• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গাড়ীত উঠিলেই বাজিব ‘জয় হো’ শীৰ্ষক গীত : মুম্বাইত মুকলি হ’ল দেশৰ প্ৰথমটো মিউজিকেল ৰোড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 13, 2026 6:45 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বইৰ ৰাজপথত এতিয়াৰে পৰা গাড়ী চলালেই বাজি  উঠিব জয় হো গীতৰ সুৰ। ১১ ফেব্ৰুৱাৰীৰ পৰাই ভাৰতে লাভ কৰিলে দেশৰ প্ৰথমটো মিউজিকেল ৰোড বা সংগীতময় ৰাস্তা। এই বিশেষ ৰাস্তাত এক নিৰ্দিষ্ট গতিবেগত গাড়ী চলালে চকাৰ ঘৰ্ষণৰ ফলত অস্কাৰ বিজয়ী জনপ্ৰিয় গীত জয় হো বাজি উঠে। নাৰিমান পইণ্টৰ পৰা ৱৰ্লি অভিমুখী উত্তৰমুখী পথত কোষ্টাল টানেলৰ পৰা ওলোৱাৰ পিছত প্ৰায় ৫০০ মিটাৰ অংশত এই অভিনৱ ব্যৱস্থা গঢ়ি তোলা হৈছে। যদি গাড়ীৰ গতিবেগ ঘণ্টাত ৬০ৰ পৰা ৮০ কিলোমিটাৰৰ ভিতৰত থাকে তেন্তে এই সুৰ স্পষ্টকৈ শুনা যায়। চালকসকলক এই বিষয়ে অৱগত কৰিবলৈ সুৰংগৰ ভিতৰতে ৫০০ মিটাৰ, ১০০ মিটাৰ আৰু ৬০ মিটাৰ আগৰ পৰা বিশেষ চাইনবৰ্ড লগোৱা হৈছে যাতে তেওঁলোকে সঠিক গতিবেগ বজাই ৰাখে।

এই মিউজিকেল ৰোড নিৰ্মাণত হাংগেৰীৰ বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে যিসকলে দীৰ্ঘদিন ধৰি মেলডী ৰোডৰ ওপৰত গৱেষণা চলাই আহিছে। পথটোৰ এটা নিৰ্দিষ্ট অংশত অতি সূক্ষ্ম জোখ-মাখ কৰি অগভীৰ খাঁজ কটা হৈছে। যেতিয়া এখন গাড়ীৰ চকা এই খাঁজবোৰৰ ওপৰেৰে পাৰ হৈ যায় তেতিয়া এক বিশেষ ধৰণৰ কম্পনৰ সৃষ্টি হয় আৰু এই কম্পনেই নিৰ্দিষ্ট সুৰৰ সৃষ্টি কৰে। বিজ্ঞানে কয় যে ৰাস্তাৰ খাঁজবোৰৰ দূৰত্ব আৰু গভীৰতা এনেদৰে নিৰ্ধাৰণ কৰা হয় যাতে গাড়ীখন সঠিক গতিৰে গ’লে টায়াৰে দ্ৰুত কম্পন উৎপন্ন কৰে আৰু সেই কঁপনি গোটেই গাড়ীখনৰ বডিতে প্ৰতিধ্বনিত হৈ এটা সুৰীয়া সংগীত হৈ ধৰা দিয়ে। যদি গাড়ীৰ গতিবেগ কম হয় তেন্তে সুৰটো বিকৃত হৈ পৰে আৰু গতিবেগ বেছি হ’লেও গানটো স্পষ্টকৈ শুনা নাযায়। কেৱল নিৰ্ধাৰিত গতিবেগত চলিলেহে জয় হো গীতটো সঠিকভাৱে বাজি উঠে।

Apply Now

পৃথিৱীত এই ধৰণৰ মিউজিকেল ৰোডৰ ধাৰণা একেবাৰে নতুন নহয়। ১৯৯৫ চনত ডেনমাৰ্কত পোনপ্ৰথমবাৰৰ বাবে এছফাল্টফোন নামৰ এনে এক পথ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পিছত ২০০৭ চনত জাপানৰ এজন অভিযন্তাই ভুলবশতঃ কটা যোৱা খাঁজৰ পৰা সৃষ্টি হোৱা শব্দৰ সহায়ত এই ধাৰণাটোক জনপ্ৰিয় কৰি তোলে। বৰ্তমান হাংগেৰী, দক্ষিণ কোৰিয়া আৰু সংযুক্ত আৰব আমিৰশাহীৰ দৰে দেশত এনে সুৰীয়া ৰাস্তা দেখিবলৈ পোৱা যায়। যেনে হাংগেৰীৰ এটা ৰাস্তাত এটা জনপ্ৰিয় ৰক বেণ্ডৰ গান বাজে আৰু দক্ষিণ কোৰিয়াত বাজে শিশুসকলৰ নিচুকণি গীত। আনকি ইউ এ ইৰ এটা অংশত বিশ্ববিখ্যাত বিথোফেনৰ সুৰো শুনা যায়।

মুম্বইত নিৰ্মাণ কৰা এই মিউজিকেল ৰোডৰ বিশেষ গুৰুত্ব আছে। ই কেৱল মনোৰঞ্জনৰ বাবেই নহয় বৰঞ্চ পথ সুৰক্ষাৰ ক্ষেত্ৰতো এক ডাঙৰ পদক্ষেপ। এই পদ্ধতিয়ে চালকসকলক এক নিৰ্দিষ্ট আৰু সুৰক্ষিত গতিবেগত গাড়ী চলাবলৈ উৎসাহিত কৰে। যদি চালকে গানটো শুনিব বিচাৰে তেন্তে তেওঁ স্বয়ংক্ৰিয়ভাৱে গাড়ীৰ গতি নিয়ন্ত্ৰণত ৰাখিবলৈ বাধ্য হয়। একেলগে কলা, প্ৰযুক্তি আৰু নগৰীয়া পৰিকল্পনাৰ এই অদ্ভুত সংমিশ্ৰণে মুম্বইৰ এই পথটোক এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে আৰু ই যাত্ৰীসকলৰ ভ্ৰমণৰ অভিজ্ঞতা অধিক আনন্দদায়ক কৰি তুলিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm
ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd