DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকে উত্তাল কৰি ৰাখিছে মণিপুৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 31, 2022 7:15 pm
বিজেপিৰ টিকট বঞ্চিত প্ৰাৰ্থীৰ সমৰ্থকে উত্তাল কৰি ৰাখিছে মণিপুৰ
140
VIEWS
Share on FacebookShare on Twitter

বিজেপি কাৰ্যকৰ্তাৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে মণিপুৰ। ৰাস্তাত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ উপৰি কাৰ্যকৰ্তাসকলে নিজৰ দলৰে অফিচৰ ক্ষতিসাধন কৰিছে। বিজেপিশাসিত ৰাজ্যখনৰ এইদৰে ক্ষমতাধিষ্ঠ দলটোৰ কৰ্মীসকলে প্ৰতিবাদ কৰাটোৱে চকু কপালত তুলিছে অনেকৰে। দ্যা ফ্ৰণ্টিয়াৰ মণিপুৰ নামৰ কাকতখনত এই বিষয়ে সবিশেষ বাতৰি প্ৰকাশ হৈছে।

কেইবাখনো ৰাজ্যৰ দৰে মণিপুৰতো এতিয়া নিৰ্বাচনমুখৰ পৰিৱেশে বিৰাজ কৰিছে। বিজেপিয়ে ইতিমধ্যে ৰাজ্যখনৰ আটাইকেইখন বিধানসভা আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। ৩০ জানুৱাৰীত প্ৰকাশ পোৱা এই তালিকাত অন্তৰ্ভূক্ত কেইবাজনো প্ৰাৰ্থীক লৈ নাৰাজ হৈ পৰিছে স্থানীয় বিজেপি কাৰ্যকৰ্তাসকল।

ইয়াৰ কাৰণ হৈছে প্ৰাৰ্থীকেইজন ন-বিজেপি। তেওঁলোকে কংগ্ৰেছৰ পৰা নতুনকৈ বিজেপিত যোগদান কৰিছে। যোগদান কৰিয়েই নিৰ্বাচনৰ টিকেট লাভ কৰিবলৈ সক্ষম হৈছে। সেয়ে বিজেপিৰ পুৰণা কৰ্মীসকলে নিজ দলৰে নেতৃত্বৰ প্ৰতি প্ৰতিবাদ আৰম্ভ কৰিছে। বহুকেইজন টিকট প্ৰত্যাশী এই কৰ্মীসকলৰ ভিতৰত আছে বুলি জানিব পৰা গৈছে। তেওঁলোকে নিজা নিজা সমষ্টিৰ মণ্ডল অফিচসমূহত ক্ষতিসাধন কৰা দেখা পোৱা গৈছে।

ভাইৰেল হৈ পৰা ভিডিঅ’সমূহত দেখা গৈছে যে কাৰ্যকৰ্তাসকলে নিজৰ দলৰে পতাকা আৰু বেনাৰসমূহ জ্বলাই পেলাইছে। কাৰ্যকৰ্তাসকলৰ এই প্ৰতিবাদক ভয় কৰি ইম্ফলস্থিত বিজেপি কাৰ্যালয়ত বৃহৎসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

বিজেপিৰ প্ৰাৰ্থী তালিকাৰ পৰা কেইবাজনো কাৰ্যকাল চলি থকা বিজেপি বিধায়কক বাদ দিয়া হৈছে। তেওঁলোকৰ বিপৰীতে কংগ্ৰেছৰ পৰা যোৱা কেইবাজনো ন-বিজেপিয়ে প্ৰাৰ্থীত্ব লাভ কৰিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে ৰাজ্যখনৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী অক্ৰাম ইববিৰ ভতিজাক অক্ৰাম হেনৰী সিং। আনহাতে, প্ৰাৰ্থীত্ব নাপাই বিজেপিৰ কেইবাজনো নেতাই ইতিমধ্যে কংগ্ৰেছ, জেডিইউকে ধৰি বিৰোধী দলসমূহত যোগদান কৰিছে।

উল্লেখযোগ্য যে মণিপুৰত ২৭ ফেব্ৰুৱাৰীৰ পৰা নিৰ্বাচন অনুষ্ঠিত হ’ব। মুঠ ৬০ খন আসন থকা সীমামূৰীয়া এই ৰাজ্যখনত এন বিৰেন সিং নেতৃত্বাধীন বিজেপি চৰকাৰক উফৰাবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে বিৰোধী দলসমূহে। ইতিমধ্যে কংগ্ৰেছে ৪০ জনীয়া প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। দলটোৱে বাওঁপন্থী দলসমূহৰ স’তে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা শুনিবলৈ পোৱা গৈছে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd