• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম আহোম সভাৰ ৬১ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই পাব বিশেষ গুৰুত্ব

তাই আহোম ভাষাৰ অষ্ট্ৰেলিয়াৰ গৱেষক ড০ ষ্টিফেন ম’ৰেক সম্বৰ্ধনা জনাব

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 23, 2018 7:33 pm
Ahom Sabha

সদৌ অসম আহোম সভাৰ বিষয়ববীয়াৰ সংবাদমেল। দেওবাৰে, গুৱাহাটী প্ৰেছক্লাবত। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমত অধিকাংশ লোকেই জনজাতিৰ মৰ্যদা লাভ কৰিব। যাৰ ফলত অসম এখন জনজাতীয় ৰাজ্য হোৱাৰ পথ প্ৰশস্ত হ’ব। জনজাতীয় ৰাজ্যৰ মৰ্যাদা লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন সা-সুবিধা লাভ কৰিবলৈ আমি সক্ষম হ’ম আৰু তাৰ দ্বাৰা অসমৰ সামগ্ৰিক উন্নয়নত সহায় হ’ব।”

এই মন্তব্য সদৌ অসম আহোম সভাৰ ডিব্ৰুগড় অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি দুৰ্লভ চেতিয়াৰ।

Apply Now

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে সদৌ অসম আহোম সভাৰ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতিগৰাকীয়ে ৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া অহোম সভাৰ ৬১সংখ্যক অধিৱেশনৰ কাৰ্যসূচীৰ বিষয়ে প্ৰকাশ কৰে।

সংবাদমেলত চেতিয়াই কয় যে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব লগীয়া এই অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিব। অধিৱেশনৰ দ্বিতীয় দিনা ‘ৰাজ্যখনৰ মুখ্য ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ অবিহনে অসমৰ সমস্যা সমাধান অসম্ভৱ’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি দুৰ্লভ চেতিয়াই জানিবলৈ দিয়ে।

একেদৰে তাই-আহোম ভাষাৰ প্ৰসাৰৰ বিষয়টোৱেও অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে অসমৰ বিশ্ববিদ্যালয়সমূহক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবেও আহ্বান জনায়।

“ভাৰত চৰকাৰে যিহেতু ‘এক্ট ইষ্ট পলিচি’ হাতত লৈছে, গতিকে তাই-আহোম ভাষাৰ শিক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে ‘এক্ট-ইষ্ট পলিচি’ৰ জৰিয়তে নতুন প্ৰজন্মই নিয়োগৰ সুবিধা লাভ কৰিব আৰু পৰ্যটনৰ ক্ষেত্ৰতো এটা নতুন দিশ মুকলি হ’ব”, চেতিয়াই কয়।

এইবাৰৰ ডিব্ৰুগড় অধিৱেশনত ‘বৰ্তমান তথ্য প্ৰযুক্তিৰ উৎকৰ্ষ সাধনৰ যুগত আহোমৰ নতুন প্ৰজন্মক অতীত ইতিহাসৰ শিক্ষা দি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ উপযুক্ত কৰি তোলা’ শীৰ্ষক আন এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

আনহাতে, আহোম যুগৰ কৃতিচিহ্নসমূহ সংৰক্ষণৰ বিষয়টোত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান নকৰাক লৈও সংবাদমেলত সদৌ অসম আহোম সভাই আক্ষেপ প্ৰকাশ কৰে। এই বিষয়টোৱেও অধিৱেশনত আলোচনাত স্থান পাব বুলি সভাই জানিবলৈ দিয়ে।

ইয়াৰ উপৰি, আহোম স্বৰ্গদেউ সকলৰ ৰাজকীয় পৃষ্ঠপোষকতাত স্থাপন হোৱা সত্ৰসমূহত থকা পুথিসমূহ অধ্যয়নৰ বাবে উলিয়াই দিবলৈও সভাই দাবী জনায়।

এই অধিৱেশনতেই তাই-আহোম লিপিক য়ুনিক’ডত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অৰিহণা আগ বঢ়োৱা অষ্ট্ৰেলিয়াৰ গৱেষক ড০ ষ্টিফেন ম’ৰেক সম্বৰ্ধনা জনোৱা হ’ব বুলিও আহোম সভাই প্ৰকাশ কৰে। ইয়াৰ উপৰি এই অধিৱেশনত থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী, ভিয়েটনামৰ ৰাষ্ট্ৰদূতৰ উপৰি থাইলেণ্ড আৰু ম্যানমাৰৰ শ্যাম প্ৰদেশৰ সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰিব বুলিও সদৌ অসম আহোম সভাই জানিবলৈ দিয়ে।

ইপিনে, এই অধিৱেশনৰ লগতেই ২ ডিচেম্বৰত ৭৯০সংখ্যক অসম দিৱসও সদৌ অসম আহোম সভাই অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে।

অৱশ্যে, অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী এইবাৰ এই অধিৱেশনথলীত অনুষ্ঠিত কৰাৰ বাবে আহোম সভাই ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে যদিও এই পৰ্যন্ত কোনো সঁহাৰি পোৱা নাই বুলি প্ৰকাশ কৰে।

সংবাদমেলত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সতীশ চন্দ্ৰ গগৈ আৰু সাধাৰণ সম্পাদক ৰূপম চেতিয়া বৰাকে ধৰ কেইবাজনো বিষয় ববীয়া উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd