DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত কংগ্ৰেছৰ লগত মিত্ৰতা নকৰে আপে, অকলেই খেলিব নিৰ্বাচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 9:37 pm
327
VIEWS
Share on FacebookShare on Twitter

আজি তেজপুৰত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, বিৰোধীৰ ৰাজনৈতিক মিত্ৰতা, বিজেপি নেতৃত্বাধীন চৰকাৰৰ অসমবিৰোধী তথা দৰিদ্ৰবিৰোধী কাম-কাজৰ লগতে দলৰ সাংগঠনিক আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলীয় ৰণকৌশল সন্দৰ্ভত এই সভাত বিশদভাৱে আলোচনা কৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

আজিৰ কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে যে অসমত বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে। কংগ্ৰেছৰ অপশাসন, দুৰ্নীতিৰ বাবে দলটোক অসমৰ জনতাই প্ৰত্যাখ্যান কৰি থৈছে। এনে এটা দলৰ নেতৃত্বত আম আদমি পাৰ্টীয়ে মিত্ৰতা কৰিবলৈ অসুবিধা হ’ব আৰু কংগ্ৰেছৰ সৈতে একেখন মঞ্চত থাকিবলৈ অসুবিধা হ’ব। আদৰ্শগতভাৱেও আম আদমি পাৰ্টীয়ে তেতিয়াও দুৰ্নীতিৰ লগত আপোচ নকৰে। স্বাধীনোত্তৰ ৭৫ বছৰত অসমৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিব নোৱাৰাৰ কাৰণে বিজেপিৰ লগতে কংগ্ৰেছো দাষী। সেয়ে বিজেপিৰ বিকল্প কংগ্ৰেছ হ’ব নোৱাৰে।

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যখনৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক স্বাৰ্থ বিঘ্নিত কৰাৰ বিপৰীতে দল-নিৰ্বিশেষে হিমন্ত বিশ্ব শৰ্মাৰ বিশ্বস্ত অনুগামীসকলৰ লগতে বিজেপিৰ গোপন মিত্ৰ এ আই ইউ ডি এফৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে। খিলঞ্জীয়াবিৰোধী এই খচৰাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক আম আদমি পাৰ্টীয়ে এক স্মাৰক-পত্ৰ প্ৰদান কৰিব।

আজিৰ কাৰ্যনিৰ্বাহকত আম আদমি পাৰ্টীৰ সাংগঠনিক কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে দলৰ সকলো সদস্যক সাজু হ’বলৈ আহ্বান জনায়। ‘সেতুবন্ধন’ কাৰ্যসূচীৰ জৰিয়তে পঞ্চায়ত পৰ্যায়ৰ পৰা লোকসভা পৰ্যায়লৈকে সৰ্বসাধাৰণৰ ঘৰে ঘৰে গৈ জনতাৰ মনৰ বতৰা লোৱা লোৱাৰ লগতে নিৰ্বাচনৰ বাবে সাম্ভাব্য প্ৰাৰ্থীৰ সন্ধান কৰা হ’ব। আজিৰ সভাতে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১৬ জনীয়া সদস্যৰ এক ‘লোকসভা পৰ্যৱেক্ষণ গোট’ গঠন কৰা হয়। এই গোটৰ সদস্যসকল হ’ল ক্ৰমে মনোজ ধানোৱাৰ, ব্ৰজেন কুমাৰ সন্দিকৈ, হেমন্ত ফুকন, ৰাজীব শইকীয়া, মামুন ইমদাদুল হক চৌধুৰী, অনুৰূপা ডেকাৰজা, লক্ষ্মীকান্ত দোবে, কমল কুমাৰ মেধি, আলাউদ্দিন আহমেদ, মতিৰাম কুটুম, জিতুল ডেকা, ঋষিৰাজ কুণ্ডন্য, বিনয় ডেকা, দিপাংকৰ কলিতা, কাৰ্তিক চৰকাৰ আৰু পুনম গগৈ।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd