• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰাপত্তা বাহিনীৰ দ্বাৰা সংঘটিত ভুৱা সংঘৰ্ষ সন্দৰ্ভত কেন্দ্ৰ, প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ পৰা উত্তৰ বিচাৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , August 14, 2018 3:32 pm

3 min read

encounter-pic-570x320
69
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত  ভাৰতীয় নিৰাপত্তা বাহিনীয়ে সংঘটিত কৰা ‘ন্যায়িক বহিৰ্ভুত হত্যাকাণ্ড’ৰ (extra-judicial killings) বিষয়ত সৰ্বোচ্চ ন্যায়ালয়ে চিবিআইক তদন্তৰ নিৰ্দেশ দিয়াৰ পাছত এইবাৰ  সামৰিক বাহিনীসমূহক যথেষ্ট অস্বস্তিত পেলাই ভৰতৰ সৰ্বোচ্চ ন্যায়ালয়ে এখন  জনস্বাৰ্থ-জড়িত আৱেদনৰ ভিত্তিত অসমত সামৰিক বাহিনীৰ দ্বাৰা সংঘটিত  ‘ভুৱা সংঘৰ্ষৰ’ অভিযোগ সন্দৰ্ভত কেন্দ্ৰ চৰকাৰ, প্ৰতিৰক্ষা মন্ত্ৰ্যালয়, চিআৰপিএফৰ পৰা উত্তৰ বিচাৰিছে।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে আৱেদনকাৰী তথা প্ৰাক্তন বিত্ত সচিব ইএএছ শৰ্মাই তেওঁৰ জনস্বাৰ্থ জড়িত আৱেদনখনৰ ভিত্তি হৈছে অসমৰ শিমলুগুৰিত ২০১৭ৰ ৩০ মাৰ্চত এটা ভুৱা সংঘৰ্ষত এনডিএফবিৰ (সংবিজিত গোট) দুজন সন্দেহজনক সদস্যক শীতল মস্তিস্কৰে ভুৱা সংঘৰ্ষ সংঘটিত কৰা সন্দৰ্ভত ২০১৭ চনত চিআৰপিএফৰ মহা পৰিদৰ্শক ৰাজনীশ ৰাইয়ে উত্থাপন কৰা অভিযোগ। শৰ্মাই ২০০০ চনত স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি তথ্য জনাৰ অধিকাৰৰ সাব্যস্ত কৰিবলৈ যুদ্ধ কৰি গৈছিল আৰু এনেদৰে তেওঁ চত্তীছগড়ত ‘ছালৱা জুদুম’ক (চৰকাৰী পৃষ্ঠপোষকতাত গঢ় লোৱা এটা সন্ত্ৰাস বিৰোধী অআনুষ্ঠানিক গোট) সৰ্বোচ্চ ন্যায়লয়ে নিষিদ্ধ কৰাত আৰু সমাজ সচেতন আন্দোলনকৰ্মীসকলক সুৰক্ষা দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বাবে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এপি শ্বাহৰ সৈতে জড়িত হৈ পৰিছিল।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে জ্যেষ্ঠ অধিবক্তা কলিন গনছালভছ, ন্যায়াধীশ দীপক মিশ্ৰ আৰু ন্যায়াধীশ এএম খানৱিলকাৰ আৰু ডি ৱাই চন্দ্ৰচূড়েৰে গঠিত এখন বিচাৰপীঠে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগ, ৪ কৰ্পছৰ জেনেৰেল অফিচাৰ কমাণ্ডিং আৰু অপাৰেশ্যনেল গ্ৰুপৰ অধ্যক্ষ, ইউনিফাইড কামাণ্ড, সশস্ত্ৰ সীমা বল, অসমৰ চিৰাঙ জিলাত মোতায়েন চিআৰপিএফৰ কামাণ্ডেণ্ট ৰাজেশ পাণ্ডে, চিৰাং জিলাৰ চিআৰপিএফৰ উপ মহাপৰিদৰ্শক (অভিযান) এনকে ভৰদ্বাজ আৰু আনকি ৰাজনীশ ৰাইলৈকেও জাননী জাৰী কৰিছিল।

আৱেদনকাৰী ইএএছ শৰ্মাই ৰাজনীশ ৰাইয়ে ‘ভুৱা সংঘৰ্ষ’ৰ সাক্ষীসকলৰ সৈতে মত বিনিময় কৰা আৰু মাৰ্চৰ ৩০ তাৰিখে ভাৰতীয় সেনা, অসম আৰক্ষী, চিআৰপিএফ আৰু এছএছবিৰ দ্বাৰা শিমলুগুৰিত যুটীয়া অভিযানত সন্দেহজনক এনডিএফবিৰ (সং)সদস্য লুকাছ নাৰ্জাৰী ওৰফে এন লাংফা আৰু ডেভিড ইছলাৰী ওৰফে ডায়ুডক এটা ‘ভুৱা সংঘৰ্ষ’ত হত্যা কৰাৰ এটা সম্পূৰ্ণ তদন্ত দাবী কৰাৰ ১৭ এপ্ৰিলত বাতৰি কাকতৰ প্ৰতিৱেদনৰ উল্লেখ কৰিছিল।

শৰ্মাই ৰাইৰ উদ্ধৃতিৰে কৈছিল, ‘‘কেইগৰাকীমান বিষয়াৰ দ্বাৰা এই অভিযানটো চলোৱা হ’লে মই (ৰাই) সিমান চিন্তিত নহ’লোহেতেন। যিহেতু এই অভিযানটোত একাধিক নিৰাপত্তা বাহিনী জড়িত হৈ আছিল এই ক্ষেত্ৰত দেশখনৰ আটাইতকৈ সন্মানীয় নিৰাপত্তা বাহিনীকেইটাৰ পৰিচালনাত এক গভীৰ আনুষ্ঠানিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। আনুষ্ঠানিক প্ৰক্ৰিয়াসমূহক ইয়ে বেয়াকৈ অৱনমিত আৰু নিম্নমানৰ কৰি তোলে।’’ ৰাইয়ে আৰু কৈছে যে নিৰাপত্তা বাহিনীসমূহৰ কাকো হত্যা কৰাৰ অধিকাৰ নাই, আনকি আটাইতকৈ ভয়ংকৰ সন্ত্ৰাসবাদী বা অপৰাধীকো সমাজৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰতো শীতল মস্তিস্কৰে হত্যা কৰাৰ অধিকাৰ নাই। গতিকে ব্যক্তিগত মানৱাধিকাৰ আৰু সামাজিক স্বাৰ্থৰ মাজত এটা ভাৰসাম্য ৰক্ষা কৰাটো খুবেই জৰুৰী। ইয়াত বিফল হ’লে ৰোগমুক্তিটো ৰোগতকৈও শোচনীয় হৈ পৰিব।

উল্লেখ্য যে ছোহৰাবুদ্দিন আৰু তুলসীৰাম প্ৰজাপতি ভুৱা সংঘৰ্ষৰ গোচৰত শীৰ্ষ আৰক্ষী বিষয়া পিচি পাণ্ডে আৰু অ’পি মাথুৰৰ ভূমিকা থকা সন্দৰ্ভত অভিযোগ তুলি ৰাজনীশ ৰাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd