দুই দশকৰো বেছি সময়ৰ স্বাস্থ্যমন্ত্ৰী আৰু আজিৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সাফল্যৰ নমুনা (!) এয়ে যে, ৰাজ্যৰ তিনিখনকৈ প্ৰধান চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল হোৱাৰ উপক্ৰম হৈছে। এয়া ৰাজ্যবাসীৰ বাবে অতি পৰিতাপৰ কথা আৰু এয়াই স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ বুলি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অভিমত ব্যক্ত কৰিছে। এই বিষয়ত কেৱল কেইটামান বিল্ডিং বান্ধিয়ে স্বাস্থ্যখণ্ডৰ উন্নয়ন হৈছে বুলি দাম্ভলি মৰা মুখ্যমন্ত্ৰীৰ ভুমিকাক ডি ৱাই এফ আইয়ে কঠোৰ ভাষাৰে সমালোচনা কৰিছে।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এন এম চি)য়ে সাময়িকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, অসম মেডিকেল কলেজ আৰু বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰিবলৈ জাননী প্ৰেৰণ কৰিছে। প্ৰয়োজনীয় ফেকাল্টিৰ অভাব, বিভিন্ন বিভাগত চিকিৎসকৰ অভাব, দুৰ্বল আন্তঃগাঁথনিকে ধৰি কেইবাটাও গুৰুতৰ বিসংগতিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে স্বীকৃতি বাতিলৰ জাননী দিছে। আয়োগৰ এই পদক্ষেপৰ ফলত ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটো প্ৰকাশ পাইছে। তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ ঘটনাই এটা কথাই প্ৰমাণ কৰিছে যে ৰাজ্যখনৰ জনসাধাৰণৰ উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ নামত গুৰুতৰ প্ৰবঞ্চনা কৰা হৈছে।
অতি দুৰ্ভাগ্যৰ কথা যে মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যৰ্থতা স্বীকাৰ কৰি প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰাৰ সলনি অতি পাতল কথা কই বিষয়টো লঘু কৰিব বিচাৰিছে। আন এক উল্লেখনীয় দিশ হ’ল মুখ্যমন্ত্ৰীয়ে দিয়া ভাষ্যৰ বিপৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ বক্তব্যত অন্য কথাহে প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই যে প্ৰকৃত ঘটনা গাপ দিব বিচাৰিছে সেয়া দুয়োজনৰ মন্তব্যৰ পৰাই প্ৰমাণিত হৈছে। ডি ৱাই এফ আইয়ে দাবী কৰিছে চৰকাৰে পৰ্যাপ্ত চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে প্ৰয়োজনীয় আন্তঃগাঁথনি উন্নত কৰাৰ মাজেৰে তিনিওখন চিকিৎসা মহাবিদ্যালয়ে যাতে শীঘ্ৰে পূৰ্বৰ স্থিতি ঘুৰাই পায় তাৰ ব্যৱস্থা কৰক আৰু ৰাইজলৈও উন্নত স্বাস্থ্য সেৱা দিয়াৰ ব্যৱস্থা কৰক।