• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দক্ষিণ ভাৰতত ক্ৰমান্বয়ে শক্তিশালী হৈ পৰিছে কংগ্ৰেছ দল : তেলেংগানাৰ পৌৰ নিৰ্বাচনত শোচনীয় বিজেপিৰ অৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 7:50 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতত ক্ৰমান্বয়ে শক্তিশালী হৈ পৰিছে কংগ্ৰেছ দল। কেৰালাৰ পাছত এইবাৰ তেলেংগানাৰ পৌৰ নিৰ্বাচনত হাত শিবিৰৰ একচেটিয়া আধিপত্য দেখিবলৈ পোৱা গৈছে। শুকুৰবাৰে দুপৰীয়ালৈকে অহা প্ৰাৰম্ভিক ফলাফল অনুসৰি তেলেংগানাত কংগ্ৰেছৰ জোৱাৰত বিজেপিৰ প্ৰায় উটি যোৱাৰ দৰে অৱস্থা হৈছে। আনহাতে যোৱা লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰা ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ বিআৰএছে এইবাৰ স্থানীয় নিৰ্বাচনত কিছু পৰিমাণে প্ৰত্যাৱৰ্তন কৰাৰ ইংগিত দিছে।

প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যখনৰ ১১৬ খন পৌৰসভাৰ ২৫৮২ টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে ইতিমধ্যে ৫০০ ৰো অধিক ৱাৰ্ডত অগ্ৰগতি লাভ কৰিছে। লোকসভা নিৰ্বাচনত প্ৰায় অস্তিত্বহীন হৈ পৰা বিআৰএছে এইবাৰ এতিয়ালৈকে ২৮২ টা ৱাৰ্ডত জয়লাভ কৰি নিজৰ স্থিতি পুনৰ উদ্ধাৰৰ চেষ্টা চলাইছে। ইয়াৰ বিপৰীতে বিজেপিৰ অৱস্থা অতিশয় পুতৌলগা হৈ পৰিছে। গেৰুৱা দলটোৱে এতিয়ালৈকে ১০০ ৰ ঘৰো স্পৰ্শ কৰিব পৰা নাই আৰু তেওঁলোক মাত্ৰ ৭৫ টা ৱাৰ্ডত সীমাবদ্ধ হৈ আছে।

Apply Now

মন কৰিবলগীয়া যে যোৱা লোকসভা নিৰ্বাচনত তেলেংগানাৰ ১৭ খন আসনৰ ভিতৰত বিজেপিয়ে ৮ খনতে জয়লাভ কৰিছিল। কিন্তু তাৰ তুলনাত স্থানীয় নিৰ্বাচনত দলটোৰ এনে বিপৰ্যয়ে সকলোকে আচৰিত কৰি তুলিছে। পৌৰসভাৰ লগতে পৌৰ নিগমসমূহতো কংগ্ৰেছৰ দপ্দপনি দেখিবলৈ পোৱা গৈছে। ৭ খন পৌৰ নিগমৰ আটাইকেইখনতে কংগ্ৰেছ বৰ্তমান আগবাঢ়ি আছে। যদিহে এই ধাৰা অব্যাহত থাকে তেন্তে তেলেংগানাত কংগ্ৰেছে এক ঐতিহাসিক বিজয় সাৱ্যস্ত কৰাটো নিশ্চিত হৈ পৰিছে।

সাধাৰণতে স্থানীয় নিৰ্বাচনত শাসকীয় দলৰ প্ৰতি ৰাইজৰ সমৰ্থন বেছি থাকে যদিও তেলেংগানাৰ এই ফলাফলে এক নতুন দিশ উন্মোচন কৰিছে। ইয়াৰ ফলত দক্ষিণ ভাৰত এতিয়া কংগ্ৰেছৰ নতুন দুৰ্গত পৰিণত হৈছে। ইতিমধ্যে কৰ্ণাটকত কংগ্ৰেছৰ চৰকাৰ আছে আৰু শেহতীয়া কেৰালাৰ নিৰ্বাচনতো দলটোৱে ভাল ফল দেখুৱাইছে। তামিলনাডু আৰু পুডুচেৰীতো আগন্তুক নিৰ্বাচনত কংগ্ৰেছ জোঁটৰ পাল্লা গধুৰ বুলি সমীক্ষাসমূহে মত প্ৰকাশ কৰিছে। সামগ্ৰিকভাৱে দক্ষিণ ভাৰতত কংগ্ৰেছে নিজৰ ৰাজনৈতিক ভেটি অতি মজবুত কৰি তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd