DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গৰাকীক হত্যা : হত্যাকাৰী কুকৰাটোক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে; হাজিৰ কৰাব আদালতত!

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2021 4:09 pm
Jagtiyal-Rooster-Telangana-court-cockfighting
492
VIEWS
Share on FacebookShare on Twitter

গৰাকীক হত্যা কৰাৰ অভিযোগত অভিযুক্ত এটা কুকুৰাক আৰক্ষীয়ে আদালতত হাজিৰ কৰাব।

ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত কুকুৰাটোক গৰাকীৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বুলি সম্প্ৰচাৰিত বাতৰি খণ্ডন কৰিছে আৰক্ষীয়ে।

স্মৰ্তব্য যে যোৱা ২২ ফেব্ৰুৱাৰিত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল।

ঘটনাৰ বিৱৰণী অনুসৰি তেলেংগনাৰ জগিটাল জিলাৰ গোল্লাপাল্লী আৰক্ষী থানাৰ অন্তৰ্গত লাথুনুৰ মন্দিৰৰ সমীপত এখন অবৈধ কুকুৰা যুঁজ আয়োজন কৰা হৈছিল।

উক্ত কুকুৰা যুঁজত অংশগ্ৰহণৰ বাবে থানুগোল্লা সতীশ নামৰ ৪৫ বছৰীয়া এগৰাকী ব্যক্তিয়ে নিজৰ কুকুৰাটো সাজু কৰিবলৈ ঠেঙত চুৰি বান্ধি আছিল।

কুকুৰাটোৰ ঠেঙত চুৰিখন বান্ধি থকা অৱস্থাতে হঠাতে কুকুৰাটোৱে গৰাকী সতীশক আক্ৰমণ কৰে আৰু চোকা চুৰিখনে সতীশৰ কৰঙনৰ চুকত আঘাত কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সতীশক স্থানীয় গোল্লাপল্লী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

ঘটনাৰ পিছতে শুকুৰবাৰে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত কুকুৰাটোক আৰক্ষী থানালৈ লৈ আনে। ইয়াৰ পিছতে স্থানীয় বৈদ্যুতিন সংবাদ মাধ্যমত কুকুৰাটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি বাতৰি সম্প্ৰচাৰ হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে যে ঘটনা সন্দৰ্ভত কুকুৰাটোক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অৱশ্যে তেওঁলোকে কুকুৰাটোক আদালতত হাজিৰ কৰাব।

গোল্লাপল্লী আৰক্ষী থানাৰ বিষয়া বি জীৱনে প্ৰকাশ কৰা অনুসৰি কুকুৰাটোক গ্ৰেপ্তাৰ আৰু আটক কৰা হোৱা নাই। কুকুৰাটোক নিৰাপদে ৰখাৰ স্বাৰ্থতেই তেওঁলোকে কুকুৰাটোক থানালৈ আনি সুৰক্ষিত অৱস্থাত ৰাখি স্থানীয় এখন কুকুৰা ফাৰ্মলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে তেলেংগনাত ইতিমধ্যে কুকুৰা যুঁজ নিষিদ্ধ কৰা হৈছে। কোনো কোনো ঠাইত প্ৰশাসনৰ চকুত ধূলি দি অবৈধভাৱে কুকুৰা যুঁজ আয়োজন কৰি আহিছে কিছু লোকে।

২২ ফেব্ৰুৱাৰিতো প্ৰশাসনৰ চকুত ধূলি দি অবৈধভাৱে কুকৰা যুঁজৰ আয়োজন কৰা হৈছিল আৰু তেতিয়াই এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।

ইফালে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে লাথুনুৰত আয়োজন কৰা অবৈধ কুকুৰা যুঁজৰ আয়োজকক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱা হ’ব।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd