• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গংগা নদীৰ বুকুত ইফতাৰ কৰাৰ গোচৰত অভিযুক্ত ৬জনক জামিন এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 3:58 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পবিত্ৰ গংগা নদীৰ বুকুত নাও চলাই ইফতাৰ কৰা আৰু বিৰিয়ানী খাই তাৰ হাড় নদীত দলিয়াই দিয়াৰ অভিযোগত কাৰাগাৰত বন্দী হৈ থকা আন ছয়গৰাকী অভিযুক্তকো এলাহাবাদ উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে। ন্যায়াধীশ ৰাজীৱ লোচন শুক্লাৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। ইয়াৰ পূৰ্বে যোৱা পোন্ধৰ মে’ত এই একেখন বিচাৰপীঠে পাঁচগৰাকী আৰু ন্যায়াধীশ জিতেন্দ্ৰ কুমাৰ সিনহাৰ বিচাৰপীঠে তিনিগৰাকী অভিযুক্তৰ জামিন মঞ্জুৰ কৰিছিল। আদালতে উল্লেখ কৰে যে অভিযুক্তসকলে নিজৰ কৰ্মৰ বাবে ক্ষমা খুজিছে। বাকী থকা ছয়জন অভিযুক্তৰ জামিন আবেদন গ্ৰহণ কৰি আদালতে কয় যে এই একেটা গোচৰতে ইতিমধ্যে আঠজন অভিযুক্তই পূৰ্বে জামিন লাভ কৰিছে, গতিকে বৰ্তমানৰ আবেদনকাৰী সকলো জামিন পোৱাৰ যোগ্য। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বাৰাণসীৰ নিম্ন আদালতে এই আটাইকেইজন অভিযুক্তৰে জামিন আবেদন খাৰিজ কৰিছিল, যাৰ পিছত তেওঁলোকে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

এই গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ ৰাজীৱ লোচন শুক্লাৰ বিচাৰপীঠে গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে গংগা নদী কেৱল হিন্দুসকলৰে নহয়, বৰঞ্চ সমগ্ৰ দেশৰে আস্থাৰ প্ৰতীক। আদালতে উল্লেখ কৰে যে অভিযুক্তসকলে দাখিল কৰা শপতনামাত তেওঁলোকে নিজৰ কৰ্মৰ বাবে অনুতাপ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ পৰিয়ালেও সমাজত সৃষ্টি হোৱা ক্ষোভৰ বাবে দুখ প্ৰকাশ কৰিছে। চৰকাৰী পক্ষৰ অতিৰিক্ত মহাধিবক্তা অনুপ ত্ৰিবেদীয়ে এই সমগ্ৰ ঘটনাটোক এক গভীৰ ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰিছিল যদিও আদালতে কয় যে অভিযুক্তসকলক কাৰাগাৰত আৱদ্ধ কৰি নো ৰাখিও গোচৰৰ পৰৱৰ্তী তদন্ত চলাই যাব পৰা যাব। যোৱা সোতৰ মাৰ্চৰ পৰা কাৰাগাৰত থকা এই যুৱকসকলে ভৱিষ্যতে এনে ধৰণৰ কাম নকৰাৰ প্ৰতিশ্ৰুতি দিছে। তেওঁলোকৰ কোনো অপৰাধমূলক পটভূমি নথকা আৰু ইতিমধ্যে ভোগ কৰা কাৰাবাসৰ সময়ক লক্ষ্য ৰাখি আদালতে তেওঁলোকক জামিন প্ৰদান কৰে।

Apply Now

এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছিল সোতৰ মাৰ্চত, যেতিয়া শাসকীয় বিজেপি দলৰ যুৱ মৰ্চাৰ বাৰাণসী মহানগৰ সভাপতি ৰজত জয়ছোৱালে ধৰ্মীয় অনুভূতিত আঘাত সনাৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। এজাহাৰকাৰী যুৱ নেতাগৰাকীৰ মতে পবিত্ৰ গংগা নদীত মুছলিম যুৱকসকলে মাংস ভক্ষণ কৰাটো সনাতন ধৰ্মৰ অনুগামীসকলে সহ্য নকৰে। তেওঁ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি যুৱককেইজনে এক বিশেষ ধৰ্মীয় কট্টৰপন্থী চিন্তাধাৰাক প্ৰশ্ৰয় দিয়া বুলিও দাবী কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ ধৰ্মীয় বিদ্বেষ বিয়পোৱা, পবিত্ৰ স্থানক অপবিত্ৰ কৰা, জনসাধাৰণক আমনি কৰা আৰু জল প্ৰদূষণ প্ৰতিৰোধ আইনৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিল।

উচ্চ ন্যায়ালয়ৰ পৰা আটাইকেইজন অভিযুক্তই জামিন লাভ কৰাৰ পিছত গোচৰ তৰা ৰজত জয়ছোৱালে সংবাদ মাধ্যমৰ আগত কয় যে ন্যায়ালয়ৰ এই আদেশ আদৰণীয়। ইয়াৰ দ্বাৰা সেই যুৱককেইজনে এক শিক্ষা পাব আৰু সমাজলৈও এটা ভাল বাৰ্তা যাব। তেওঁ লগতে হুংকাৰ দিয়ে যে যদিহে তেওঁলোকৰ আচৰণত কোনো পৰিৱৰ্তন দেখা নাযায়, তেন্তে ভৱিষ্যতে আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। আনহাতে এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এক বিশেষ দিশ পোহৰলৈ আহিছে। সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই নিৰ্দিষ্ট ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰাৰ পিছত অল্ট নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰিছে যে নদীৰ পানীত হাড় দলিয়াই দিয়াৰ কোনো স্পষ্ট প্ৰমাণ তেওঁলোকৰ অনুসন্ধানত পোৱা নগ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd