• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ ১৫০ বছৰীয়া জয়ন্তী আৰু কিছু কথা

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
May 21, 2026 11:34 am
49
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান চমুকৈ LGBRIMH(Lokapriyo Gopinath Bordoloi regional institute of mental health )-এই নামটো সম্পৰ্কে কম-বেছি পৰিমাণে প্ৰায় সকলো লোকেই অৱগত। দেশৰ অন্যতম পুৰণি এই মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত দৈনন্দিন অলেখ ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আহিছে। ১৮৭৬ চনত শোণিতপুৰ জিলাৰ তেজপুৰত প্ৰতিষ্ঠা হোৱা এই মানসিক ৰোগ প্ৰতিষ্ঠানৰ বৰ্তমান ১৫০ বছৰীয়া প্ৰতিষ্ঠা জয়ন্তী চলি আছে। এই চেগতে এই অনুষ্ঠানখনিৰ বিষয়ে কিছু কথা জনাবলৈ ওলাইছো।

আমি সৰুৰে পৰাই শুনিছিলো তেজপুৰত “পগলা ফাটেক”(এই বিষয়ে বহলাই কম) আছে বুলি। জনা-বুজা হোৱাৰে পৰাই এই সম্পৰ্কে অধিক জনাৰ আগ্ৰহ হৈছিল যদিও, ই সময়ত হৈ উঠা নাছিল। পৰৱৰ্তী সময়ত নিজে মানসিক ৰোগত আক্ৰান্ত হোৱা হেতুকে এই বিষয়ে আৰু কিছু কথা জনাৰ হেপাঁ‌হ হৈছিল বা তালৈ যাবৰ ইচ্ছা হৈছিল। এইবাৰো একেই সময়ত একো হৈ উঠা নাছিল। পৰৱৰ্তী সময়ত মোৰ মৰমৰ ভাইটি অৰ্ঘ্যদ্বীপ বৰুৱাৰ সংস্পৰ্শলৈ আহো। তেওঁ মোক তেজপুৰত থকা এই আঞ্চলিক মানসিক প্ৰতিষ্ঠানলৈ যোৱাৰ পৰামৰ্শ দিয়াৰ লগতেই তাত মোৰ সুবিধা হোৱাকৈ ছিনিয়ৰ চাইক’লজিষ্ট ডাঃ দ্বীপ্তৰূপ চৌধুৰীৰ সৈতে পৰিচয় কৰাই দিয়ে।

Apply Now

পৰৱৰ্তী সময়ত মোৰ চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ হয়। প্ৰথমাৱস্থাত প্ৰায় তিনিদিন সময়ৰ প্ৰয়োজন হৈছিল মোৰ আনুষংগিক পৰীক্ষা-নিৰীক্ষাৰ প্ৰক্ৰিয়াত। বহুকেইজন ভিন ভিন বিভাগৰ চিকিৎসকে মোক বিশদভাৱে পৰীক্ষা-নিৰীক্ষা চলাইছিল। তাৰো প্ৰায় ২০-২৫ দিনৰ পিছত মোক মোৰ কি ৰোগ হৈছে জনাইছিলে। তাৰ পৰৱৰ্তী সময়ত মোৰ চিকিৎসা আৰম্ভ হৈছিল। প্ৰথমে মানসিক ৰোগ বিশেষজ্ঞ(চাইকিয়াট্ৰিষ্ট)ই চাই,দৰৱ আদি লিখে আৰু তাৰপিছত থেৰাপী দিয়ে মনোৰোগ বিশেষজ্ঞ (চাইক’লজিষ্ট)ই। এই প্ৰক্ৰিয়াত অলপ সময়ৰ প্ৰয়োজন হয়, পিছে আটাইতকৈ ডাঙৰ কথা এই সকলোবোৰেই বিনামূলীয়া। প্ৰথমবাৰ যাওঁতেই যি ১০ টকা এটা দিছিলো ৰেজিষ্ট্ৰেচনৰ নামত,তাৰ বাদে এটকাৰো খৰচ নাই।

এতিয়া আহিছো মই এই বিষয়ে “পগলা ফাটেক”বুলি কিয় শুনিছিলো সেই দিশলৈ। মানসিক ৰোগ য’ত আজিৰ সমাজতো এক নিষিদ্ধ বিষয় (taboo), তাত আজিৰ পৰা ৩০ বছৰ আগতে কি পৰিবেশ হ’ব পাৰে, সেইয়া সহজেই বোধগম্য। গতিকে আমিও তেনেদৰেই শুনিছিলো। মানসিক ৰোগক লৈ ন্যুনতমো সজাগতা আৰু সচেতনতাৰ অভাৱ আছিল। এতিয়া শব্দৰ প্ৰয়োগক লৈ মই নিজেই সচেতন। ৰোগ সম্পৰ্কেও সচেতন। নিজৰ চিকিৎসা কৰাই আছো আৰু যথেষ্ট লাভান্বিতও হৈছো। আজিৰ এই ১৫০ বছৰীয়া জয়ন্তীত আহক আমি সকলোৱে মানসিক ৰোগ সম্পৰ্কে সজাগ আৰু সচেতন হওঁ আৰু ৰোগে দেখা দিলে প্ৰয়োজনীয় চিকিৎসা গ্ৰহণ কৰক। তেজপুৰ বেছি দূৰ নহয়!

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

অসমত গুৰুতৰ হৈছে বান পৰিস্থিতি; ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা চাৰিগুণলৈ বৃদ্ধি

July 15, 2026 1:56 pm
ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd