• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাঠদান এৰি অৰুণোদয়ৰ ভেৰিফিকেশ্বনৰ কামত নিয়োগ শিক্ষকক! হিমন্ত চৰকাৰৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ জীৱন ধ্বংস কৰাৰ অভিযোগ ডিৱাইএফআই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2025 7:20 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক লাভৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনলৈ অন্ধকাৰ ভৱিষ্যত কঢ়িয়াই অনাৰ লগতে মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহ নি:শেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। বিশ্বমানৰ শিক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰখনে এইবাৰ ডেৰৰ পৰা দুই শতাধিক শিক্ষকক অৰুণোদয় আঁ‌চনিৰ হিতাধিকাৰীৰ নথিপত্ৰ পৰীক্ষণৰ (ভেৰিফিকেশ্বন) কামত নিয়োজিত কৰিবলৈ ওলাইছে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে চৰকাৰৰ এনে ছাত্ৰ-ছাত্ৰী বিৰোধী পদক্ষেপত স্তম্ভিত হৈ পৰিছে আৰু এয়া মাতৃভাষা মাধ্যমৰ চৰকাৰীখণ্ডৰ বিদ্যালয়সমূহ ধ্বংসৰ গভীৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। খবৰ অনুসৰি গুৱাহাটীৰ প্ৰতিখন বিদ্যালয়ৰ পৰা দুই-তিনিজনকৈ শিক্ষকক এই কামৰ বাবে বাছনি কৰি আজিৰে পৰা প্ৰশিক্ষণ আৰম্ভ কৰিছে। শিক্ষকসকলে ৫/৬ দিন শিক্ষাদানৰ পৰা বিৰত থাকি অৰুণোদয় আঁ‌চনিৰ হিতাধিকাৰীৰ নথিপত্ৰ পৰীক্ষা কৰিব লাগিব। এনে অনাশৈক্ষিক কামৰ বাবে শিক্ষকসকলক নিৰ্বাচিত কৰাক লৈ গভীৰ ৰহস্য সৃষ্টি হৈছে। শিক্ষাদানৰ গুণগত মান উন্নত কৰা, বিদ্যালয়ৰ ফলাফল বেয়া হ’লে শিক্ষকক ৰাজহুৱাভাৱে ককৰ্থনা কৰি ৰাইজৰ বাহ: বাহ: লোৱাৰ চেষ্টা কৰাৰ সময়তে শিক্ষকক আঁ‌চনিৰ কামত জড়িত কৰা কাৰ্যত চৰকাৰখনৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে।

Apply Now

আন এক আজব ঘটনা অনুসৰি আজি প্ৰায় ডেৰ-দুই মাহ ধৰি গুৱাহাটীৰ ডেৰ শতাধিক শিক্ষকক ই-কক্ষৰ টিউটৰিয়েল ক্লাছৰ ভিডিও ৰেকৰ্ডিঙৰ নামত শিক্ষাদানৰ পৰা আঁ‌তৰাই ৰাখিছে। এটা ব্যক্তিগত বেচৰকাৰী প্ৰতিষ্ঠান (এনজিও)ৰ কামত চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষকক ব্যস্ত ৰখাৰ বিষয়টো আশ্চৰ্যজনক। ব্যক্তিগত উক্ত প্ৰতিষ্ঠানৰ মূৰব্বীৰ সৈতে শিক্ষা বিভাগৰ বৰমূৰীয়াৰ সু-সম্পৰ্ক থকাৰ বাবেই এনেদৰে শ্ৰেণীকোঠা এৰি কোনো বিকল্প ব্যৱস্থা নকৰাকৈ বৃহৎ সংখ্যক শিক্ষকে এন জি অ’ৰ কামত নিয়োজিত হৈ থাকিব পাৰিছে। এই শিক্ষকসকলে শীঘ্ৰে এন জি অ’ৰ কামৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা কম। ইয়াৰ ফলত পাঠদানৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলে অন্ধকাৰ ভবিষ্যতৰ দিশে আগবাঢ়িছে।

আচৰিত কথা যে যোৱা ১৫ ফেব্ৰুৱাৰী তাৰিখে হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলক স্থায়ী নিযুক্তি পত্ৰ বিতৰণৰ দিনাও প্ৰতিখন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা কমেও দুজনকৈ শিক্ষক উপস্থিত হ’বলৈ এক অলিখিত নিৰ্দেশ দিয়া হৈছিল। এনেবোৰ কাৰ্যই প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰে ৰাজহুৱা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংসৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ৰাজ্যৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যতৰ লগত জড়িত আৰু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আনিব পৰা এনে কাৰ্যৰ বিৰুদ্ধে বিধানসভাত বিষয়টো উত্থাপন কৰি চৰকাৰৰ ওপৰত হেঁ‌চা প্ৰয়োগ কৰিবলৈ ডি ৱাই এফ আইয়ে বিৰোধী সকলো বিধায়কৰ প্ৰতি আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd