• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচন গ’ল! অধিক চিৰিয়াছ হৈ পৰিল স্বাস্থ্যমন্ত্ৰী আৰু বিহু পালন কৰাত বান্ধি দিলে এইবোৰ নিয়ম

নিৰ্বাচনী প্ৰচাৰত মাক্স পিন্ধিবলৈ মানা কৰা হিমন্তই বিহুৰ সময়ত কিয় ক’লে সামাজিক দূৰত্ব মানি চলাৰ কথা?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2021 3:14 pm
hiiiii
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত তিনিটা পৰ্য্যায়ৰ নিৰ্বাচনৰ অন্ত পৰিল। ৰাজনৈতিক দলসমূহে হাজাৰ হাজাৰ লোকৰ উপস্থিতিত সভা-সমিতি অনুষ্ঠিত কৰিলে।

নিৰ্বাচনী প্ৰচাৰৰ ধুম-খুমীয়াত ক’ৰ’নাৰ কথা পাহৰি পেলাইছিল স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আনকি অসমত মাক্স পিন্ধিবলগীয়া পৰিস্থিতি অহা নাই বা তেওঁ নিজেও মাস্ক নিপিন্ধাকৈ গোটেইখন ঘূৰি ফুৰে বুলি দাম্ভিকতাৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত মন্তব্য দিছিল।

Apply Now

কিন্তু নিৰ্বাচনী প্ৰচাৰ বা তিনিটা পৰ্য্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে অধিক চিৰিয়াছ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ব’হাগ বিহু অসমৰ ৰাইজে অতি সুন্দৰকৈ অনুষ্ঠিত কৰিব পাৰিব বুলি ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কেতবোৰ নীতি-নিয়মৰ কথা গাইডলাইন আকাৰত প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰিয় নেতাগৰাকীক ওচৰৰ পৰা চাবলৈ জনতাই ভিৰ কৰিছিলহি। তেতিয়া তেওঁলোকে কোনোধৰণৰ কোভিড প্ৰট’কল মানি চলা নাছিল। কোনোধৰণৰ সামাজিক দূৰত্বও দেখা পোৱা নগৈছিল। আনকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত সভা অনুষ্ঠিত কৰাৰ লগতে তেওঁৰ জনপ্ৰিয়তা প্ৰদৰ্শনৰ বাবে প্ৰায় সকলোবোৰ সমষ্টিতে ৰোডশ্ব’ কৰিছিল য’ত নেকি তেওঁ প্ৰদৰ্শন কৰিছিল কোভিডক লৈ তেওঁ কোনো প্ৰকাৰেই চিন্তিত নহয়।

কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু অহাৰ লগে লগে হঠাৎ অধিক চিৰিয়াছ হৈ পৰিল স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু বিহু পালনৰ ক্ষেত্ৰত সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিলে মন্ত্ৰীগৰাকীয়ে।

বিহু কেনেকৈ পালন কৰিব লাগে তাৰ এখন SOP প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই সংবাদমেলত কয়, ‘ৰাতি ১২ বজালৈকে বিহু অনুষ্ঠিত কৰিব লাগে। বিহু কমিটিয়ে চকীসমূহ সামাজিক দূৰত্ব মানি সজাব লাগে।‘

অৱশ্যে, কোনোধৰণৰ লকডাউন বা নাইট কাৰ্ফিউ অসমত নহয় বুলি উল্লেখ কৰে হিমন্তই।

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে ‘বিহুটো যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে দৈনিক ১ লাখকৈ কোভিড টেষ্ট কৰোৱা হ’ব।‘

মন্ত্ৰীগৰাকীৰ নিজ মুখৰে প্ৰকাশ পোৱা তথ্য অনুসৰি ‘নিৰ্বাচনৰ পূৰ্বে দৈনিক ৭০০০-৮০০০ কোভিড টেষ্ট কৰোৱা হৈছিল আৰু আজিৰে পৰা ৩৫ হাজাৰ টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰা হ’ব আৰু পৰ্য্যায়ক্ৰমে দৈনিক ১ লাখ টেষ্ট কৰোৱা হ’ব যাতে বিহুটো সুকলমে অনুষ্ঠিত কৰিব পাৰে।‘

সাধাৰণ মানুহৰ মনত প্ৰশ্ন হৈছে, ‘নিৰ্বাচনী প্ৰচাৰত ক’ৰ’না নহয় নেকি? বা বিহু অনুষ্ঠিত কৰিলেহে ক’ৰ’না হ’ব নেকি? নিৰ্বাচনী প্ৰচাৰত সামাজিক দুৰত্বৰ কথা উল্লেখ নকৰা মন্ত্ৰীজনে বিহুৰ সময়তহে কিয় সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিলে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd