• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সাৰ তামুলপুৰত অগ্নি মানৱৰ তাণ্ডৱ; জ্বলাই দিলে দুচকীয়া বাহন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2021 7:38 pm

2 min read

বাক্সাৰ তামুলপুৰত অগ্নি মানৱৰ তাণ্ডৱ; জ্বলাই দিলে দুচকীয়া বাহন
198
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাত অতি সম্প্ৰতি অগ্নি মানৱৰ (ফায়াৰ মেন) তাণ্ডৱে তীব্ৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে।

১ জানুৱাৰিৰ নিশা আচিনাক্ত দুৰ্বৃত্তই কুমাৰীকাটা ডন বক্স’ বিদ্যালয় চৌহদত মনিফেছ বেচৰা নামৰ এগৰাকী।শিক্ষকৰ ঘৰৰ বাৰাণ্ডাত থকা এখন বাইক জ্বলোৱাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ শুকুৰবাৰে নিশা প্ৰায় ১১-০০ বজাত নাগ্ৰীজুলি আৰক্ষী চকীৰ অধীনৰ বাল্টিপাৰ গাঁৱত এটি পৰিয়ালৰ বাৰাণ্ডাত থকা এখন স্কুটি জ্বলাই দিয়ে।

জানিব পৰা মতে, শুকুৰবাৰে নিশা বাল্টিপাৰ গাঁও নিবাসী বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ সমাজকৰ্মী ঘনশ্যাম খনালৰ ঘৰৰ বাৰাণ্ডাত গ্ৰীলৰ বেৰৰ ভিতৰত থকা এ এছ- ০১-বি পি-৮০৯৫ নম্বৰৰ স্কুটি খনত অগ্নি সংযোগ কৰে।

নিশা ডাউদাউকৈ জুই জ্বলাত পোহৰ দেখা পাই ঘনশ্যাম খনাল সহ পৰিয়ালৰ লোক বাহিৰলৈ ওলাই আহে আৰু বহু চেষ্টা কৰি স্কুটি খনৰ জুই নূমুৱাবলৈ সক্ষম হয়।

দুৰ্বৃত্তই ঘনশ্যাম খনালৰ পদূলিত থকা ধান খেৰৰ দম এটাটো অগ্নি সংযোগ কৰে।

পৰিয়ালটোৰ হাঁহাকাৰ শুনি নিশা ওচৰ চুবুৰীয়া আহি ঘনশ্যামৰ ঘৰৰ চৌহদত উপস্থিত হয় আৰু জুই নিৰ্বাপন কৰে।

ঘনশ্যাম খনালে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে স্কুটি খনৰ ওচৰত দুটা গেছ  ভৰ্তি ছিলিণ্ডাৰ আছিল আৰু সময়মতে সাৰ পোৱাৰ বাবে ভয়াবহ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে পৰিয়ালটো।

নিশাই ঘটনাৰ সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষীক খবৰ দিয়াত নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাস মালাকৰৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ বুজে লয়।

আজি পুৱা ঘনশ্যাম খনালে নাগ্ৰীজুলি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

ইপিনে, একে নিশাই নাগ্ৰীজুলি বজাৰস্থিত নিকুঞ্জ দাসৰ দোকানৰ বেৰ ভাঙি আছিনাক্ত দুৰ্বিত্বই প্ৰৱেশ কৰি নগদ ধনৰ লগতে দোকানৰ ভিতৰত থকা কেইবাহাজাৰ টকাৰ বহু মূল্যবান সামগ্ৰী লুটি নিয়ে।

ইয়াৰ উপৰিও কালি নিশাৰ ভাগতেই দুৰ্বৃত্বৰ দলে বাল্টিপাৰ গাঁওৰ দুৰ্গা দুলালৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰি পানী যোগানৰ বানে ব্যৱহাৰ কৰা এটি মটৰ চুৰি কৰি নিয়াৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়।

নিশা নাগ্ৰীজুলি অঞ্চলত সংঘটিত হোৱা কেইবাটাও ঘটনাৰ পিছত সমগ্ৰ নাগ্ৰীজুলি অঞ্চলত আতংক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে।

দুৰ্বৃত্বৰ দলক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ বাবে অঞ্চলটোৰ ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে।

ঘটনাৰ সন্দৰ্ভত নাগ্ৰীজুলি আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd