• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব গ্ৰন্থমেলাৰ স্থান বিতৰ্ক : চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল শিল্পী-সাহিত্যিক-বুদ্ধিজীৱী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
September 1, 2018 10:28 pm
BookFair

উত্তৰ-পূব গ্ৰন্থমেলাৰ বিৰুদ্ধে চৰকাৰী ষড়যন্ত্ৰৰ প্ৰতিবাদ। শনিবাৰে, গুৱাহাটীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব গ্ৰন্থমেলাৰ স্থানক লৈ সৃষ্টি হোৱা বিতৰ্ক চলি থকাৰ মাজতেই গ্ৰন্থমেলাখনক লৈ হোৱা ষড়য়ন্ত্ৰৰ প্ৰতিবাদত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত ল’লে আয়োজক সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই। সংস্থাটোৰ আহ্বানত গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ভাগ ল’লে ৰাজ্যৰ ভালেকেইগৰাকী বুদ্ধিজীৱী, শিল্পী-সাহিত্যিক আৰু সচেতন নাগৰিকে।

অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থকি সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্মামীয়ে কয়, “সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোক আজি উত্তৰ-পূব গ্ৰন্থমেলাৰ বিৰুদ্ধে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিছে, সংবাদ মাধ্যমত গুৰুত্ব সহকাৰে প্ৰকাশ পাইছে। এই প্ৰতিবাদক যেতিয়ালৈ চৰকাৰে মানি নলয় তেতিয়ালৈ আমি গণতান্ত্ৰিক আন্দোলন চলাই নিম।”

Apply Now

তেওঁ লগতে প্ৰয়োজনত আইনৰ কাষ চাপিব বুলিও জানিবলৈ দিয়ে। আদালতৰ জৰিয়তে আমি গ্ৰন্থমেলাখনৰ অচলাৱস্থা দূৰ কৰিব লগীয়া হ’লে চৰকাৰেই লাজ পাব বুলিও মন্তব্য কৰে সাধাৰণ সম্পাদকজনে।

ইয়াৰ উপৰি কেইজনমান মানুহে ষড়যন্ত্ৰমূলকভাৱে গ্ৰন্থমেলাখন পতাত বিধি-পথালি দিয়া বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিষয়টো গুৰুত্ব সহকাৰে লৈ এই বাধা আঁতৰোৱাৰ আহ্বান জনায়।

উল্লেখ্য যে, অহা ৯ নবেম্বৰৰ পৰা ২০ নবেম্বৰলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলাৰ সময়তে একেখন খেলপথাৰতে অসম প্ৰকাশন পৰিষদে এক শিশু গ্ৰন্থ উৎসৱৰ আয়োজন কৰিছে। যাৰ ফলত উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক হেঙাৰৰ সৃষ্টি হৈছে।

ইতিমধ্যে, এই বিষয়লৈ মুখ্য মন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীৰ কাষ চাপিছিল যদিও এতিয়ালৈ কোনো সঁহাৰি লাভ কৰা নাই উত্তৰ-পূব গ্ৰন্থমেলাৰ আয়োজকসকলে।

শনিবাৰৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লৈ বিশিষ্ট সমাজকৰ্মী, লেখিকা পদ্মশ্ৰী এলি আহমেদে কয়, “মোৰ বোধেৰে এই বিষয়টো মুখ্য মন্ত্ৰী ভালদৰে অৱগত হোৱা নাই, গতিকে তেওঁক এবাৰ ভালকৈ লগ কৰি এই কথাটো অৱগত কৰোৱাৰ প্ৰয়োজন আছে। গ্ৰন্থমেলা আমাক লাগিবই। গতিকে আমি মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাৰ জৰিয়তে বিষয়টো সমাধান কৰিব লাগিব।”

এই প্ৰতিবাদী কাৰ্যসূচীত পদ্মশ্ৰী অজয় দত্ত, শিক্ষাবিদ ড০ দয়ানন্দ পাঠক, শিল্পী মিনুল হককে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

আনহাতে জুবিনেও আজি নিজৰ ফেচবুক একাউণ্টৰ টাইম লাইনত এটা লেখাৰ জৰিয়তে গ্ৰন্থমেলাখন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় পৰিৱেশ সৃষ্টি কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল। শিল্পীজনে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীটোলৈ সমৰ্থনো আগ বঢ়াইছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd