ৰেল’ৱে নিযুক্তি কেলেংকাৰীৰ গোচৰত এইবাৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিযান চলাইছে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ দিল্লীস্থিত বাসস্থানত। ভূ-সম্পত্তিৰ বিনিময়ত চাকৰি দিয়া বুলি উত্থাপিত গোচৰত এনফৰ্চমেণ্ট ডাইৰেক্টৰেট আজি পুৱা ৮.৩০ বজাৰ পৰা তেজস্বী যাদৱৰ নতুন দিল্লীৰ নিউ ফ্ৰেণ্ডছ কলনীত থকা বাসগৃহত তালাচী চলাইছে।
এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে সমান্তৰালভাৱে সমাজবাদী পাৰ্টিৰ নেতা জিতেন্দ্ৰ যাদৱৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত থকা বাসগৃহতো অভিযান চলাইছে। উল্লেখ্য যে, জিতেন্দ্ৰ যাদৱ তেজস্বী যাদৱৰ ভগ্নী তথা লালু প্ৰসাদ যাদৱৰ কন্যা ৰাগিনীৰ স্বামী।
ইতিমধ্যে এই গোচৰত চিবিআই-এ একেৰাহে তেজস্বীৰ পিতৃ-মাতৃ তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু ৰাবৰি দেৱীক জেৰা কৰিছে। লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে জড়িত এই ৰে’লৱে নিযুক্তি কেলেংকাৰীৰ গোচৰত তিনিখন ৰাজ্যৰ ১৫ টাতকৈও অধিক স্থানত তালাচী চলাইছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে।
উল্লেখ্য যে, যোৱা ৭ মাৰ্চত চিবিআই- এ প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু যাদৱক দিল্লীত পাঁচ ঘণ্টা ধৰি জেৰা কৰিছিল। ইয়াৰ এদিন পূৰ্বে তদন্তকাৰী সংস্থাটোৱে ৰাবৰি দেৱীক পাটনাৰ বাসগৃহত সোধা-পোছা কৰিছিল। কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ কাৰ্যকালত তদানীন্তন ৰে’লমন্ত্ৰী লালু প্ৰসাদ যাদৱসহ তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চিবিআই- এ দুয়োগৰাকীকে জেৰা চলাইছিল।
চিবিআই- ৰ এই গোচৰত লালু প্ৰসাদ যাদৱ, ৰাবৰি দেৱী আৰু তেওঁলোকৰ কন্যা মিছা আৰু হেমাৰ লগতে আন ১২ গৰাকী অভিযুক্তৰ নাম উল্লেখ আছে। ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ছোৱাত তেওঁলোকে ৰেল’ৱে চাকৰিত নিযুক্তি দিয়াৰ বিনিময়ত ভূ-সম্পত্তি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
যোৱা বৰ্ষৰ জুলাই মাহত যাদৱৰ সহায়ক তথা প্ৰাক্তন বিশেষ কৰ্তব্যৰত বিষয়া ভোলা যাদৱক এই গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। চিবিআইয়ে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ভিত্তিত ১৬ গৰাকী লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে। ১৫ মাৰ্চত আটাইকেইগৰাকী অভিযুক্তক আদালতে চমন জাৰি কৰিছে।