• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬ অক্টোৱৰত মন্ত্রী হিমন্ত বিশ্ব শর্মাক শিৱসাগৰত পিঠা খুৱাব বেতন বঞ্চিত শিক্ষকে, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2020 5:42 pm
a school
474
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ দীর্ঘদীনিয়া সমস্যাটো অৱশেষত অসম চৰকাৰে সমাধান কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্রহণ কৰিছে । স্বাভাৱিকতে ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সকল উৎফুল্লিত হৈ পৰা দেখা গৈছে ।

দীর্ঘদীনিয়া সমস্যাটো সমাধানৰ ক্ষেত্রত অসম চৰকাৰে গ্রহণ কৰা ঐতিহাসিক সিদ্ধান্তৰ বাবে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগ, কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁই আৰু কেন্দ্ৰীয় সভানেত্রী হেমাঞ্জলী ভুঞা দত্তই মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাৰ লগতে অসম চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

তাৰোপৰি অবিভক্ত শিৱসাগৰ জিলাৰ সন্মানীয় বিধায়ক ক্ৰমে কুশল দুৱৰী, প্ৰদীপ হাজৰিকা, সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্রী যোগেন মহন ডাঙৰীয়াৰ মুখ্য উদ্যোগৰ বাবে ই সম্ভৱ হৈ উঠিল বুলি জানিবলৈ দিছে সাধাৰণ সম্পাদক বসন্ত নেওগে ।তেওঁলোকলৈও সন্থাৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰাৰ বিষয়ে সদৰী কৰিছে ।

ৰাজ্যৰ বেতন বঞ্চিত শিক্ষক সকলৰ সমগ্র সমস্যাটো চৰকাৰ আৰু জনসাধাৰণৰ দৃষ্টিগোচৰ কৰাৰ ক্ষেত্রত অসমৰ বিভিন্ন প্ৰান্তৰ সন্মানীয় সাংবাদিক সকলৰ অৱদান অপৰিসীম । এই ক্ষেত্রত শিৱসাগৰ জিলাৰ যৌথ সংগ্রামী মঞ্চৰ অন্তভুর্ক্ত প্ৰতিটো সংগঠনৰ অভূতপূর্ব সঁহাৰি আৰু পূৰ্ণ সহযোগিতাৰ চিৰদিন স্মৰণীয় আৰু চিৰকৃতজ্ঞ হৈ ৰোৱাৰ উপৰিও সন্মিলনী, বিভিন্ন দল সংগঠন, শিক্ষক কৰ্মচাৰী সংগঠনৰ ভূমিকাকো কৃতজ্ঞতা জনাইছে সম্পাদক বসন্ত নেওগে ।

সমস্যা সমাধানৰ ক্ষেত্রত বিভিন্ন সময়ত পৰামর্শ আগবঢ়াই অহা শিৱসাগৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া আব্দুল জেলিল ডাঙৰীয়াকো কৃতজ্ঞতা জ্ঞাপন কৰিছে সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই ।
প্ৰায় দুটা দশকজোৰা এটা সমস্যা সমাধান কৰাৰ বাবে বিত্ত তথা শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাৰ লগতে আৰু শিৱসাগৰ জিলাৰ দুগৰাকী বিধায়ক ক্ৰমে প্ৰদীপ হাজৰিকা, কুশল দুৱৰী,আৰু মন্ত্রী যোগেন মহনক শিৱসাগৰ জিলা বেতন বঞ্চিত শিক্ষক সকলে অহা ১৬ অক্টোবৰত শিৱসাগৰৰ যুৱ দলত আদৰণি জনাব ।

উল্লেখ্য যে কিছু দিনৰ পূর্বে বিত্তমন্ত্রী হিমন্ত বিশ্ব শর্মা নাজিৰা ভ্রমণৰ সময়ত নাজিৰাৰ শিক্ষয়িত্রী সকলক পিঠা খুৱাব লাগিব বুলি এক ধেমেলীয়া মন্তব্য কৰিছিল । সেই অনুসৰি শিক্ষক সন্থাৰ উপ-সভানেত্রী মধুস্মৃতি গগৈ আৰু নাজিৰাৰ শিক্ষয়িত্রী সকলে ১৬ অক্টোবৰত মন্ত্রী হিমন্ত বিশ্ব শর্মাক পিঠা খুৱাবৰ বাবে ও প্ৰস্তুতি চলাইছে বুলি সম্পাদক বসন্ত নেওগে জানিবলৈ দিছে । উল্লেখ্য যে ৰাজ্যখনৰ শিক্ষক সকলৰ দীর্ঘদীনিয়া সমস্যাটো সমাধান হোৱাৰ পথত যদিও কিছু আসোঁৱাহ ৰৈ যোৱা দেখা গৈছে বুলি জানিব পৰা গৈছে ।

থাকি যোৱা আসোঁৱাহ বোৰ দুৰ কৰিবৰ বাবে ১৬ অক্টোবৰ দিনা মন্ত্রী গৰাকীক আবেদন জনাব বুলি সন্থাৰ সাধাৰণ সম্পাদক বসন্ত নেওগ আৰু কাৰ্যকৰী সভাপতি কুশল বুঢ়াগোহাঁয়ে জানিবলৈ দিছে । গতিকে অবিভক্ত শিৱসাগৰ জিলাৰ সকলো শিক্ষককে আদৰণি অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে আহ্বান জনাইছে ।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd