বিশ্বৰ দ্বিতীয় জনবহুল দেশ ভাৰতবৰ্ষই কৰ’ণা মহামাৰীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, আক্ৰান্তৰ সংখ্যাৰ লগতে মৃত্যুৰ হাৰো বৰ্তমান ভাৰতত সৰ্বাধিক। এই মহামাৰীৰ প্ৰথম প্ৰবাহৰ বিৰুদ্ধে ভাৰতে লকডাউন আদি নীতিয়ে আংশিক নীতিৰে কিছু সফলতা লাভ কৰে যদিও খুব সোনকালেই বুজি উঠে যে বিজ্ঞানসম্মত গৱেষণা আৰু প্ৰতিষেধক ছিটাৰ অবিহনে এই মহামাৰীৰ পৰা নিস্তাৰ পোৱা অসম্ভৱ, সেই মৰ্মেই ভাৰত চৰকাৰে বহুকেইটা ৰাজহুৱা খণ্ডৰ তথা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক প্ৰতিষেধক ছিটাৰ গৱেষণা কৰিবলৈ উৎসাহিত কৰে।
ঔষধ , প্ৰতিষেধক ছিটা তথা চিকিৎসা ক্ষেত্ৰৰ সামগ্ৰী প্ৰস্তুত কৰণৰ ক্ষেত্ৰত ভাৰত এখন অগ্ৰণী দেশ। ভাৰতৰ ফাৰ্মা কোম্পানীবোৰৰ মানদণ্ড অতি উচ্চ পৰ্যায়ৰ, ইয়াৰ ভিতৰত অন্যতম হৈছে ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া, ভাৰত ৱায়টেক, ড° ৰেড্ডী লেবৰটেৰী, যাইডাছ কাডিলা, ৱায়লজীকেল ই, ষ্টেলিছ ৱায়ফাৰ্মা, হেটেৰ ৱায়ফাৰ্মা ইত্যাদি। এক পৰিসংখ্যা মতে বিশ্বৰ সৰ্বমুঠ ২০% ঔষধ আৰু ৬০% বিভিন্ন ৰোগৰ প্ৰতিষেধক ছিটাৰ উৎপাদন ভাৰতত কৰা হয়। ভাৰতক আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত বিশ্বৰ ফাৰ্মাচী বুলি অভিহিত কৰা হয়। মহামাৰীৰ আৰম্ভণি কালৰে পৰাই ভাৰতৰ বৃহৎ উৎপাদনকাৰী ক্ষমতাই উন্নত/অনুন্নত দেশবোৰক বাৰুকৈয়ে সহায় কৰি আহিছে; নিজেও শোচনীয়ভাৱে আক্ৰান্ত হ’লেও ভাৰতে অন্য ৰাষ্ট্ৰকো সহায়ৰ হাত আগবঢ়াইছিল কিয়নো ভাৰতৰ ভাৰতৰ বৈদেশিক নীতি পৰিচালিত হয় বিশ্বব্যাপি ভাতৃত্ববোধৰ বসুধেয় কুটুম্বম নীতিৰে। গুৰুতৰভাৱে কৰ’ণাত অসুস্থ হোৱা ৰোগীৰ জীৱন বচাবলৈ ব্যৱহাৰ হোৱা হাইড্ৰক্সিক্লৰকুইন, ৰেমডেছিভিৰ ৰপ্তানি ভাৰতে বৃহৎ হাৰত কৰে। চুবুৰীয়া দেশসমূহকো ভাৰতে বিপুল হাৰত পিপিপি কিট, চিকিৎসা সামগ্ৰীৰ ৰচদ ইত্যাদিৰ যোগান ধৰে। ইয়াৰ লগতে ভাৰতে বিগত বৰ্ষত প্ৰায় ৫ হাজাৰ মেট্ৰিক টন আৰু চলিত বছৰৰ জানুৱাৰীৰ এপ্ৰিল মাহলৈকে সৰ্বমুঠ দহ হেজাৰ মেট্ৰিক টন অক্সিজেন তথা অক্সিজেন প্লাণ্ট, টেংকাৰ, কনচেনট্ৰেটৰ ইত্যাদি চুবুৰীয়া দেশক প্ৰদান কৰে।
ভাৰতৰ বৈদেশিক নীতি কিমান মানৱতাবাদী উদাৰ মনোবৃত্তিৰে পৰিপূৰ্ণ ইয়াৰ দ্বাৰা সহজেই অনুমেয়। ভাৰতে সংযুক্ত ৰাষ্ট্ৰমণ্ডলৰ মহামাৰী সংক্ৰান্তীয় অধিবেশনত উন্নত ৰাষ্ট্ৰবোৰক ছিটাৰ ৰাষ্ট্ৰীয়কৰণৰ দৰে ঠেক মনোবৃত্তিৰ পৰা আঁতৰি আহিবলৈ অনুৰোধ জনাইছিল। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ ৰাষ্ট্ৰসংঘৰ অধিবেশনত মহামাৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰগোটৰ সম্মিলিত যুঁজত ভাৰত সংকল্পবদ্ধ বুলি কয় আৰু বিশ্বৰ ফাৰ্মাচী ভাৰতে তড়িৎগতিত ছিটা উৎপাদনৰ প্ৰাচুৰ্যতাৰে এই যুঁজত ব্ৰতী হোৱাৰ কথা দোহাৰে। বসুধেয় কুটুম্বম মূলমন্ত্ৰৰে পৰিচালিত ভাৰতৰ এই উদাৰ মানৱতাবাদী পদক্ষেপৰ বাবে ভাৰতে বিশ্বজুৰি প্ৰশংসা লাভ কৰে।
স্মৰ্তব্য যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত কালছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলন গুৰি ধৰিও আমেৰিকা আৰু ৰাছিয়া এই দুই ফৈদৰ ফলত সৃষ্টি হোৱা যুদ্ধবোৰত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াইছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন তথা অন্যান্য ৰাষ্ট্ৰপ্ৰধানসকলে ভাৰতৰ অৱদান স্বীকাৰ কৰি সম্প্ৰতি এই মহামাৰীৰ দ্বিতীয় প্ৰবাহত জুৰুলা ভাৰতক যৎপৰোনাস্তি সহায় আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰিছে।
ভাৰতৰ অগ্ৰণী ছিটা নিৰ্মাতা সংস্থা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াই ব্ৰিটেইনৰ অস্কফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধীনত বিকশিত এষ্ট্ৰাজেনেকা ছিটাৰ উৎপাদন ভাৰতত কৰিবলৈ এক চুক্তি পত্ৰত স্বাক্ষৰ কৰে আৰু ভাৰতত এই ছিটাৰ নাম দিয়া হয় কভিডশ্বিল্ড। অক্টোৱৰ-নৱেম্বৰ মাহত উৎপাদন আৰম্ভ হোৱা কভিডশ্বিল্ডৰ ১৩০ মিলিয়ন সৰ্বমুঠ উৎপাদন কৰা হয়। উক্ত সময়ত ভাৰতত কৰ’ণা মহামাৰীৰ উপদ্ৰৱ কিছু হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছিল যদিও দ্বিতীয় প্ৰবাহৰ আশংকা ব্যক্ত কৰিছিল দেশৰ বিজ্ঞানীসকলে। ভাৰত চৰকাৰ তথা নিৰ্বাচন আয়োগৰ দৰে কেন্দ্ৰীয় সংস্থাই সতৰ্কবাণীক আওকাণ কৰি কেইবাটাও সিদ্ধান্ত লয় যিবোৰ পৰৱৰ্তীকালত মাৰাত্মকৰূপে বিবেচিত হয়। ইয়াৰ ভিতৰত অন্যতম আছিল ভেকচিন মৈত্ৰী । স্মৰ্তব্য যে এই বছৰৰ জানুৱাৰী মাহত এই আঁচনি আৰম্ভ কৰাৰ কিছুদিন আগেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে এক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাৰতে এই মহামাৰীৰ পৰা নিস্তাৰ পোৱা বুলি দাম্ভিক ঘোষণাই কৰিছিল। এই ভেকচিন মৈত্ৰীৰ জৰিয়তে ভাৰতে চুবুৰীয়া তথা তৃতীয় বিশ্বৰ অনুন্নত দেশসমূহ সহিতে অন্যান্য উন্নয়নশীল দেশবোৰকো ছিৰাম ইনষ্টিটিউটৰ কভিডশ্বিল্ড ভেকচিন ৰপ্তানি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
ভাৰতে ৯৫ খন দেশলৈ সৰ্বমুঠ ৬.৬ কোটি ছিটা ৰপ্তানি কৰে; ইয়াৰে ৩৭ খন দেশে ১০ নিযুত ড’জ বিনামূলীয়া সাহাৰ্য্য হিচাপে, ১৭ খন দেশে ২০ নিযুত ড’জ বিশ্ব স্বাস্থ্য সংস্থাৰ কভাস্ক আঁচনিৰ আওতাত আৰু অইন দেশে ব্যৱসায়িক চুক্তিৰ আলমত এই ভেকচিন লাভ কৰে। ভাৰতে অনুন্নত আৰু ক্ষুদ্ৰ উন্নয়নশীল দেশবোৰত ১.১ বিলিয়ন ছিটা দিবলৈ সন্মত হৈছিল। ভাৰতৰ তুলনাত ইউৰোপীয় ইউনিয়নে ১১৩.৫ নিযুত ছিটা ২৭ খন দেশত আৰু চীনে ৩.৯ নিযুত ছিটা ৬০ খন সাহায্যমূলক তথা বাণিজ্যিক দৰত বিতৰণ কৰে। কিন্তু যিটো সময়ত ভাৰতত মহামাৰীৰ উপদ্ৰৱ সমূলি নাশ হোৱা নাছিল (বৰঞ্চ বিশেষজ্ঞমহলে আগন্তুক দ্বিতীয় প্ৰবাহৰ শংকা ব্যক্ত কৰিছিল) তথা অন্যান্য উন্নত দেশবোৰে নিজৰ নাগৰিকক ছিটা দিয়াটো প্ৰাথমিক কৰ্তব্য হিচাপে গণ্য কৰি ভেকচিনৰ ৰপ্তানি বন্ধ কৰিছিল সেই সময়ত ভাৰতে নিজৰ নাগৰিকক ছিটা দিয়াটো প্ৰাথমিকতা হিচাপে গণ্য নকৰি এনে মহানুভৱতাৰ পৰিচয় দিয়াৰ অন্তৰালত কি স্বাৰ্থ নিহিত আছিল? ইয়াৰ উত্তৰ নিহিত হৈ আছে সঘনে পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ কুটনীতিৰ সমীকৰণবোৰত।
আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতৰ উচ্চাকাংক্ষী মনোবৃত্তি সৰ্বজনবিদিত! ভাৰতে অদূৰ ভৱিষ্যতে বিশ্বৰ এক অগ্ৰণী শক্তিৰূপে প্ৰতিষ্ঠা কৰিব খোজে; এইক্ষেত্ৰত ভাৰতৰ অন্যতম শক্তিশালী উপাদান হৈছে প্ৰাচুৰ্যময় অৰ্থনীতি, বৃহৎ সামৰিক বাহিনী তথা সৌম্য শক্তিত ( Soft Power)। ভাৰতৰ এই উচ্চাকাংক্ষাৰ ক্ষেত্ৰত প্ৰাচীৰ ৰূপে থিয় দিছে চুবুৰীয়া যুযুধান ৰাষ্ট্ৰ চীনে। চীনে কোনোপধ্যেই নিবিচাৰে ভাৰতৰ উন্নতি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ কৰ্তৃত্ব। আগ্ৰাসী চীনৰ তুলনাত ভাৰতৰ স্বচ্ছ, উদাৰ মানৱতাবাদী বৈদেশিক নীতি সমুদায় ৰাষ্ট্ৰগোটৰ বাবেও অধিক গ্ৰহণযোগ্য। ভাৰতক শলঠেকত পেলাবলৈ এতিয়ালৈ চীনে চেষ্টাৰ তিলমানো ত্ৰুটি এৰা নাই। ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদ, তথা পাৰমাণৱিক যোগানকাৰী গোটৰ সদস্যপদ (NSG) লাভ নকৰাত চীনৰ ভুমিকা অসীম। চীনৰ হেঁচাৰ বাবেই ভাৰতত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা মাছুদ আজাহাৰ এতিয়ালৈ আন্তঃৰাষ্ট্ৰীয় বিধিস্বৰূপে নিষিদ্ধ হ’ব পৰা নাই। চীনে ভাৰতৰ পশ্চিমীয়া ৰাষ্ট্ৰগোট, আছিয়ান ৰাষ্ট্ৰমণ্ডলৰ লগত বৰ্ধিত সম্পৰ্কক সহজভাৱে ল’ব পৰা নাই। চীনৰ বৰ্তমান উদ্দেশ্য হৈছে আমেৰিকাৰ অতিক্ৰমী বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হোৱা যাৰ বাবে চীনে ব্যাপক হাৰত বিদেশী ৰাষ্ট্ৰত বিনিয়োগ তথা দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিত গুৰুত্ব দিছে। ইউৰোপ তথা মধ্য এছিয়াত বেল্ট এণ্ড ৰোগ আঁচনিৰ যোগেদি কিছু বিনিয়োগ কৰাৰ পিছত চীনৰ চকু এতিয়া আফ্ৰিকা আৰু আৰৱ ৰাষ্ট্ৰগোট সমূহ; তাৰ বাবে ভাৰত মহাসাগৰত দৰকাৰী হৈ পৰে চীনৰ আধিপত্য। সেইমৰ্মেই চীনে ভাৰত মহাসাগৰৰ প্ৰান্তীয় দেশবোৰত বিনিয়োগ কৰি ছল-বল-কৌশেলেৰে সামুদ্ৰিক বন্দৰবোৰ হস্তগত কৰাত লাগিছে; শ্ৰীলংকাৰ হাম্বানটটা, বাংলাদেশৰ চিটাগং, কম্বোডিয়া, জিবুটি, ছেছিলাছ ইত্যাদি দেশৰ বন্দৰবোৰ ইতিমধ্যে চীনৰ দখললৈ গৈছে তথা আইন দেশবোৰকো সন্মত কৰাবলৈ চেষ্টা কৰি আছে। চীনৰ ইয়াৰ ফলস্বৰূপে দুটা লাভ হ’ব পাৰে-বেপাৰৰ বাবে সামুদ্ৰিক পথ সুৰক্ষিত কৰা আৰু প্ৰতিদ্বন্দ্বী ভাৰতক তীব্ৰ চাপত ৰখা। চীনৰ এই মুকুতাৰ মালা কৌশলী ৰণনীতিৰ বাবে ভাৰতৰ অভিষালী পুবলৈ চোৱা নীতি তথা সংকটাপন্ন হ’ব পাৰে, তথা প্ৰতিৰক্ষাৰ দৃষ্টিৰেও চীনৰ এই নীতি ভাৰতৰ বাবে প্ৰত্যাহ্বানজনক।
ভাৰতেও চীনক ৰুধিবলৈ প্ৰত্যাক্ৰমণৰ নীতি লৈছে। কিন্তু শেহতীয়া সুযোগটো আনি দিছিল কৰ’ণা মহামাৰীয়ে। চীনত উৎপত্তি হোৱা কৰ’ণা ভাইৰাছ আৰু মহামাৰীৰ শোচনীয় প্ৰবন্ধনৰ বাবে বিশ্বজুৰি নিন্দিত হ’বলগীয়া হয় চীন। বিদেশী ৰাষ্ট্ৰক মানৱীয় সহায়ৰ নামতো চীনে কৰে কাৰ্পণ্য-বহুকেইখন দেশলৈ চীনে যোগান ধৰে অতি নিম্নমানৰ চিকিৎসা সামগ্ৰী। দুৰ্যোগৰ সময়ত গৰ্হিত কাৰ্যকলাপে চীনৰ বিশ্বাসযোগ্যতা তথা দায়িত্বশীলতাৰ ওপৰত প্ৰশ্ন উঠে।
চীনৰ এই আচৰণ নতুন নহয়, ২০০৪ চনৰ ছুনামিৰ সময়ত ভাৰতকে ধৰি অন্যান্য দেশবোৰৰ নৌসেনা উদ্ধাৰ কাৰ্যত ব্ৰতী হৈছিল কিন্তু আচৰিতভাৱে এই মানৱীয় উদ্ধাৰ কাৰ্যৰ পৰা চীন আঁতৰি আছিল। মহামাৰীৰ কালছোৱাতো চীনৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাত চীনৰ অভিলাষী বেল্ট এণ্ড ৰোড আঁচনিৰ পৰা কিছু দেশ আঁতৰি অহাৰ লগতেই আগশাৰীৰ বহুজাতিক কোম্পানীবোৰে চীনৰ পৰা স্থানান্তৰ কৰিছিল কাৰখানা তথা কাৰ্যালয়।
প্ৰতিষেধক ছিটা প্ৰস্তুতকৰণ আৰু নিজ দেশৰ নাগৰিকৰ ছিটা কৰণ সম্পূৰ্ণ হোৱাৰ পিছত চীনে নিজৰ ভাৱমূৰ্তি কিছু ভাল কৰিবলৈ কিছু ৰাষ্ট্ৰক ছিটা বিনামূলীয়াকৈ প্ৰদান কৰাৰ সিদ্ধান্ত লয়। মুখ্যত মহামাৰীৰ ফলত অৰ্জন কৰা কলংকৰ পৰা মুক্তি পাবলৈ তথা আগৰ দৰে স্বাভাৱিক সম্পৰ্ক স্থাপন কৰিবলৈ চীনে এই ততাতৈয়াকৈ ছিটাৰ ৰপ্তানিত মনোনিৱেশ কৰে। আমেৰিকাৰ বৈদেশিক সচিব এণ্টনী ব্লিংকেনে চীনৰ এই মানৱতাবাদী পদক্ষেপত যে এক গোপন অভিসন্ধি বিৰাজমান তাক পোনপটীয়াকৈ উল্লেখ কৰে আৰু সেয়া প্ৰতীয়মান হয় চীনৰ মূলৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিশেষজ্ঞ ঝিকুম ঝুৰ মন্তব্যত। তেঁও কয় “কোনো দেশৰ কুটনীতি পৰোপকাৰী ধাৰণাৰে পৰিচালিত হোৱা বুলি কোৱাটো কপটতাৰ পৰিচায়ক।” চীনে ব্ৰিকছ গোটৰ অন্যতম সদস্য ব্ৰাজিল, দক্ষিণ-পূৱ এছিয়া, তথা ভাৰত মহাসাগৰৰ প্ৰান্তীয় দেশবোৰক স্বদেশত নিৰ্মিত চিনোভেক ছিটা প্ৰদানৰ সিদ্ধান্ত লয়। চীনৰ এই তৎপৰতাত শংকিত হৈ ভাৰতেও নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ছিটাৰ ৰপ্তানি কৰিবলৈ লয় আৰু চীনক কিছু শলঠেকতো পেলায় ( ভাৰতে সেইটো সময়ত নিজৰ ২% নাগৰিকৰ ছিটা কৰণ সম্পূৰ্ণ কৰা নাছিল )।
উদাহৰণস্বৰূপে ব্ৰাজিলত মহামাৰীয়ে গুৰুতৰ ৰূপ ধাৰণ কৰাত চীনৰ ছিটা যোগানৰ অন্তিম সীমাৰ আগেয়ে ভাৰতে ছিটা যোগান ধৰি ৰাষ্ট্ৰপতি বলছেৰানোৰ ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হয়। ভাৰত চীন উভয়ৰে বাবে অতি গুৰুত্বপূৰ্ণ দেশ ম্যানমাৰত চীনে ৩০ লাখ ছিটা যোগান ধৰিব বুলি কথা দিয়ে যদিও এই সময়সীমাৰ আগতে ভাৰতে ছিটা ১৭ লাখ ছিটা বিনামূলীয়াকৈ প্ৰদান কৰে। ভাৰতে শ্ৰীলংকা, বাংলাদেশ, নেপালৰ লগত সম্পৰ্ক মধুৰ কৰাৰ উদ্দেশ্যেৰে বিনামূলীয়া ছিটা ভেকচিন মৈত্ৰীৰ অধীনত প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে চীনৰ প্ৰতিবেশী ৰাষ্ট্ৰবোৰতো ভাৰতে ছিটাৰ যোগান ধৰে। অনুন্নত দেশসমূহৰ বাদেও ভাৰতে আৰ্থিক ভাৱে স্বচ্ছলদেশবোৰকো বাণিজ্যিক দৰত ছিটা প্ৰদান কৰে, ইয়াৰ ভিতৰত অন্যতম আছিল কানাডা।
কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডূৱে ভাৰতৰ মহানূভৱতাক ভূয়সী প্ৰশংসা কৰি কয় যে “এই বিশ্বক মহামাৰীৰ পৰা কোনোবা দেশে যদি উদ্ধাৰ কৰিব পাৰে সেয়া হৈছে ভাৰতবৰ্ষ, ভাৰতে নিজেই মহামাৰীত শোচনীয় ৰূপে আক্ৰান্ত হৈয়ো আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থত সহৃদয়তাৰে আগৱাঢ়ি আহিছিল সেই কথা মানুহে মনত ৰখা উচিত।” শশী থাৰুৰৰ প্ৰমূখ্যে কিছু বিশেষজ্ঞৰ মতে ভাৰতৰ এই উদাৰ মানৱতাবাদী বৈদেশিক নীতিৰ উদ্দেশ্য মানৱতাবাদী প্ৰকল্পৰ উদ্দেশ্য চীনৰ ভেটা দিয়াৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী আসনৰ উদ্দেশ্যতো সমৰ্পিত। ভাৰতৰ তড়িৎ গতিত ছিটা উৎপাদনৰ প্ৰাচুৰ্যতাৰ দ্বাৰা উৎফুল্লিত হৈ ভাৰত, আমেৰিকা জাপান আৰু অষ্ট্ৰেলিয়াৰ দ্বাৰা গঠিত কোৱাড( QUAD) গোটে ভাৰতক ১ বিলিয়ন ছিটা প্ৰস্তুতকৰণ বাবে অৰ্থৰ যোগান ধৰিবলৈ সন্মত হয়। এই ছিটা ভাৰতে পৰৱৰ্তী পৰ্যায়ত মানৱতাবাদী সাহাৰ্য্যস্বৰুপে চুবুৰীয়া ৰাষ্ট্ৰৰ মাজত বিতৰণ কৰিব। উল্লেখ্য যে কোৱাড গ্ৰুপ ভাৰত মহাসাগৰ আৰু ইণ্ডো-পেচিফিক অঞ্চলত চীনক ভেটা দিয়াৰ ৰণনীতি স্বৰুপে গঠন হৈছিল।
সংশ্লিষ্ট সমস্যা
কিন্তু ভাৰতে দ্বিতীয় প্ৰবাহৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত ভেকচিন মৈত্ৰীত কিছু স্থিৰতা তথা ভাৰতৰ বৈদেশিক নীতিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰু সমস্যাগত দিশ পৰিলক্ষিত হয়। বহু বিশেষজ্ঞৰ মতে ভাৰতে নিজৰ সাম্ভাব্য বিপদৰ কথা চিন্তা নকৰি আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰিবলৈ চেষ্টা কৰাটো আছিল চূড়ান্ত মূৰ্খামি। যিটো সময়ত বহুকেইখন দেশ দ্বিতীয় প্ৰবাহৰ বাবে সচেষ্ট হৈ আছিল সেইসময়ত ভাৰতে দ্বিতীয় প্ৰবাহৰ বাবে সাজু নহৈ মনোনিৱেশ কৰিছিল ছিটা ৰপ্তানিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক উন্নতকৰণত। যিটো সময়ত ভাৰতত সংক্ৰমণৰ সংখ্যা বাঢ়িবলৈ লৈছিল সেইসমতো ভাৰত চৰকাৰে অক্সিজেন আৰু ছিটাৰ ৰপ্তানি বন্ধ কৰা নাছিল।
ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এক পৰিসংখ্যাৰ মতে ভাৰতে নিজতকৈ কম ক্ষতিগ্ৰস্ত দেশবোৰক ছিটা যোগান ধৰিছিল, ভাৰতৰ ছিটা পোৱা ৬৪ দেশৰে প্ৰতি একলাখত সংক্ৰমিত লোকৰ সংখ্যা আৰু মৃতকৰ আছিল ভাৰততকৈ কম আচৰিতভাৱে ইয়াৰে ২১ খন দেশৰ প্ৰতি লাখত আক্ৰান্তৰ সংখ্যা আছিল ১০০ জনকৈয়ো কম । ভাৰতে যোগান ধৰা ৬.৫ কোটি ছিটাৰে দ্বিতীয় প্ৰবাহত ক্ষতিগ্ৰস্ত দিল্লী-মুম্বাইক দুবাৰতকৈ অধিক ছিটা দিব পৰা গ’লহেঁতেন। বহুতে কয় যে ভাৰত চৰকাৰে আত্তকাণ কৰিছিল এক বৈজ্ঞানিক গৱেষণাস্ৰোত প্ৰতিবেদনক যিয়ে ভাৰতত সম্ভাৱিত ভাইৰাছৰ দ্বিতীয় প্ৰবাহৰ বিষয়ে সকীয়াই দিছিল আৰু ছিটা সৰহসংখ্যক ৰূপত উৎপাদন কৰিবলৈ অনুৰোধ কৰিছিল। কিন্তু সেইসময়তে আমেৰিকাই ছিটা প্ৰস্তুতকৰণৰ কেঁচামালৰ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধ আৰোপ কৰাত ভাৰতত ছিটাৰ উৎপাদন হ্ৰাস পায়। ভাৰতৰ তুলনাত অইন দেশবোৰে ছিটা ৰপ্তানিৰ ক্ষেত্ৰত ব্যস্ত নহৈ নিজৰ নাগৰিকৰ স্বাৰ্থক আগস্থান দি দেশত ভাইৰাছ প্ৰতিৰোধী বলয় ( Herd immunity) গঢ়াত গুৰুত্ব দিছিল, উদাহৰণস্বৰূপে কানাডাৰ দৰে বৃহৎ জনসংখ্যাৰ দেশ এখনে নিজৰ নাগৰিকক পাচগুণতকৈ ততোধিকবাৰ ছিটাকৰণ কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ছিটা আমদানি কৰিছিল, আমেৰিকাৰ হাততো যথেষ্ট পৰিমাণৰ অব্যৱহৃত ছিটা মজুত আছে যি অন্য দেশৰ বাবে মোকলাই দিয়া নাই।
ভাৰতে অন্য দেশৰ পৰা ছিটা সোনকালে আমদানিকৃত ছিটাৰে দেশবাসীক ছিটাকৰণ কৰাৰ পৰিৱৰ্তে স্বদেশতেই দীৰ্ঘ্যম্যাদী পৰিকল্পনাৰ ভিত্তিত বিভিন্ন কোম্পানীৰ ছিটা উৎপাদনৰ সিদ্ধান্ত লয়। এই পৰিকল্পনাৰ দ্বাৰা ছিটা উৎপাদন আৰু ছিটাকৰণৰ বহু লেহেমীয়া গতিত চলিব বুলি ধাৰণা কৰা হৈছে। চৰকাৰৰ অবিবেচকী সিদ্ধান্তৰ বাবেই ভাৰতৰ ছিটাকৰণ লেহেমীয়া গতিত চলে আৰু বহুসংখ্যক লোক ভাইৰাছৰ নতুন প্ৰজাতিৰ দ্বাৰা সংক্ৰমিত হৈ মৃত্যুমুখত পৰে। বিবিচিৰ এক সমীক্ষামতে ভাৰতৰ প্ৰাপ্তবয়স্ক ১০৬ কোটিলোকক ছিটাকৰণ কৰিবলৈ দৈনিক ৫৪ লাখ ছিটাৰ প্ৰয়োজন, কিন্তু প্ৰতিদিনে এতিয়ালৈ দৈনিক ২০-২৫ লাখ ছিটাহে দিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰ। এই সংখ্যা নবঢ়ালে ভাৰত যে অনাগত সময়ত গভীৰ অৰ্থনৈতিক সংকটত পৰিব সেয়া নিশ্চিত।
আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ উন্নতকৰণ তথা চীনক ৰুধিবলৈ কিছুদিন আগলৈ ব্যস্ত থকা ভাৰতৰ বৈদেশিক নীতি এতিয়া নিমগ্ন আছে প্ৰধানতঃ বিদেশী সাহায্য বিচৰাত আৰু প্ৰধানমন্ত্ৰী মোডীৰ আন্তঃৰাষ্ট্ৰীয় ইমেজ ঠিক কৰাত। দ্বিতীয় প্ৰবাহত জুৰুলা ভাৰতৰ আহ্বান মৰ্মে বহুকেইখন দেশ আগবাঢ়ি আহে; হয়তো এয়া ভাৰতৰ পূৰ্বৰ মানৱতাবাদী কাৰ্যৰ একপ্ৰকাৰ পুৰস্কাৰ। আমেৰিকা, ফ্ৰাণ্স, জাৰ্মানী, ইউৰোপীয়ান ইউনিয়নৰ ৰাষ্ট্ৰগোট, ৰাছিয়া আদি দেশে ভাৰতলৈ অ’ক্সিজেন টেংকাৰ, চিলিণ্ডাৰ, ৰেমডেছিভিৰ ঔষধ ইত্যাদি পঠিযায়। স্মৰ্তব্য যে বিদেশী সাহায্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ নীতিত ১৬ বছৰৰ মূৰত এক পৰিবৰ্তন দেখা যায়। ২০০৪ চনৰ ছুনামিৰ পিছত তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিংঙে ভাৰত যিকোনো আভ্যন্তৰীণ সমস্যা তথা প্ৰাকৃতিক দুৰ্যোগ চম্ভালিবলৈ স্বাৱলম্বী হোৱা বুলি ঘোষণা কৰি আগলৈ বিদেশী সাহায্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত একপ্ৰকাৰ প্ৰতিবন্ধকতা আৰোপ কৰে। ২০১৮ চনৰ কেৰেলাৰ বানপানীৰ সময়তো মোডী চৰকাৰে ভাৰতলৈ সংযুক্ত আৰৱ আমীৰৰ শ্বাহীয়ে আগবঢ়োৱা বৃহৎ অংকৰ সাহায্য প্ৰত্যাখান কৰে। বিদেশী ৰাষ্ট্ৰত নিয়োজিত ভাৰতৰ ৰাষ্ট্ৰদূতসকল সম্প্ৰতি ব্যস্ত আছে বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ নিৰ্দেশত মোডীৰ ইমেজ ঠিক কৰাত কিয়নো বিদেশী সংবাদ মাধ্যমৰ দ্বাৰা ভাৰতৰ মহামাৰীৰ শোকাৱহ অৱস্থাৰ বাবে বাৰুকৈয়ে সমালোচিত হৈছিল প্ৰধানমন্ত্ৰী মোডী।
বৰ্তমান সময়ত ভাৰতৰ বৈদেশিক নীতিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বিশ্ব বাণিজ্য সংস্থাৰ মজিয়াত ছিটা বৌদ্ধিক স্বত্বৰ অৰ্থাৎ পেটেণ্টৰ নিয়মত কিছু শিথিলতা অনাৰ বাবে শক্তিধৰ ৰাষ্ট্ৰসমূহক সৈমান কৰোৱা। বৌদ্ধিক স্বত্বৰ ক্ষেত্ৰত শিথিলতা আহিলেই ভাৰতে কম সময়ৰ ভিতৰতেই বিভিন্ন প্ৰকাৰৰ ছিটা স্বদেশতেই উৎপাদন কৰি ব্যাপক হাৰত ছিটাকৰণ সম্ভৱপৰ কৰি তুলিব পাৰিব। এইক্ষেত্ৰত ভাৰতে বৃহৎ কোম্পানীবোৰৰ প্ৰতিবাদ স্বত্বেও সমৰ্থন লাভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ। বাইডেনে পূৰ্বৰ বাধা নিষেধ আঁতৰাই ভাৰতৰ ছিৰাম ইনষ্টিটিউটক আগবঢ়াইছে ছিটা উৎপাদনৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীও। ৰাছিয়াও ভাৰতৰ সমৰ্থনত থিয় দিলেও জাৰ্মানী, ইটালী আৰু ফ্ৰান্সে পেটেন্টৰ শিথিলতাৰ সলনি আমেৰিকা আৰু ব্ৰিটেইনৰ অব্যৱহৃত ছিটা মুকলি কৰিবলৈকেহে আহ্বান জনাইছে। কিন্তু আমেৰিকাই কৌশল পূৰ্ণ নীতিৰে ঘৰুৱা কিছু আইন প্ৰয়োগ কৰাত বহিৰাষ্ট্ৰলৈ ছিটাৰ ৰপ্তানি প্ৰায় অসম্ভৱ কৰি তুলিছে। ইয়াতেই প্ৰমাণ হয় উন্নত দেশবোৰৰ বৈদেশিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় দায়বদ্ধতাৰ দ্বিচাৰিতা। এই জটিল আৰু প্ৰত্যাহ্বানজনক পৰিস্থিতিক মোকাবিলা কৰিবলৈ ভাৰতৰ বিদেশ নীতি কিমান পৰিপক্ক সেয়া কিছু সময়ৰ ভিতৰতেই প্ৰমাণিত হ’ব।
ইপিনে ভাৰতৰ ছিটা উৎপাদনত অহা শিথিলতা আৰু ভাৰতৰ নিজৰ চাহিদা পূৰ কৰিবলৈ ৰপ্তানি বন্ধ হোৱাৰ ফলশ্ৰুতিত ভাৰতৰ ভেকচিন মৈত্ৰী আঁচনি মৃত্যুৰ ক্ষণ গণিছে। নেপাল আৰু শ্ৰীলংকা আৰু বাংলাদেশে ছিটাৰ দ্বিতীয়টো ড’জৰ যোগান ধৰিবলৈ ভাৰতক কাকূতি মিনতি কৰি ব্যৰ্থ হোৱাৰ পিছত চীনৰ ছিটাৰ বজাৰলৈ মুখ কৰিছে। নেপালে ভাৰতক ২.৪ নিযুত ভেকচিনৰ মূল্য পৰিশোধ কৰিও এতিয়ালৈ লাভ কৰিছে কেবল ১ নিযুত। শ্ৰীলংকাই ১.৫ নিযুত ছিটা ক্ৰয় কৰিও এতিয়ালৈ এয়া লাভ কৰা নাই। আনহাতে বাংলাদেশৰ বেক্সিম’ ফাৰ্মাই ছিৰাম ইনষ্টিটিউটৰ লগত ৩০ নিযুত ছিটাৰ বাবে ৬০ নিযুত আমেৰিকান ডলাৰৰ বিনিময়ত চুক্তি স্বাক্ষৰ কৰিছিল যদিও এতিয়ালৈ পাইছে কেৱল ১০ নিযুত ভেকচিন। ভাৰতৰ এই অচলাৱস্থাৰ সুযোগ চীনে সঠিকভাৱে ব্যৱহাৰ কৰাত লাগিছে আৰু উক্ত দেশসমূহক চীনত উৎপাদিত চীনোফাম আৰু চিনোভেক ভেকচিন বিনামূলীয়াকৈ দিবলৈ বিচাৰিছে আৰু কিন্তু ইয়াৰ ৰণনীতিগত মূল্য চীনে সঠিক সময়ত ভালদৰে আদায় কৰিব বুলিয়েই ইতিহাসৰ পৰা সহজেই অনুমেয়।
ভাৰতৰ বিশেষজ্ঞ তথা ৰাজনীতিজ্ঞসকল আভ্যন্তৰীণ তথা ৰণনীতিগত সমস্যাৰ বিষয়ে বাৰুকৈয়ে অৱগত। প্ৰতিৰক্ষা, সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু বিশ্বৰ অন্যতম বৃহৎ শক্তিত পৰিণত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ বৈদেশিক নীতিৰ ভূমিকা অপৰিসীম। ভাৰতে সম্প্ৰতি বিশ্বৰ তিনি শক্তিধৰ দেশ চীন, আমেৰিকা আৰু ৰাছিয়াৰ লগত সহাৱস্থান, সহযোগিতাৰ মাধ্যমেৰে অগ্ৰসৰ হৈছে যদিও ইয়াৰ বিপদজনক দিশটোৰ উলাই কৰিব পৰা বিধৰ নহয় কিয়নো উল্লিখিত ৰাষ্ট্ৰৰ মাজত থকা অহি-নকুল সম্বন্ধ। মহামাৰী তথা শাসনাধিষ্ট দলৰ ভুল নীতিৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অৰ্থনীতিয়েও আক্ৰমণাত্মক হোৱাতকৈ সহাৱস্থানৰ দিশেৰেহে বিদেশ নীতিক গতি দিব যেন অনুমান হয়। বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ উত্তেজনাময় অস্থিৰতা আৰু মহামাৰীৰ পিছৰ প্ৰত্যাহ্বানজনক বিশ্ব শৃখংলাত ভাৰতে কিদৰে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰে সেয়া নিশ্চয়কৈ আমোদজনক হ’ব।
লেখৰ যোগাযোগ নম্বৰ- ৭০৮৬৬৫১৪৮৭