• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ দিনত ৰাজ্যত বৃদ্ধি পালে ১২,৭১,৩৬২ জন নিৱনুৱা – অখিল গগৈ

ইক’ন’মিক চাৰ্ভে, অসমৰ উদ্ধৃতিৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ক’লে অসমত বৰ্তমান পঞ্জীভূত নিবনুৱাৰ সংখ্যা ৩২,৩৪,৭৩৮ জন ২০১৭ চনত নিবনুৱা আছিল ১৯,৬৩,৩৭৬, বিজেপি চৰকাৰৰ দিনত বৃদ্ধি পালে ১২,৭১,৩৬২ জন

by
February 21, 2024 9:08 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰৰ শাসনকালত অসমত ২০২২ চনত নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা ৩২,৩৪,৭৩৮ জনলৈ বৃদ্ধি পালে। বিজেপিৰ শাসনকালতে নিবনুৱা বাঢ়িল ১২,৭১,৩৬২ জন। শিক্ষিত নিবনুৱাৰ সংখ্যাও এই চৰকাৰৰ দিনত ১৮,০৫,৪৪১ জনলৈ বৃদ্ধি পালে। আনহাতে ২০২২-২৩ বৰ্ষত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও সাংঘাতিকভাৱে বৃদ্ধি পাইছে। এই বক্তব্য শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈৰ ৷

আজি অসম বিধানসভাৰ অধিৱেশনত অংশগ্ৰহণ কৰাৰ পূৰ্বে বিধায়ক অখিল গগৈয়ে বিধানসভা চৌহদত সাংবাদিকসকলক সম্বোধন কৰি কয় যে অসমত নিবনুৱাৰ সংখ্যা অভিলেখ সংখ্যক ৩২,৩৪,৭৩৮ জনলৈ বৃদ্ধি পাইছে। যোৱা ১২ ফেব্ৰুৱাৰীত অসম বাজেট ২০২৪-২৫ উত্থাপনৰ আগে আগে প্রকাশিত “অৰ্থনৈতিক সমীক্ষা, অসম ২০২৩-২৪”ৰ কপি প্ৰদৰ্শন কৰি সংবাদ মেলত অখিল গগৈয়ে কয় যে “অৰ্থনৈতিক সমীক্ষা, অসম ২০২৩-২৪” ৰ পৃষ্ঠা নং ২৫৯ ত দেখুওৱা অনুসৰি ২০২২ চনত অসমৰ সৰ্বমুঠ নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা হ’ল ৩২,৩৪,৭৩৮ জন। 

Apply Now

সংবাদ মেলত অখিল গগৈয়ে একে উৎসৰ উদ্ধৃতিৰে কয়, অসমত বিজেপি শাসনলৈ অহাৰ সময়ত অৰ্থাৎ ২০১৭ চনত অসমত নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীভূত নিবনুৱা আছিল ১৯,৬৩,৩৭৬ জন। বিজেপিৰ শাসন কালত ৬ টা বছৰত, ২০২২ চনলৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি হ’ল ১২,৭১,৩৬২ জন। 

অখিল গগৈয়ে কয়, বিজেপিৰ ২০১৬ আৰু ২০২১ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ এটা প্রধান প্রতিশ্রুতি আছিল নিবনুৱা সমস্যাৰ সমাধান। কিন্তু বিজেপি শাসনৰ ‘অমৃত কাল’ত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমত এতিয়া কোনেও নিবনুৱা সমস্যাৰ ওপৰত কথা নকয়, অসমৰ ৰাজনীতিত এতিয়া কেৱল হিন্দু-মুছলমানৰ আলোচনাহে হয়। 

লগতে অখিল গগৈয়ে কয়- ২০২১ চনত অসমৰ সৰ্বমুঠ শিক্ষিত নিবনুৱাৰ সংখ্যা হ’ল ১৮,০৫,৪৪১ জন।

২০২০ চনত এই সংখ্যা আছিল ১৭,৪৬,৬৭১ জন। এবছৰতে শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি হ’ল ৫৮,৭৭০ জন, বৃদ্ধিৰ হাৰ ৩.৩% । ২০২২ চনত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডত নিযুক্ত লোকৰ সংখ্যা ১১,০০,৩৫৫ জন|

কিন্তু ২০২১ চনত এই সংখ্যা অধিক আছিল, সেই সংখ্যা হ’ল ১১,০৫,৪৪১ জন। ২০২১ ৰ পৰা ২০২২ চনলৈ এবছৰত ব্যক্তিগত খণ্ডত নিয়োগ কমিল ২০,৩২৩ জন। 

অখিল গগৈয়ে কয় যে বিজেপিয়ে অসমক দেশৰ দ্ৰুততম নিয়োগ সৃষ্টি কৰা ৰাজ্য কৰাৰ কথা ঘোষণা কৰিছিল। বিজেপি চৰকাৰে অসমক দ্ৰুততম নিয়োগ সৃষ্টি কৰা ৰাজ্য কৰিব নোৱাৰিলে, কিন্তু দ্ৰুততম নিবনুৱা বৃদ্ধি হোৱা ৰাজ্যৰূপে প্রতিষ্ঠা হ’ল অসম।

আনহাতে একেখন সংবাদ মেলত বিধায়ক গগৈয়ে “অৰ্থনৈতিক সমীক্ষা, অসম ২০২৩-২৪”ৰ তথ্যৰ উদ্ধৃতিৰে কয় যে এই সমীক্ষাৰ পৃষ্ঠা নং ২৮৭ ত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে অসমত দ্ৰুত গতিত বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হৈছে। নিম্ন প্রাথমিক বিদ্যালয়ত ২০২২-২৩ বৰ্ষত ড্ৰপ আউটৰ হাৰ ৮.৪৯%, অথচ তাৰ আগৰ বছৰ, ২০২১-২২ বৰ্ষত, হাৰ আছিল ৬.০২% । 

২০১৮-১৯ বৰ্ষত ড্ৰপ আউটৰ হাৰ আছিল ৩.১% আৰু ২০১৯-২০ চনত নিম্ন প্ৰাথামক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰাৰ হাৰ আছল ৪.৩%। 

উচ্চ প্রাথমিক বিদ্যালয়ৰ আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰও বৃদ্ধি পাইছে৷ ২০২১-২২ বৰ্ষত উচ্চ প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ড্ৰপ আউট হাৰ আছিল ৮.৮১% 

বিপৰীতে ২০২২-২৩ বৰ্ষত ই বৃদ্ধি পাই হ’লগৈ ১০.৩৩%। 

বিজেপিৰ স্বঘোষিত ‘অমৃত কাল’ত এনেকৈ প্রাথমিক বিদ্যালয়তে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰিবলগীয়া হোৱা ঘটনাই বিজেপি চৰকাৰৰ শাসনৰ অন্ধকাৰ দিশটোকে উদঙাই দিয়ে বুলি সংবাদ মেলত উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd