• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিতা জনগোষ্ঠী সন্মিলনত এতিয়া বিজেপিৰ দপদপনি: ক্ষোভত ফাটি পৰিছে সংগঠনটোৰ সদস্যসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 23, 2026 4:41 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ কলিতা জনগোষ্ঠীৰ সৰ্বোচ্চ সংগঠন কলিতা জনগোষ্ঠী সন্মিলনৰ নেতৃত্বক লৈ এতিয়া তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। সংগঠনটোৰ ভিতৰচৰাতে এতিয়া নেতৃত্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বহু সদস্যৰ মতে, সন্মিলনখনক লাহে লাহে এটা বিশেষ ৰাজনৈতিক দলৰ মঞ্চ হিচাপে গঢ়ি তোলা হৈছে। বিশেষকৈ বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কসকলৰ অতিমাত্ৰা প্ৰভাৱক লৈ এতিয়া সাধাৰণ সদস্যসকলৰ মাজত ব্যাপক অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। তেওঁলোকে অভিযোগ কৰিছে যে সমাজৰ হিতৰ কাম কৰাতকৈ নেতাৰ মৰম লাভ কৰাতহে নেতৃত্বই বেছি গুৰুত্ব দিছে।

গোলাঘাট জিলাৰ হামদৈত ২৩ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া কলিতা জনগোষ্ঠী সন্মিলনৰ দ্বি-বাৰ্ষিক অধিবেশনখনক লৈ এই বিতৰ্কই এতিয়া চৰম পৰ্যায় পাইছে। অভিযোগ অনুসৰি, এই অধিবেশনৰ অতিথি তালিকাখনত কেৱল শাসকীয় বিজেপি দলৰ নেতাৰে ভৰি আছে। ইয়াত কোনো বিশিষ্ট পণ্ডিত, সাহিত্যিক, শিক্ষাবিদ বা নিৰপেক্ষ বুদ্ধিজীৱীক নিমন্ত্ৰণ কৰা হোৱা নাই। সন্মিলনখনৰ এজন জ্যেষ্ঠ সদস্যই জনোৱা মতে, অনুষ্ঠানটো এতিয়া আৰু জনগোষ্ঠীয় সন্মিলন হৈ থকা নাই, ই যেন এটা বিজেপিৰ দলীয় সভাহে। গুজৰাটৰ মন্ত্ৰী কুঁৱৰজী বাৱালিয়াৰ পৰা আৰম্ভ কৰি অসমৰ অজন্তা নেওগ, পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ দৰে প্ৰভাৱশালী মন্ত্ৰীসকলক ইয়াত মুখ্য অতিথি হিচাপে ৰখা হৈছে।

Apply Now

কেৱল এইবাৰেই নহয়, যোৱা ২২ ডিচেম্বৰত আয়োজিত প্ৰাগজ্যোতিষপুৰ দিৱসতো একেই দৃশ্য দেখা গৈছিল। সেই অনুষ্ঠানলৈও ১৭ জনকৈ বিজেপিৰ মন্ত্ৰী-বিধায়কক নিমন্ত্ৰণ কৰা হৈছিল। বিৰোধী দলৰ পৰা কেৱল এজন বিধায়ক দিগন্ত বৰ্মনকহে দেখা গৈছিল। সদস্যসকলে অভিযোগ কৰিছে যে সমাজৰ জ্ঞানী-গুণী লোকসকলক সম্পূৰ্ণৰূপে বাদ দি কেৱল ৰাজনৈতিক নেতাক গুৰুত্ব দিয়াৰ ফলত সংগঠনটোৰ স্বকীয়তা হেৰাই গৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈকে সকলোকে সন্মিলনৰ বিভিন্ন পদত বহুৱাই দিয়া কাৰ্যই সচাকৈয়ে সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, কলিতা জনগোষ্ঠীৰ মূল সমস্যাসমূহ এতিয়া যেন সম্পূৰ্ণৰূপে তল পৰি গৈছে। প্ৰায় ৭০ লাখ জনসংখ্যা থকা এই বৃহৎ জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি জনজাতিকৰণ আৰু চৰকাৰী চাকৰিত ১৮ শতাংশ সংৰক্ষণৰ দাবী জনাই আহিছে। কিন্তু অভিযোগ উঠিছে যে সন্মিলনৰ নেতৃত্বই চৰকাৰৰ ওপৰত এই দাবীসমূহ পূৰণৰ বাবে হেঁচা দিয়াৰ পৰিৱৰ্তে মন্ত্ৰীসকলক সন্তুষ্ট কৰাতহে বেছি ব্যস্ত হৈ পৰিছে। চৰকাৰে আজিলৈকে এই দাবীসমূহৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই, অথচ সন্মিলনৰ নেতৃত্বই কেৱল শাসকীয় দলৰ গুণগান গাবলৈ আৰম্ভ কৰিছে বুলি একাংশ সদস্যই দুখ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm
‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

‘মোক ৰখাবলৈ অনুৰোধ নকৰিব, চৰকাৰক প্ৰশ্ন কৰক’, অনশন মঞ্চৰ পৰা সোনম ৱাংচুকৰ বাৰ্তা

July 15, 2026 5:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd