• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচন গ’ল! অধিক চিৰিয়াছ হৈ পৰিল স্বাস্থ্যমন্ত্ৰী আৰু বিহু পালন কৰাত বান্ধি দিলে এইবোৰ নিয়ম

নিৰ্বাচনী প্ৰচাৰত মাক্স পিন্ধিবলৈ মানা কৰা হিমন্তই বিহুৰ সময়ত কিয় ক’লে সামাজিক দূৰত্ব মানি চলাৰ কথা?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 8, 2021 3:14 pm

2 min read

hiiiii
574
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত তিনিটা পৰ্য্যায়ৰ নিৰ্বাচনৰ অন্ত পৰিল। ৰাজনৈতিক দলসমূহে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত সভা-সমিতি অনুষ্ঠিত কৰিলে।

নিৰ্বাচনী প্ৰচাৰৰ ধুম-খুমীয়াত ক’ৰ’নাৰ কথা পাহৰি পেলাইছিল স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি অসমত মাক্স পিন্ধিবলগীয়া পৰিস্থিতি অহা নাই বা তেওঁ নিজেও মাস্ক নিপিন্ধাকৈ গোটেইখন ঘূৰি ফুৰে বুলি দাম্ভিকতাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মন্তব্য দিছিল।

কিন্তু নিৰ্বাচনী প্ৰচাৰ বা তিনিটা পৰ্য্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে অধিক চিৰিয়াছ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ব’হাগ বিহু অসমৰ ৰাইজে অতি সুন্দৰকৈ অনুষ্ঠিত কৰিব পাৰিব বুলি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কেতবোৰ নীতি-নিয়মৰ কথা গাইডলাইন আকাৰত প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰিয় নেতাগৰাকীক ওচৰৰ পৰা চাবলৈ জনতাই ভিৰ কৰিছিলহি। তেতিয়া তেওঁলোকে কোনোধৰণৰ কোভিড প্ৰট’কল মানি চলা নাছিল। কোনোধৰণৰ সামাজিক দূৰত্বও দেখা পোৱা নগৈছিল। আনকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত সভা অনুষ্ঠিত কৰাৰ লগতে তেওঁৰ জনপ্ৰিয়তা প্ৰদৰ্শনৰ বাবে প্ৰায় সকলোবোৰ সমষ্টিতে ৰোডশ্ব’ কৰিছিল য’ত নেকি তেওঁ প্ৰদৰ্শন কৰিছিল কোভিডক লৈ তেওঁ কোনো প্ৰকাৰেই চিন্তিত নহয়।

কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু অহাৰ লগে লগে হঠাৎ অধিক চিৰিয়াছ হৈ পৰিল স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু বিহু পালনৰ ক্ষেত্ৰত সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে।

বিহু কেনেকৈ পালন কৰিব লাগে তাৰ এখন SOP প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই সংবাদমেলত কয়, ‘ৰাতি ১২ বজালৈকে বিহু অনুষ্ঠিত কৰিব লাগে। বিহু কমিটিয়ে চকীসমূহ সামাজিক দূৰত্ব মানি সজাব লাগে।‘

অৱশ্যে, কোনোধৰণৰ লকডাউন বা নাইট কাৰ্ফিউ অসমত নহয় বুলি উল্লেখ কৰে হিমন্তই।

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে ‘বিহুটো যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে দৈনিক ১ লাখকৈ কোভিড টেষ্ট কৰোৱা হ’ব।‘

মন্ত্ৰীগৰাকীৰ নিজ মুখৰে প্ৰকাশ পোৱা তথ্য অনুসৰি ‘নিৰ্বাচনৰ পূৰ্বে দৈনিক ৭০০০-৮০০০ কোভিড টেষ্ট কৰোৱা হৈছিল আৰু আজিৰে পৰা ৩৫ হাজাৰ টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰা হ’ব আৰু পৰ্য্যায়ক্ৰমে দৈনিক ১ লাখ টেষ্ট কৰোৱা হ’ব যাতে বিহুটো সুকলমে অনুষ্ঠিত কৰিব পাৰে।‘

সাধাৰণ মানুহৰ মনত প্ৰশ্ন হৈছে, ‘নিৰ্বাচনী প্ৰচাৰত ক’ৰ’না নহয় নেকি? বা বিহু অনুষ্ঠিত কৰিলেহে ক’ৰ’না হ’ব নেকি? নিৰ্বাচনী প্ৰচাৰত সামাজিক দুৰত্বৰ কথা উল্লেখ নকৰা মন্ত্ৰীজনে বিহুৰ সময়তহে কিয় সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিলে?

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd