২০২৬ চনৰ জানুৱাৰী মাহত প্ৰকাশ পোৱা ইণ্ডিয়া টুডে আৰু চি-ভোটাৰৰ মুড অফ দ্য নেচন সমীক্ষাই অসমৰ ৰাজনৈতিক পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ ছবি দাঙি ধৰিছে। যদি আজি অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে পুনৰ এবাৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে।
এই সমীক্ষা অনুসৰি বিজেপি মিত্ৰজোঁটে ৫০.২ শতাংশ ভোট লাভ কৰি একক সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰাৰ পথত আগবাঢ়িছে। আনহাতে কংগ্ৰেছ দলে ৪৪ শতাংশ ভোট লাভ কৰি ৰাজ্যখনত মুখ্য বিৰোধী শক্তি হিচাপে নিজৰ স্থিতি সুদৃঢ় কৰি ৰাখিছে। এইবাৰ নিৰ্বাচনী যুঁজখন মূলতঃ বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থকাৰ সম্ভাৱনা দেখা গৈছে।
সমীক্ষাটোত ভোটাৰসকলৰ ধৰ্মীয় আৰু সামাজিক সমীকৰণৰ এক স্পষ্ট বিভাজন পৰিলক্ষিত হৈছে। অসমৰ হিন্দু ভোটাৰসকলৰ মাজত বিজেপি মিত্ৰজোঁটৰ প্ৰতি অধিক আস্থা দেখিবলৈ পোৱা গৈছে। তথ্য অনুসৰি ৬৭.১ শতাংশ হিন্দু ভোটাৰে বিজেপিক সমৰ্থন কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দল হিন্দু ভোটাৰৰ মাজত যথেষ্ট পিছ পৰি আছে। আনহাতে মুছলমান ভোটাৰসকলৰ ক্ষেত্ৰত ছবিখন সম্পূৰ্ণ ওলোটা। সমীক্ষাৰ মতে ৭৮.৫ শতাংশ মুছলমান ভোটাৰে কংগ্ৰেছক পছন্দ কৰাৰ বিপৰীতে মাত্ৰ ১৮.৫ শতাংশ মুছলমান ভোটাৰেহে বিজেপিক সমৰ্থন আগবঢ়াইছে। অন্যান্য ধৰ্মীয় আৰু সামাজিক গোটসমূহৰ মাজতো বিজেপি মিত্ৰজোঁট ৫৭.৭ শতাংশ ভোটৰ সৈতে আগবাঢ়ি আছে।
এই সমীক্ষাই অসমত আঞ্চলিক আৰু ক্ষুদ্ৰ ৰাজনৈতিক দলসমূহৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা জনপ্ৰিয়তাৰ কথাও আঙুলিয়াই দিছে। ৰাজ্যখনৰ নিৰ্বাচনী মানচিত্ৰত এতিয়া অন্যান্য দলসমূহৰ বাবে মাত্ৰ ৫.৮ শতাংশহে স্থান বাকী আছে। ভোটাৰসকলে এতিয়া আঞ্চলিক দলতকৈ দুয়োটা ৰাষ্ট্ৰীয় দলক অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। যদিও সামগ্ৰিকভাৱে বিজেপি মিত্ৰজোঁট আগবাঢ়ি আছে, তথাপিও কংগ্ৰেছে মুছলমান বসতিপূৰ্ণ অঞ্চলসমূহত নিজৰ আধিপত্য বজাই ৰাখিছে। আগন্তুক বিধানসভা নিৰ্বাচনত অসমত যে এক তীব্ৰ দ্বি-মেৰুকৰণৰ ৰাজনীতি চলিব, সেই কথা এই সমীক্ষাই স্পষ্ট কৰি দিছে।





