• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্রী : গণৰাজ্য দিৱসত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2025 8:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত নাহৰকটীয়া সমজিলাত ৰূপায়িত হৈ থকা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকত বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা আঁচনিসমূহ ৰূপায়ণকে ধৰি নাহৰকটীয়া সমজিলাখনৰ উন্নয়ন সম্বন্ধীয় বিভিন্ন দিশত লোৱা পদক্ষেপৰ বিষয়ে তেওঁ বিতং বুজ লয়।

বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই সমজিলাখনত লোকনির্মাণ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনি বিস্তৃতভারে পর্যালোচনা কৰি চাচনী-বেলবাৰীআলি আৰু কিকিৰ-বালিৰঘাট সংযোগী দলংখন অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

আনহাতে, জিলাখনত ৰূপায়িত হৈ থকা ওলোমা দলংসমূহৰ নিৰ্মাণকাৰ্য সময় নিদ্ধাৰিতভাৱে বন বিভাগৰ নিৰীক্ষণত সম্পূর্ণ কৰিবলৈ লোকনির্মাণ বিভাগৰ বিষয়াসকলক তেওঁ নির্দেশনা প্রদান কৰে। এই বৈঠকতে মুখ্যমন্ত্ৰীয়ে লোকনির্মাণ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন নির্মাণকার্যত ব্যৱহৃত সা-সামগ্ৰীসমূহ ৰাজ্যখনত উৎপাদন হোৱা সা-সামগ্ৰীৰে নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰি এই ক্ষেত্ৰত প্রয়োজন অনুসৰিহে সামগ্রী আমদানি কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে।

নাহৰকটীয়া সমজিলাৰ ক্ৰীড়াৰ আন্তঃগাঁথনি শক্তিশালীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ নাহৰকটীয়া হকী ষ্টেডিয়ামখন খেলুৱৈসকল সর্বতোপ্রকাৰে উপকৃত হ‘ব পৰাকৈ নিৰ্মাণ কৰি উলিয়াবলৈও নির্দেশ দিয়ে।

আজিৰ এই বৈঠকত সমজিলাখনৰ কাৰাগাৰ নিৰ্মাণৰ বিষয়টোও আলোচনা কৰা হয়। এই ক্ষেত্রত যাৱতীয় পদক্ষেপ গ্ৰহণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। নাহৰকটীয়া নগাঁও ৰাজখোৱা খেলপথাৰক মিনি স্টেডিয়াম হিচাপে গঢ়ি তুলিবলৈ তেওঁ বৈঠকত যাৱতীয় নির্দেশনা প্রদান কৰে।

মুখ্যমন্ত্রীয়ে প্রতিখন সমজিলাৰ বাবে একো একোখনকৈ অতিৰিক্ত জিলা সত্ৰ আৰু চেচন ন্যায়াধীশৰ আদালত স্থাপনৰ বাবে প্ৰস্তাৱ প্ৰস্তুত কৰা আৰু এই দিশত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশনা প্রদান কৰে। তেওঁ লগতে চাচনী উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয়ৰ নির্মীয়মান ভৱনসমূহ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্রীয়ে ইতিমধ্যে বন্ধ হোৱা চৰকাৰী বিদ্যালয়সমূহক চৰকাৰী কাম-কাজত ব্যৱহাৰ কৰিব পৰাকৈ এক ভৱিষ্যৎ পৰিকল্পনাৰ কথাও বৈঠকত ব্যক্ত কৰে। আজিৰ এই বৈঠকতে নাহৰকটীয়া বিধানসভা সমষ্টিৰ উন্নয়নমূলক কামসমূহৰো পৰ্যালোচনা কৰা হয়। স্বাস্থ্য, কৃষি, বিদ্যুৎ আদি বিভিন্ন বিভাগক সমষ্টিটোত ৰূপায়ণ হৈ থকা কাম-কাজসমূহ নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে যাৱতীয় নির্দেশনা প্রদান কৰে। যিসমূহ বিভাগত এতিয়াও কৰ্মচাৰীসকলে নিজ কৰ্মস্থলীৰ পৰা অন্য স্থানত সংলগ্ন হৈ আছে, তেওঁলোকক নিজৰ স্থানলৈ আনিবলে প্রতিটো বিভাগৰ শীৰ্ষ বিষয়াসকলক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।

গছপুলি ৰোপণেৰে কৃষি পথাৰসমূহৰ চাৰিসীমা নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি এখন সেউজ অসম নিৰ্মাণ কৰাৰ বাবে নতুন বৃক্ষ আন্দোলন গঢ়ি তুলিবলৈও কৃষি আৰু বন বিভাগক পৰামৰ্শ আগবঢ়ায়। আজিৰ এই বৈঠকতে চাহ শ্ৰমিকসকলৰ কৰ্মস্থলীত খোৱাপানী যোগানৰ বিষয়টো আলোচনা কৰা হয়। বাগিচাসমূহত চাহ শ্রমিকসকলৰ কৰ্মস্থলীত নল স্থাপনৰ যোগেদি পানী যোগান ধৰা ব্যৱস্থাটো কাৰ্যকৰীকৰণ সন্দৰ্ভত অধ্যয়ন কৰিবলৈ সংশ্লিষ্ট বিভাগক তেওঁ কয়।

মুখ্যমন্ত্রীয়ে বৈঠকত সমজিলাখনত এতিয়াও পুনৰ শ্ৰেণী বিভাজন নোহোৱা ভূমিক শ্রেণীভূক্ত কৰাৰ বাবেও নির্দেশনা প্রদান কৰে। তেওঁ হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে সৌৰ শক্তি চালিত আলোকসজ্জা তথা ফেঞ্চিঙৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তদুপৰি, আজিৰ এই বৈঠকতে প্রধানমন্ত্রী সূৰ্য ঘৰ আঁচনিখনৰ ৰূপায়ণৰ অগ্রগতি, আৰক্ষী থানাসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু সমজিলাখনত বিষয়া-কর্মচাৰীৰ সংখ্যা আদিকে ধৰি বিভিন্ন বিষয়সমূহৰ সম্পৰ্কত মুখ্যমন্ত্রীয়ে বুজ লয়।আজিৰ এই বৈঠকত স্থানীয় বিধায়ক তৰংগ গগৈৰ উপৰি বিশেষ আৰক্ষীসঞ্চালক প্রধান হৰমীত সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড০ কে কে দ্বিবেদীকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd