• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত কংগ্ৰেছৰ লগত মিত্ৰতা নকৰে আপে, অকলেই খেলিব নিৰ্বাচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 9:37 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি তেজপুৰত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, বিৰোধীৰ ৰাজনৈতিক মিত্ৰতা, বিজেপি নেতৃত্বাধীন চৰকাৰৰ অসমবিৰোধী তথা দৰিদ্ৰবিৰোধী কাম-কাজৰ লগতে দলৰ সাংগঠনিক আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলীয় ৰণকৌশল সন্দৰ্ভত এই সভাত বিশদভাৱে আলোচনা কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে যে অসমত বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে। কংগ্ৰেছৰ অপশাসন, দুৰ্নীতিৰ বাবে দলটোক অসমৰ জনতাই প্ৰত্যাখ্যান কৰি থৈছে। এনে এটা দলৰ নেতৃত্বত আম আদমি পাৰ্টীয়ে মিত্ৰতা কৰিবলৈ অসুবিধা হ’ব আৰু কংগ্ৰেছৰ সৈতে একেখন মঞ্চত থাকিবলৈ অসুবিধা হ’ব। আদৰ্শগতভাৱেও আম আদমি পাৰ্টীয়ে তেতিয়াও দুৰ্নীতিৰ লগত আপোচ নকৰে। স্বাধীনোত্তৰ ৭৫ বছৰত অসমৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব নোৱাৰাৰ কাৰণে বিজেপিৰ লগতে কংগ্ৰেছো দাষী। সেয়ে বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে।

Apply Now

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক স্বাৰ্থ বিঘ্নিত কৰাৰ বিপৰীতে দল-নিৰ্বিশেষে হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত অনুগামীসকলৰ লগতে বিজেপিৰ গোপন মিত্ৰ এ আই ইউ ডি এফৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে। খিলঞ্জীয়াবিৰোধী এই খচৰাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক আম আদমি পাৰ্টীয়ে এক স্মাৰক-পত্ৰ প্ৰদান কৰিব।

আজিৰ কাৰ্যনিৰ্বাহকত আম আদমি পাৰ্টীৰ সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে দলৰ সকলো সদস্যক সাজু হ’বলৈ আহ্বান জনায়। ‘সেতুবন্ধন’ কাৰ্যসূচীৰ জৰিয়তে পঞ্চায়ত পৰ্যায়ৰ পৰা লোকসভা পৰ্যায়লৈকে সৰ্বসাধাৰণৰ ঘৰে ঘৰে গৈ জনতাৰ মনৰ বতৰা লোৱা লোৱাৰ লগতে নিৰ্বাচনৰ বাবে সাম্ভাব্য প্ৰাৰ্থীৰ সন্ধান কৰা হ’ব। আজিৰ সভাতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১৬ জনীয়া সদস্যৰ এক ‘লোকসভা পৰ্যৱেক্ষণ গোট’ গঠন কৰা হয়। এই গোটৰ সদস্যসকল হ’ল ক্ৰমে মনোজ ধানোৱাৰ, ব্ৰজেন কুমাৰ সন্দিকৈ, হেমন্ত ফুকন, ৰাজীব শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, অনুৰূপা ডেকাৰজা, লক্ষ্মীকান্ত দোবে, কমল কুমাৰ মেধি, আলাউদ্দিন আহমেদ, মতিৰাম কুটুম, জিতুল ডেকা, ঋষিৰাজ কুণ্ডন্য, বিনয় ডেকা, দিপাংকৰ কলিতা, কাৰ্তিক চৰকাৰ আৰু পুনম গগৈ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

‘ভৰি ক’ৰ্ট মে গুলি মাৰেংগে মেৰী জান’ গীতৰ গায়কক ১৮ জাঁই গুলী, থিতাতে মৃত্যু

August 27, 2026 3:21 pm
কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

কানপুৰৰ গংগা বেৰেজৰ সমীপত হঠাতে ভাঙি পৰিল বিমান, ২ জনৰ মৃত্যু

August 27, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm
পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

পুনৰ ভাৰতীয় দলত ছেহৱাগ-দ্ৰাবিড়; তেওঁলোকৰ পিতৃৰ পিছত এইবাৰ নীলা জাৰ্চিত আৰ্যবীৰ-অন্বয়

August 27, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd