ধন্যবাদ মন্ত্ৰী মহোদয়! আপুনি ব্ৰহ্মপুত্ৰ জলপথক হত্যা কৰিলে

Two Bangladeshi barges – MV Sagar Express and MV Alvahar at Dhubri river port

ধুবুৰী নৈ বন্দৰত পৰি থকা বাংলাদেশী জাহাজ দুখন। ছবি- নৰ্থইষ্ট নাও।

প্ৰদূষণহীন, আৰু যাত্ৰী আৰু মালবস্তু পৰিবহণৰ সস্তা উপায় হিচাপে অসমৰ বিকাশৰ ইঞ্জিন হ’ব পৰা ব্ৰহ্মপুত্ৰ জলপথৰ বাস্তৱিকতে মৃত্যু ঘটিছে।

আৰু, ব্ৰহ্মপুত্ৰ জলপথৰ অৰ্থনৈতিক সম্ভৱপৰতাক বধ কৰাৰ বাবে একমাত্ৰ জগৰীয়া হৈছে অসমৰ অভ্যন্তৰীণ জল পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।

অসমৰ মানুহৰ বাবে লাজৰ কথা, বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড০ তনভিৰ মনছুৰে ধুবুৰী নৈ বন্দৰ হৈ বাণিজ্যিক কাৰ্গ’ সেৱা যোৱা ২৭ ডিচেম্বৰত মুকলি কৰিলে।

বাংলাদেশলৈ ব্ৰহ্মপুত্ৰৰ বুকুৰে ভুটানৰ পৰা ২৫০ টন ভঙা শিল কঢ়িওৱাৰ বাবে দুখন বাংলাদেশী জাহাজ— এম ভি সাগৰ এক্সপ্ৰেছ আৰু এম ভি আলবহৰক সেৱাত লগোৱা হৈছে।

অসমৰ মানুহৰ বাবে ই সঁচাই লজ্জাজনক, কাৰণ ভুটানৰ শিল কঢ়িয়াবলৈ বাংলাদেশৰ জাহাজ ধুবুৰীলৈ আনিব লগা হৈছে।

অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ভুটানী মালবস্তুখিনি কঢ়িওৱাৰ বাবে জাহাজ যোগান ধৰিব নোৱাৰিলে।

ভুটানৰ পৰা প্ৰতিদিনাই শ শ শিল পৰিবাহী ট্ৰাক অসমৰ মাজেদি চলে, আৰু মালসমূহ মেঘালয়ৰ দালু হৈ ৰপ্তানি কৰা হয়।

দুৰ্ভাগ্যজনক যে অসমৰ মাজেদি পৰিবহণ হোৱা মালসমূহৰ পৰা ৰাজ্যখনে একো লাভ অৰ্জন কৰিব পৰা নাই।

বাংলাদেশলৈ শিল পৰিবহণৰ বাবে ভুটীয়া ৰপ্তানিকাৰীসকলে যোৱা কিছু বছৰধৰি সদায় গুৱাহাটীৰ পাণ্ডু বন্দৰ ব্যৱহাৰ কৰিবলৈ বিচাৰি আহিছে।

কিন্তু, চন্দ্ৰ মোহন পাটোৱাৰীৰ দূৰদৰ্শিতা আৰু দায়বদ্ধতাহীনতাৰ বাবেই অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ভুটীয়া কাৰ্গ’ৰ বিশেষকৈ বৃ্হৎ পৰিমাণৰ শিল পৰিবহণৰ মালবাহী এজেণ্ট হিচাপে মূৰ দাঙি উঠাৰ সুযোগ ল’ব নোৱাৰিলে।

বাংলাদেশলৈ বৃ্হৎ পৰিমাণৰ ভুটীয়া শিল পৰিবহণ কৰি অসমে সহজেই বৃ্হৎ ৰাজহ আহৰণ কৰিবলৈ সক্ষম হ’লহেঁতেন।

অসমৰ মন্ত্ৰীজন যে ব্ৰহ্মপুত্ৰ জলপথৰ বিকাশৰ বাবে দায়বদ্ধ নহয় তাৰ স্পষ্ট প্ৰমাণ হৈছে তেওঁ বিভাগৰ বিষয়াসকলৰ সৈতে লগ-লাগি লজ্জাহীনভাৱে অসমৰ জাহাজ ক’লকাতাত ভাৰালৈ দিয়াটো।

অভ্যন্তৰীণ জল পৰিবহণ বিভাগে ইয়াৰ কিছুমান জাহাজ ক’লকাতাস্থিত অপাৰেটৰক ভাৰালৈ দিছে। অসমৰ থলুৱা উদ্যোগীক বঞ্চিত কৰি তেওঁলোকে ইতিমধ্যে সেইবোৰ গংগা-ভাগিৰথী-হুগলিৰ ৰাষ্ট্ৰীয় জলপথ ১ত চলোৱাৰ বাবে লৈ গৈছে।

ক’লকাতাস্থিত ফাৰ্ম ইষ্টাৰ্ন নেভিগেচন আৰু ৰীচ্চ এছিয়া (দুয়োটাৰে মালিক একেজনেই)ই অসমৰ অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ মালিকানাধীন এনে কমেও দহখন জাহাজ যোৱা ২০০৮ চনৰে পৰা চলাই আছে।

এই  জাহাজসমূহ চলিব লগা আছিল শদিয়াৰ পৰা ধুবুৰীলৈ ৮৯১ কি. মি.জোৰা ৰাষ্ট্ৰীয় জলপথ ২ত।

বিজেপি নেতৃত্বাধীন চৰকাৰে সঘনাই জাতি, মাটি আৰু ভেটি সুৰক্ষাৰ কথা কোৱাৰ সময়ত চন্দ্ৰ মোহন পাটোৱাৰীয়ে থলুৱা উদ্যোগীক কেতিয়াও উৎসাহিত কৰা নাই।

বিভাগটোৰ কিছুমান জাহাজ ৰাষ্ট্ৰীয় জলপথ ১ত ব্যৱহাৰৰ পিছত ক’লকাতাত পেলাই থোৱা হৈছে।

এনে এখন জাহাজ হৈছে বিভাগটোৰ ধুবুৰী ষ্টেচনত পৰি থকা কে পি এল কাজিৰঙা। ইয়াক ৰাষ্ট্ৰীয় জলপথ ১ত চলোৱা হৈছিল আৰু নিমখ পানীয়ে জাহাজখন মেৰামতি কৰিব নোৱাৰাকৈ বেয়া কৰি পেলালে।

ৰাষ্ট্ৰীয় জলপথ ২ত চলোৱাৰ বাবে শেহতীয়াকৈ আহ্বান কৰা নিবিদাত অসমৰ কিছু থলুৱা উদ্যোগীয়ে ভাগ লৈছিল। কিন্তু জাহাজসমূহ অসমৰ বাহিৰৰ কিছুমান কোম্পানিক ভাৰাত দিয়া হ’ল।

পাটোৱাৰীয়ে এই কথাত লাজ নাপায় যে আফলামুখ, কমলাবাৰী, নিমাতি, উত্তৰ গুৱাহাটী আৰু দক্ষিণ গুৱাহাটীৰ টাৰ্মিনেলসমূহৰ আন্তঃগাঁথনি অৰাজক হৈ পৰি আছে।

২০১৮ চনৰ চেপ্তেম্বৰত উত্তৰ গুৱাহাটীত এখন যন্ত্ৰচালিত নাও বাগৰাত বহুকেইজন লোক মৃত্যুমুখত পৰিছিল। নাওখনে প্ৰায় ৪০ গৰাকী যাত্ৰী কঢ়িয়াই নিছিল আৰু দুৰ্ঘটনাটোৰ ফলত প্ৰায় ২০গৰাকী যাত্ৰী সন্ধানহীন বা মৃত্যুমুখত পৰিছিল।

দুৰ্ঘটনাটোৱে জলপথযাত্ৰীৰ ন্যূনতম সুৰক্ষা নিশ্চিত কৰাত চন্দ্ৰ মোহন পাটোৱাৰীৰ বিফলতা উদঙাই দিছিল।

অৱশ্যে অধিক যাত্ৰী কঢ়িয়াই নিয়া নাও বাগৰাৰ এইটোৱে প্ৰথম ঘটনা নহয়। ধুবুৰীত ২০১২ চনত আন এক ঘটনাত ধুমুহাত পৰা এখন নাও বাগৰি ২০০ৰো অধিক লোক মৃত্যু মুখত পৰিছিল।

অসম অভ্যন্তৰীণ জল পৰিবহণৰ উৎকৃষ্ট সম্ভাৱনাৰে প্ৰাকৃতিকভাৱেই আশীৰ্বাদপুষ্ট। চৰকাৰ এই সম্ভাৱনাৰ সন্ধানত পুতৌজনকভাৱে বিফল হোৱাৰ বাবেই ব্যক্তিগত ফেৰি আৰু দেশী নাওসমূহ ব্ৰহ্মপুত্ৰ পাৰ হৈ দূৰ-দূৰণিৰ অঞ্চলসমূহলৈ যোৱাৰ একমাত্ৰ উপায়ৰূপে চলাচল কৰি আহিছে।

অসমৰ নদী দ্বীপসমূহৰ বিশেষকৈ মাজুলী, ধুবুৰী আৰু জলেশ্বৰ দৰে ঠাইৰ বাসিন্দাই কেৱল দেশী নাৱৰ ওপৰতে নিৰ্ভৰ কৰি আহিছে।

প্ৰতিদিনাই হাজাৰ হাজাৰ মানুহে তেওঁলোকৰ জীৱন বিপদাপন্ন কৰি শিক্ষা আৰু বজাৰৰ দৰে প্ৰাথমিক সা-সুবিধা লোৱাৰ বাবে এই কঠিন যাত্ৰা কৰিব লগা হয়। এই লোকসকলৰ বাবে যাতায়াতৰ সুচলতা নিশ্চিত কৰাৰ বাবে চৰকাৰক কেতিয়াও ইচ্ছা কৰা দেখা হোৱা নাই।