টীয়কবাসীৰ আবেগ জড়িত থকা সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়ামত টীয়কৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সংবাদ মেল সম্বোধন কৰি বেদখল সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য ফাদিল কৰিলে ।
টীয়কৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সংবাদ মেলত জনায় যে ষ্টেডিয়ামক ভূমি আৱন্টন দিয়াৰ প্ৰায় ছয় বছৰৰ আগৰ পৰাই নিৱনুৱা শিক্ষিত যুৱকে কৰ্মসংস্থাপনৰ অভাৱত চৰকাৰী চন পৰা মাটিত আৰম্ভ কৰিছিল চাহখেতি ।
চৰকাৰী তথ্যত যদিও ২৫ বিঘা ভূমি ষ্টেডিয়ামৰ নামত আৱন্টন আছে প্ৰকৃততে চৰকাৰী ধন ব্যৱহাৰৰ বাবে মাত্ৰ ১০ বিঘা মাটিতেই চাৰিসীমাৰ পকী দেৱাল মাৰি একাংশ সুবিধাবাদীয়ে পুঁজিৰ শৰাধ পাতিলে বুলি ক্ষোভ প্ৰকাশ কৰে টীয়ক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই।
টীয়ক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অভিযোগ কৰে যে কাগজে পত্ৰেহে ২৫ বিঘা ভূমি আছে, কিন্তু চক্ৰ বিষয়া কাৰ্যালয়ৰ মেপত নিৰ্দিষ্ট কোনো দাগ ষ্টেডিয়ামৰ নামত কাটি থোৱা নাই ।
যাৰ বাবে বিধায়িকাগৰাকীয়ে আজিও সিংহযুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়াম ক্ৰীড়া প্ৰকল্পটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। ৰাজহুৱা স্বাৰ্থত বৰ্তমান চাহ খেতি কৰা সম্পূৰ্ণ ভূমি এৰি দিলেও উক্ত স্থানত ২৫ বিঘা ভূমি নোলায় বুলি দাবী কৰিছে সন্থাটোৱে।
তৎসত্বেও প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় ভূমিত বৰ্তমানো বহি থকা মুক্তিযোদ্ধাৰ পৰিয়াল,বিদ্যালয়কে ধৰি ভুক্তভোগী
পৰিয়ালকেইটাক উচিত ক্ষতিপূৰণ দি সংস্থাপিত কৰিবলৈ পৰামৰ্শ চৰকাৰলৈ।
ষ্টেডিয়ামখন নিৰ্মাণৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই সম্পূৰ্ণ সহযোগিতা কৰিব বুলি প্ৰতিশ্ৰুতি দি অনতিপলমে ৰাজ্যৰ ক্ৰীড়া বিভাগ তথা চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।