• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2025 10:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে নিশা তেলেংগানাৰ হায়দৰাবাদৰ হাইটেক্স প্ৰদৰ্শনী কেন্দ্ৰত অনুষ্ঠিত হয় ৭২ সংখ্যক মিছ ৱৰ্ল্ড ২০২৫ৰ গ্ৰেণ্ড ফিনালে। এই সন্মানীয় প্ৰতিযোগিতাত থাইলেণ্ডৰ অ’পাল সুচাটা চুৱাংশ্ৰীয়ে ২০২৫ চনৰ মিছ ৱৰ্ল্ডৰ খিতাপ লাভ কৰে। প্ৰতিনিধিত্ব কৰা ১০৮খন দেশ তথা অঞ্চলৰ ভিতৰত তেওঁ শ্ৰেষ্ঠ হিচাপে খিতাপ অৰ্জন কৰে।

প্ৰতিযোগিতাত মাৰ্টিনিকৰ অৰেলি জোৱাচিমে চতুৰ্থ, পোলেণ্ডৰ মাজা ক্লাজডা তৃতীয় আৰু ইথিওপিয়াৰ হাছেট ডেৰেজে আদামছুৱে দ্বিতীয় স্থান লাভ কৰে। ভাৰতৰ নন্দিনী গুপ্তাই শীৰ্ষ ৮ ৰ ভিতৰত স্থান লাভ কৰিব নোৱাৰিলেও ইয়াৰ পূৰ্বে এছিয়া আৰু অ’চেনিয়াৰ পৰা টপ মডেল চেলেঞ্জত শীৰ্ষ চাৰিটা স্থান দখল কৰিছিল।

Apply Now

হায়দৰাবাদৰ হাইটেক্স প্ৰদৰ্শনী কেন্দ্ৰত সন্ধিয়া ৬:৩০ বজাৰ পৰা আৰম্ভ হয় ৭২ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতা। গ্ৰেণ্ড ফিনালেৰ আৰম্ভণিতে ১০৮ জন প্ৰতিনিধিৰ পৰিচয় দিয়া হয়, প্ৰত্যেকেই নিজৰ দেশৰ সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰে। প্ৰথম ৰাউণ্ডৰ অন্তত উপস্থাপকসকলে প্ৰতিখন মহাদেশৰ শীৰ্ষ ১০ জন প্ৰতিনিধিৰ নাম ঘোষণা কৰে।

ইয়াৰ পিছত প্ৰতিযোগিতাখন বিভিন্ন ৰাউণ্ডৰ মাজেৰে আগবাঢ়িছিল, য’ত আছিল টেলেণ্ট চেলেঞ্জ, বিউটি উইথ এ পাৰ্পজ, মাল্টিমিডিয়া চেলেঞ্জ আৰু টপ মডেল চেলেঞ্জ। এই ৰাউণ্ডসমূহত প্ৰতিনিধিসকলৰ শাৰীৰিক সৌন্দৰ্য্যৰ লগতে তেওঁলোকৰ প্ৰতিভা, সামাজিক প্ৰভাৱ আৰু সাংস্কৃতিক প্ৰতিনিধিত্বৰ মূল্যায়ন কৰা হয়।

প্ৰতিযোগিতাৰ অন্তিম পৰ্যায়ত শীৰ্ষ ৪ গৰাকী প্ৰতিনিধিৰ নাম ঘোষণা কৰা হয়। এই চাৰিগৰাকী আছিল মাৰ্টিনিক (আমেৰিকা আৰু কেৰিবিয়ান)ৰ অৰেলি জোৱাচিম, ইথিওপিয়াৰ হেছেট ডেৰেজে আদামাছু (আফ্ৰিকা), পোলেণ্ডৰ মাজা ক্লাজডা (ইউৰোপ) আৰু থাইলেণ্ডৰ (এছিয়া আৰু ওচেনিয়া) অ’পাল সুচাটা চুৱাংশ্ৰী।

শীৰ্ষ ৪ স্থানত উপনীত হোৱাৰ পিছত বিচাৰক পেনেলে প্ৰতিজন প্ৰতিনিধিক এনে এটা প্ৰশ্ন সুধিছিল যিয়ে তেওঁলোকৰ বুদ্ধিমত্তা, আত্মবিশ্বাস আৰু সামাজিক দায়বদ্ধতাৰ পৰীক্ষা কৰিছিল। এই ৰাউণ্ডৰ আধাৰত অ’পাল সুচাটা চুৱাংশ্ৰীয়ে ২০২৫ চনৰ মিছ ৱৰ্ল্ডৰ মুকুট লাভ কৰে। তেওঁৰ গ্ৰেচ, আত্মবিশ্বাস আৰু স্তন কেন্সাৰ সজাগতাৰ বাবে “অ’পাল ফৰ হাৰ” প্ৰকল্পই তেওঁক খিতাপ আনি দিয়ে।

অ’পাল সুচাটা চুৱাংশ্ৰী (২২) থাইলেণ্ডৰ ফুকেটৰ বাসিন্দা আৰু থাম্মাছাট বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ ছাত্ৰী। ইয়াৰ পূৰ্বে ২০২৪ চনৰ মিছ ইউনিভাৰ্ছ থাইলেণ্ডত জয়ী হোৱাৰ লগতে ২০২৪ চনৰ মিছ ইউনিভাৰ্ছত তৃতীয় ৰানাৰ্ছ আপ আছিল। কিন্তু মিছ ৱৰ্ল্ড থাইলেণ্ড হিচাপে নিযুক্ত হোৱাৰ পিছত মিছ ইউনিভাৰ্ছ সংস্থাটোৱে তেওঁৰ তৃতীয় ৰানাৰ্ছ আপৰ খিতাপ বাতিল কৰে কাৰণ তেওঁ আন এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

অ’পাল সুচাটা চুৱাংশ্ৰীয়ে তেওঁৰ “অ’পাল ফৰ হাৰ” প্ৰকল্পৰ জৰিয়তে স্তন কেন্সাৰত আক্ৰান্ত মহিলাসকলৰ বাবে সজাগতা আৰু সমৰ্থন বৃদ্ধিৰ কাম কৰে। তেওঁ কয়, “এই মুকুট কেৱল মোৰ নহয়, ই মোৰ দেশৰ জনসাধাৰণৰ আশা আৰু সপোনৰ প্ৰতীক।”

ইপিনে, ভাৰতক প্ৰতিনিধিত্ব কৰি নন্দিনী গুপ্তাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৰাজস্থানৰ কোটাৰ পৰা আহিছিল। ২০২৩ চনৰ ফেমিনা মিছ ইণ্ডিয়া বিজয়ী হোৱাৰ লগতে ২০২৫ চনৰ মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰে। টপ মডেল চেলেঞ্জত এছিয়া আৰু অ’চেনিয়া অঞ্চলৰ শীৰ্ষ চাৰিটা স্থানত স্থান লাভ কৰা নন্দিনীয়ে হায়দৰাবাদৰ ট্ৰাইডেণ্ট হোটেলত অনুষ্ঠিত প্ৰতিযোগিতাত ভাৰতীয় ঐতিহ্য আৰু সমসাময়িক ফেশ্বনৰ মিশ্ৰণ প্ৰদৰ্শন কৰে।

‘চিটি অফ পাৰ্লচ’ হায়দৰাবাদৰ ঐতিহ্যক শ্ৰদ্ধাঞ্জলি জনোৱা পোচাম্পল্লী, গড়ৱাল আৰু গোল্লাভামা হস্ততাঁত পিন্ধি তেওঁ ৰেম্পত খোজ কাঢ়িছিল। অৱশ্যে তেওঁ শীৰ্ষ ৮ত স্থান লাভ কৰিব নোৱাৰিলে। নন্দিনীয়ে জয়ী হ’লে ৰীতা ফাৰিয়া (১৯৬৬), ঐশ্বৰ্য ৰায় (১৯৯৪), ডায়েনা হেডেন (১৯৯৭), যুক্তা মুখী (১৯৯৯), প্ৰিয়ংকা চোপ্ৰা (২০০০) আৰু মানুষী চিল্লাৰ (২০১৭)ৰ পিছত সপ্তম ভাৰতীয় মিছ ৱৰ্ল্ড হিচাপে পৰিগণিত হ’লহেঁতেন।

এই প্ৰতিযোগিতাখন কেৱল সৌন্দৰ্য্য প্ৰতিযোগিতা নহয়, প্ৰতিনিধিসকলৰ সামাজিক প্ৰভাৱ আৰু দায়িত্বৰ মঞ্চ। বিউটি উইথ এ পাৰ্পজ ৰাউণ্ডত প্ৰতিনিধিসকলে নিজৰ সামাজিক প্ৰকল্পসমূহ উপস্থাপন কৰে। অ’পালৰ স্তন কেন্সাৰ সজাগতা প্ৰকল্পই তেওঁক শীৰ্ষ ৪০ ৰ ভিতৰত স্থান লাভ কৰাত সহায় কৰে। ইণ্ডোনেছিয়াৰ মনিকা কেজিয়াই চেম্বাৰিং টেলেণ্ট চেলেঞ্জত পিয়ানো বজাই শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰে। ১০ মে’ত গাচিবৌলি ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান চ’নী লিভত পোনপটীয়াকৈ প্ৰচাৰ কৰা হয়।

ভাৰতত ইয়াৰ পূৰ্বে ১৯৯৬ আৰু ২০২৩ চনত আয়োজন কৰা মিছ ৱৰ্ল্ড প্ৰতিযোগিতা এইবাৰ তৃতীয়বাৰৰ বাবে হায়দৰাবাদত আয়োজন কৰা হৈছে। বিচাৰক পেনেলত আছিল অভিনেতা তথা মানৱতাবাদী চনু ছুদ, বিউটি উইথ এ পাৰ্পজ গ্ল’বেল এম্বেছাদৰ সুধা ৰেড্ডী আৰু মিছ ইংলেণ্ড ২০১৪ কেৰিনা টাইৰেল। এই প্ৰতিযোগিতাত ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু বিশ্ববাসীৰ আতিথ্য প্ৰদৰ্শন কৰা হয়।

৭২ সংখ্যক মিছ ৱৰ্ল্ড ২০২৫ প্ৰতিযোগিতাত সৌন্দৰ্য্য, প্ৰতিভা আৰু সামাজিক দায়বদ্ধতাৰ উল্লেখযোগ্য মিশ্ৰণ। অ’পাল সুচাটা চুৱাংশ্ৰীৰ এই জয় থাইলেণ্ডৰ বাবে এক ঐতিহাসিক মুহূৰ্ত, আৰু তেওঁৰ “অপাল ফৰ হাৰ” প্ৰকল্পই বিশ্বজুৰি মহিলাসকলক অনুপ্ৰাণিত কৰি যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd