• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে পোহৰলৈ আহিছে কেতবোৰ নতুন তথ্য …স্বচ্ছ প্ৰশাসনৰ দাবীত তীব্ৰতৰ হৈছে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 18, 2025 4:07 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য শম্ভু নাথ সিঙৰ সঘন অনুপস্থিতি আৰু প্ৰশাসনিক দুৰ্বলতাৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীয়ে চলাই থকা আন্দোলনে নতুন পাক লৈছে। বিশ্ববিদ্যালয়খন এতিয়া এক গভীৰ সংকটৰ সন্মুখীন হৈছে। শৈক্ষিক পৰিৱেশ উশৃঙ্খল হোৱাৰ লগতে প্ৰশাসনিক বিশৃংখলতাও দেখা গৈছে।

প্ৰকাশিত তথ্য অনুসৰি, ২০২৩ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে মুঠ ৫১বাৰ চৰকাৰী ভ্ৰমণ কৰিছে। তেওঁ এই সময়ছোৱাত মুঠ ৩৮৮দিনেই কেম্পাছৰ বাহিৰত আছিল। বেছিভাগ সময় নতুন দিল্লী ভ্ৰমণ কৰাৰ কথা নথিপত্ৰত প্ৰতিফলিত হৈছে, ইয়াৰোপৰি জয়পুৰ, গুৱাহাটী আৰু অন্য স্থানলৈও ভ্ৰমণ কৰাৰ তথ্য পোহৰলৈ আহিছে। গড় হিচাপত তেওঁ প্ৰতিমাহে ১৬দিনকৈ কেম্পাছৰ বাহিৰত থাকিছিল বুলি অভিযোগ উঠিছে। তেওঁ কৰা আটাইতকৈ দীঘলীয়া ভ্ৰমণ আছিল ২০২৫ চনৰ ৪ ফেব্ৰুৱাৰী পৰা ২৫ ফেব্ৰুৱাৰীলৈ ২২দিনৰ।

Apply Now

ছাত্ৰ সমাজে অভিযোগ উত্থাপন কৰি কয়, উপাচাৰ্যৰ এই সঘন অনুপস্থিতিৰ ফলত বিশ্ববিদ্যালয়ত প্ৰশাসনিক স্থবিৰতাৰ সৃষ্টি হৈছে। বহুকেইটা একাডেমিক আৰু উন্নয়নমূলক সিদ্ধান্ত পলম হোৱা লগতে মানৱ সম্পদ, পৰীক্ষা, হোষ্টেল আৰু আর্থিক বিভাগত অসন্তোষ বৃদ্ধি পাইছে। উপাচাৰ্যৰ সৈতে যোগাযোগৰ সুযোগ কমি যোৱাৰ ফলত শীৰ্ষ নেতৃত্ব আৰু ছাত্ৰ-ছাত্ৰী, শিক্ষক তথা কৰ্মচাৰীসকলৰ মাজত গভীৰ দ্বন্দ্ব সৃষ্টি হৈছে।

৮ অক্টোবৰ তাৰিখে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ অব্যাহত ৰাখি উপাচাৰ্যৰ শৈক্ষিক কৰ্তব্যত গাফিলতি আৰু দায়িত্বহীনতাৰ অভিযোগ তোলে। তেওঁলোক উপাচাৰ্যৰ পদত্যাগ আৰু বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিচালনাত স্বচ্ছতা আৰু জবাবদিহিতা স্থাপন কৰিবলৈ শিক্ষা মন্ত্ৰালয়ক হস্তক্ষেপৰ আহ্বান জনায়।

আন্দোলন তীব্ৰতৰ হোৱাৰ বাদে পিছত ১৬ অক্টোবৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্ৰীতম দেৱে পদত্যাগ কৰে। লগতে ভাৰপ্ৰাপ্ত উপাচাৰ্য হিচাপে দায়িত্ব লৈছিল অধ্যাপক ৰাজা ৰফিকুল হক। কিন্তু এই পদবিন্যাসে অপৰিকল্পিত অৱস্থাৰ সৃষ্টি কৰিছে বুলি অভিযোগ উঠিছে। বহু কৰ্মচাৰী আৰু অধ্যাপকে এই প্ৰশাসনিক সালসলনি বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাপনাৰ ওপৰত আঘাত হানিছে।

ইতোমধ্যে শিক্ষক মহলৰ একাংশই সঙ্কট সমাধানৰ বাবে আলোচনা আৰম্ভ কৰাৰ আহ্বান জনাইছে। অৱশ্যে উপাচাৰ্য শম্ভু নাথ সিঙ বা বিশ্ববিদ্যালয়ৰ তথ্য আৰু জনসংযোগ বিভাগে এই অভিযোগসমূহৰ বিষয়ে এতিয়ালৈকে কোনো মন্তব্য কৰা নাই।

উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়খনৰ এই অৱস্থা কেতিয়ালৈ চলিব আৰু কেন্দ্রীয় চৰকাৰে ইয়াত কিধৰণৰ ভূমিকা গ্ৰহণ কৰিব, তাক লৈ সম্প্ৰতি কৌতূহল বৃদ্ধি পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

১২৬ বছৰৰ ভিতৰত পঞ্চমটো আটাইতকৈ খৰাং জুন মাহ, বৰষুণৰ অভাৱত চিন্তাত কৃষক

June 30, 2026 5:42 pm
এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm
সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

সময় ৰাইনাৰ শ্ব’ক সমালোচনা অভিজিৎ দিপকেৰ: ক’লে ‘প্ৰিভিলেজড’ , ছ’চিয়েল মিডিয়াত তীব্ৰ প্ৰতিক্ৰিয়া

June 30, 2026 6:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd