DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শ্ৰমিকৰ মজুৰিকলৈ বোকাখাতৰ মেথনি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

উত্তম শইকীয়া ,বোকাখাত by উত্তম শইকীয়া ,বোকাখাত
October 30, 2021 4:45 pm
1.7k
VIEWS
Share on FacebookShare on Twitter

শ্ৰমিকৰ মজুৰিক কেন্দ্ৰ কৰি শনিবাৰে বোকাখাত মহকুমাৰ মেথনি চাহ বাগিচাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

চাহ বাগিচাখনৰ পৰিচালক চি জে ফাৰ্ণাণ্ডেজৰ লগত শ্ৰমিকৰ মজুৰি প্ৰদানক লৈ ২৯ অক্টোবৰৰ নিশা সৃষ্টি হোৱা বাক বিতণ্ডাৰ পিচত শনিবাৰে পুৱাৰে পৰা প্ৰাপ্য মজুৰিৰ বাবে বাগিচা খনৰ ফেক্টৰীৰ সন্মুখত শ্ৰমিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

শ্ৰমিক সকলৰ মতে মেথনি চাহ বাগিচাৰ কৰ্তৃপক্ষই অন লাইন ব্যৱস্থাৰে বেংকৰ এ টি এমৰ যোগে মজুৰি প্ৰদান কৰাৰ বাবে বজাৰ সমাৰ কৰাৰ বাবে শ্ৰমিক সকলৰ বিভিন্ন সমস্যা হয় ৷

এই বিষয়ে বাগিচা কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও শ্ৰমিক সকলৰ সমস্যাক গুৰুত্ব দিয়া নাছিল বাগিচাখনৰ পৰিচালক গৰাকীয়ে ।

শনিবাৰে বাগিচা শ্ৰমিক সকলে মজুৰি এ টি এমৰ পৰিৱৰ্তে পূৰ্বৰ দৰে নগদ ধন হিচাপে দিবলৈ দাবী জনায় । ইয়াকে লৈ পৰিস্থিত উত্তপ্ত হৈ পৰে ৷

শ্ৰমিক সকলে ফেক্টৰীৰ সমুখতে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীত ক্ষোভিত শ্ৰমিকসকলে তেওঁলোকৰ সমস্যা সমাধানৰ কোনো কাৰ্যব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ তুলি আৰু শ্ৰমিক সকলক কেৱল ৰাজনৈতিক স্বাৰ্থতহে ব্যৱহাৰ কৰাৰ অভিযোগত অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক তপন কৰ্মকাৰৰ প্ৰতিকৃতি দাহ কৰে ।

পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত বোকাখাতৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ শ্ৰমিক সকলৰ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহন কৰাতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয় ৷

প্ৰতিবাদস্থলীত বোকাখাতৰ দণ্ডাধীশে আলোচনাৰ মাজেৰে শ্ৰমিকৰ দাবীসমূহ পুৰণ তথা সমস্যা সমাধানৰো আশ্বাস প্ৰদান কৰে ।

উল্লেখযোগ্য যে, মেথনি চাহ বাগিচাৰ পৰিচালকৰ সৈতে শ্ৰমিকৰ সংঘাত পূৰ্বতেও হৈছিল ৷

সেই সময়ত পৰিচালকজনে বাগিচাৰ মহিলা শ্ৰমিকক অশালীন আচৰণ কৰা, শ্ৰমিকক শাৰিৰীক ভাৱে প্ৰহাৰ কৰা আদি অভিযোগ উত্থাপিত হৈছিল আৰু কাৰাবাসো খাটিব লগা হৈছিল পৰিচালকগৰাকীয়ে ৷

Recent News

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd