• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোডীৰ শাসনকালত হিমন্তকে ধৰি ২৫জন বিৰোধী নেতাৰ বিজেপিত যোগদান; ২৩ জনেই বিপদমুক্ত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 3, 2024 3:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰৰো উত্তাপ বাঢ়িছে। ইটোৱে সিটোৰ বিৰুদ্ধে অভিযোগ-প্ৰত্যাভিযোগেৰে সুৰ গৰম কৰিছে। ইয়াৰ লগতে সংযোজন হৈছে দুৰ্নীতি আৰু কেলেংকাৰীৰ গোচৰৰ প্ৰসংগ। দেশৰ বিৰোধী দলসমূহে বিজেপি চৰকাৰক একনায়কত্ববাদী, গণতন্ত্ৰ ধ্বংসকাৰী, স্বৈৰাচাৰী বুলি অভিহিত কৰিছে।

গেৰুৱা শিবিৰক কংগ্ৰেছ, আপ, তৃণমূলকে ধৰি সকলো বিৰোধীয়ে ৱাশ্বিং মেচিন বুলি অভিহিত কৰিছে। কোৱা হয় আইনে আইনৰ পথ অনুসৰণ কৰিব। কিন্তু, কিমান দিন! যেতিয়ালৈকে ৰাজনীতিয়ে তাক শ্বাসৰুদ্ধ কৰি নোতোলে।

দেখা গৈছে যে ২০১৪ চনত বিজেপিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা কেন্দ্ৰীয় সংস্থাৰ দুৰ্নীতিৰ গোচৰত ২৫জন অভিযুক্তই ৰাজনৈতিক দল সলনি বা শিবিৰ সলনি কৰিছে।

Apply Now

পূৰ্বৰ দলীয় আদৰ্শ পৰিত্যাগ কৰি সকলো দলৰ নেতাই বিজেপিত ভিৰ কৰিছে। দেশৰ আগশাৰীৰ সংবাদ মাধ্যম দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক অনুসন্ধানমূলক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ইয়াৰে ১০ জন কংগ্ৰেছৰ পৰা, শৰদ পাৱাৰৰ এন চি পি আৰু শিৱসেনাৰ পৰা ৪ জনকৈ, তৃণমূল কংগ্ৰেছৰ পৰা ৩ জন, তেলেগু দেশম পাৰ্টিৰ পৰা দুজন আৰু সমাজবাদী পাৰ্টি আৰু ৱাই এছ আৰ চি পিৰ পৰা এজনকৈ নেতাই গেৰুৱা শিৱিৰত যোগ দিছে।

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ বিকল্প কোন? স্পষ্ট উত্তৰ দিলে সাংসদ শশী থাৰুৰে! কিন্তু কি স্পষ্ট কৰিলে তেওঁ?

উদাহৰণস্বৰূপে, বিজেপিত যোগদানৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনৰ গোচৰ স্তব্ধ হৈ পৰে। সাৰদা চিট ফাণ্ডৰ গোচৰত ২০১৪ চনত হিমন্তক চিবিআইয়ে জেৰা কৰি তেওঁৰ ঘৰত তালাচী চলাইছিল। ২০১৫ চনত বিজেপিত যোগদান কৰালৈকে তেওঁৰ বিৰুদ্ধে গোচৰ চলি আছিল। চৱনৰ ক্ষেত্ৰতো আদৰ্শ হাউছিং গোচৰত চিবিআই-ইডি স্থবিৰ হৈ পৰিছে।

সেইদৰে, ২০১৯ চনৰ পৰা চিবিআইয়ে পশ্চিমবংগৰ বৰ্তমানৰ বিৰোধী নেতা শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ লোকসভাৰ অধ্যক্ষৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। সেই সময়ত নাৰদ ষ্টিং অপাৰেচনত অভিযুক্ত শুভেন্দু আছিল তৃণমূলৰ সাংসদ। ২০২০ চনত শুভেন্দুৱে তৃণমূল এৰি বিজেপিত যোগদান কৰে।

উল্লেখ্য যে এই ২৫ জনৰ ভিতৰত ২৩ জনৰ ক্ষেত্ৰত গোচৰ তল পেলাই ৰখা হৈছে। তিনিটা গোচৰ বন্ধ হৈ পৰিছে আৰু ২০টা গোচৰ স্থবিৰ হৈছে বা শীতলঘৰত সোমাই আছে। মুঠতে সেই দল সলনি কৰা নেতাসকলৰ প্ৰতি তদন্তকাৰী সংস্থাটোৰ কাৰ্যকলাপ তাতেই বন্ধ হৈ পৰিছে।

কেৱল এই নিৰ্বাচনী বৰ্ষত ৬ জন ৰাজনীতিবিদে বিজেপিত যোগদান কৰিছে। কিন্তু বিৰোধী দলত থকাৰ সময়ত ইডি আৰু চিবিআই তেওঁলোকৰ বিৰুদ্ধে অতি সক্ৰিয় আছিল। সেইবাবেই বিৰোধী দলসমূহেও ইয়াকেই ৱাশ্বিং মেচিন তত্ত্ব বুলি প্ৰচাৰ কৰিছে। ৰাহুল গান্ধী আৰু মমতা বেনাৰ্জীয়ে বহুবাৰ অভিযোগ কৰিছে যে নিজৰ দল এৰি বিজেপিত যোগদান কৰিলেই তেওঁলোকৰ অতীতৰ কলংক পৰিস্কাৰ হৈ যায়।

লগতে পঢ়কঃ মহৰ্ষি মনমোহন! সংসদীয় ৰাজনীতিৰ পৰা বিদায়; মনমোহন সিঙৰ অৱসৰত আৱেগিক চিঠি খাৰ্গেৰ

২০০৯ চনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ দিনত বহুজন সমাজ পাৰ্টিৰ মায়াৱতী আৰু সমাজবাদী পাৰ্টিৰ মুলায়ম সিং যাদৱৰ এন ডি এৰ সৈতে বুজাবুজি থকাৰ বাবে তদন্তত ৰেশ টানিছিল চি বি আইয়ে। মহাৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক সংকটত কেন্দ্ৰীয় পদক্ষেপে কাম কৰিছে বুলি বহুতে সন্দেহ প্ৰকাশ কৰিছে।

প্ৰথমতে একনাথ সিন্দে শিৱসেনাৰ পৰা বিচ্ছিন্ন হ’ল। সেই ঘটনাৰ পিছৰ বছৰটোত ২০২২ চনত শাৰদ পাৱাৰৰ ভতিজা অজিত পাৱাৰে দল ভাঙি বিজেপিত সোমাইছিল। ইয়াৰ পিছতে এন চি পিৰ দুই বিশিষ্ট নেতা অজিত পাৱাৰ আৰু প্ৰফুল্ল পেটেলৰ বিৰুদ্ধে গোচৰৰ অন্ত পৰিল। ২৫ জনীয়া এই তালিকাৰ ১২ জন ডাঙৰ নেতাই মাৰাঠা। ২০২২ বা তাৰ পিছত বিজেপিত যোগদান কৰিছিল।

এই নেতাসকলে এন চি পি, শিৱসেনা আৰু কংগ্ৰেছক ত্যাগ কৰি তেওঁলোকে মোডীৰ নেতৃত্বত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য লৈছে। তেতিয়াৰ পৰাই তেওঁলোকৰ অতীতৰ কলংকবোৰ মচি গৈছে।

কংগ্ৰেছৰ প্ৰাক্তন সাংসদ জ্যোতি মিৰ্ধা আৰু তেলেগু দেশম পাৰ্টিৰ প্ৰাক্তন সাংসদ ৱাই এছ চৌধুৰীয়ে বিজেপিত যোগদান কৰাৰ পিছত ইডিয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো প্ৰমাণ সংগ্ৰহ কৰাত ব্যৰ্থ হয়।

লগতে পঢ়কঃ অৰুণাচলৰ হোটেলত মৃত অৱস্থাত উদ্ধাৰ বান্ধৱীসহ কেৰালাৰ দম্পতী; “ক’লা যাদু”ৰ সন্দেহ

এই সন্দৰ্ভত নাম প্ৰকাশত অননিচ্ছুক চিবিআইৰ এজন বিষয়াই কয় যে আমি প্ৰমাণৰ ভিত্তিত আগবাঢ়ো। প্ৰমাণ সংগ্ৰহ হ’লেহে ব্যৱস্থা গ্ৰহণ কৰা হয়। বিজেপিত যোগদান কৰাৰ পিছতে গোচৰৰ গতি সলনি হোৱা সন্দৰ্ভত তেওঁ কয় যে কেতিয়াবা বিভিন্ন কাৰণত ব্যৱস্থা লোৱাত পলম হয়, কিন্তু তেওঁলোকৰ ফাইল খোলাই থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd