• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

“মোৰ মাক ধৰি গালি নিদিব” : শিক্ষকক উধাই-মুধাই মৰিয়ালে দশম শ্ৰেণীৰ ছাত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 10:16 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণ জিলাত শেহতীয়াকৈ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে যিয়ে সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে। এখন বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ ভিতৰতে দশম শ্ৰেণীৰ এজন ছাত্ৰই এজন শিক্ষকক চৰ আৰু ঘোচা মৰাৰ অভিযোগ উত্থাপন হৈছে। বাপুলাপাড়ু মণ্ডলৰ বীৰাবল্লী জিলা পৰিষদ হাইস্কুলত সংঘটিত এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, কোনো এটা বিষয়ক লৈ শিক্ষকে ছাত্ৰজনক সামান্য গালি দিছিল আৰু তাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। ছাত্ৰজনে শ্ৰেণীকোঠাতে শিক্ষকজনক ককৰ্থনা কৰাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰে।

Apply Now

এই ঘটনাৰ পিছতে অভিযুক্ত ছাত্ৰজনে নিজৰ চাফাই দি কয় যে শিক্ষকজনে তেওঁক অকথ্য ভাষাৰে গালি পৰাৰ লগতে তেওঁৰ মাতৃক লৈও কটু মন্তব্য কৰিছিল। সেই কাৰণেই খঙৰ ভমকত তেওঁ এনে কাণ্ড কৰিবলৈ বাধ্য হয় বুলি ছাত্ৰজনে দাবী কৰে।

ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই লগে লগে আৰক্ষী আৰু শিক্ষা বিভাগক অৱগত কৰে। আৰক্ষীয়ে ছাত্ৰজনক থানালৈ মাতি আনি সোধা-পোছা কৰাৰ লগতে কাউন্সেলিং কৰে। যিহেতু ছাত্ৰজন নাবালক আছিল, সেয়েহে জেৰাৰ পিছত তেওঁক যাবলৈ দিয়া হয় যদিও শিক্ষা বিভাগে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

শিক্ষকক আক্ৰমণ কৰাৰ এনে ধৰণৰ আন এক ঘটনা যোৱা জানুৱাৰী মাহত গুজৰাটৰ পঞ্চমহল জিলাতো সংঘটিত হৈছিল। তাত পৰীক্ষা চলি থকাৰ সময়ত এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰই দেৰিকৈ অহাৰ কাৰণ সোধাৰ বাবে এগৰাকী শিক্ষয়িত্ৰীক চৰ মাৰিছিল। মহম্মদ খান আনচাৰি নামৰ ১৮ বছৰীয়া ছাত্ৰজনে সেই সময়ত শিক্ষয়িত্ৰীগৰাকীক লক্ষ্য কৰি কৈছিল যে তেওঁক ঘৰতো কোনেও প্ৰশ্ন নকৰে, গতিকে শিক্ষয়িত্ৰীগৰাকীৰ প্ৰশ্ন কৰাৰ সাহস কেনেকৈ হ’ল। এই কাণ্ডৰ বাবে আৰক্ষীয়ে পিছত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিছিল।

গুজৰাটৰ সেই ঘটনাটো কেৱল প্ৰহাৰতে সীমাবদ্ধ থকা নাছিল। অভিযোগ অনুসৰি, পৰীক্ষা শেষ হোৱাৰ পিছত ছাত্ৰজনে নিজৰ পিতৃ আৰু কেইবাজনো যুৱকক লৈ বিদ্যালয়ত প্ৰৱেশ কৰি শিক্ষয়িত্ৰীগৰাকীক পুনৰ ভাবুকি দিছিল। শিক্ষয়িত্ৰীগৰাকী সেই চহৰখনত অকলশৰে থকাৰ বাবে তেওঁৰ যথেষ্ট ক্ষতি কৰাৰ হুংকাৰ দিছিল ছাত্ৰজনৰ দলটোৱে। অৱশ্যে পিছত ছাত্ৰজনে আৰক্ষীক জনাইছিল যে তেওঁলোকে ক্ষমা খুজিবলৈহে বিদ্যালয়লৈ গৈছিল। ইটোৰ পিছত সিটো এনে ধৰণৰ ঘটনাই বৰ্তমান শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কক লৈ সমাজত এক ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm
৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd