপস্থিত আছিল। তেওঁ নিজকে এই ঘটনাৰ ‘ভুক্তভোগী’ বুলি দাবী কৰি নিজৰ বয়সলৈ চাই ন্যায়ালয়ৰ ওচৰত ৰেহাইৰ আবেদন জনায়। আনহাতে, তেজপালৰ অধিবক্তাই ঘটনাটো ১৩ বছৰ পুৰণি বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ত আপীল কৰাৰ সুবিধাৰ্থে এই ৰায়ৰ ওপৰত ৮ সপ্তাহৰ স্থগিতাদেশৰ অনুৰোধ জনায়।
ইফালে, তেজপালৰ ৰেহাই আবেদনৰ তীব্ৰ বিৰোধিতা কৰে চৰকাৰী পক্ষৰ অধিবক্তা তথা ভাৰতৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। তেওঁ যুক্তি দৰ্শাই কয়, “ভুক্তভোগী যুৱতীগৰাকী অভিযুক্তৰ নিজ জীয়ৰীৰ সমবয়সীয়া আছিল। যেতিয়া এগৰাকী মহিলাই ‘নহয়’ (No) বুলি কয়, তাৰ অৰ্থ সদায় ‘নহয়’। সমাজলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণৰ বাবেই এই গোচৰত কোনো ধৰণৰ ৰেহাই দিয়া উচিত নহয়।
২০১৩ চনৰ নৱেম্বৰ মাহত ‘তহেলকা’ৰ এগৰাকী কনিষ্ঠ সহকৰ্মীয়ে তেজপালৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ঘটনাৰ পিছতে তেজপালে ভুক্তভোগী মহিলাগৰাকীলৈ ইমেইল প্ৰেৰণ কৰি নিজৰ কাৰ্যৰ বাবে চৰ্তহীনভাৱে ক্ষমাও বিচাৰিছিল।
উল্লেখযোগ্য যে, পৰ্যাপ্ত প্ৰমাণৰ অভাৱ দৰ্শাই ২০২১ চনৰ মে’ মাহত মাপুচাৰ বিশেষ আদালতে তেজপালক সকলো অভিযোগৰ পৰা দোষমুক্ত কৰিছিল। নিম্ন আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই পৰৱৰ্তী সময়ত গোৱা চৰকাৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়ত চৰকাৰী পক্ষই অভিযোগ কৰে যে, নিম্ন আদালতে মূল অপৰাধৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে ভুক্তভোগী মহিলাগৰাকীৰ ঘটনা-পৰৱৰ্তী আচৰণকহে বিচাৰৰ আওতালৈ আনিছিল। আনকি তেজপালে প্ৰেৰণ কৰা ক্ষমা প্ৰাৰ্থনাৰ ইমেইলৰ দৰে গুৰুত্বপূৰ্ণ প্ৰমাণকো নিম্ন আদালতে সম্পূৰ্ণৰূপে আওকাণ কৰিছিল।





