পিছৰ শাৰীত বিশ্বকাপ জয়ী বিন্নী! শ্বাহ, শুক্লাৰ ক্ষমতাৰ ৰাগীত কুন্ঠিত ভাৰতীয় ক্ৰিকেট অনুৰাগী

ৰোহিত শৰ্মা, বিৰাট কোহলীৰ বিশ্বকাপ জয়ৰ উদযাপনত এটা কথাই দৃষ্টি কাঢ়িলে সকলোৰে। জয় শ্বাহ, ৰাজীৱ শুক্লাহঁতৰ আড়ম্বৰপূৰ্ণ উপস্থিতিৰ বিপৰীতে নীৰৱে থিয় হৈ থকা ৰজাৰ বিন্নীৰ ছবিখন।

বৃহস্পতিবাৰে মুম্বাইৰ মেৰিন ড্ৰাইভত টিম ইণ্ডিয়াৰ বিজয় পেৰেড অনুষ্ঠিত হোৱাৰ সময়তে হুড খোলা বাছখনত ক্ষমতাৰ জিলিকনি জ্বলি উঠিল। সমগ্ৰ ভাৰতীয় দলটোৰ লগত ছাপোৰ্ট ষ্টাফসকলো উপস্থিত আছিল।

ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সচিব জয় শ্বাহো আছিল। তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহৰো পুত্ৰ। উপ-সভাপতি ৰাজীৱ শুক্লাও আছিল বাছখনত। এসময়ত তেওঁ ৰাজ্যসভাৰ সদস্য আছিল। জয় শ্বাহ আৰু ৰাজীৱ শুল্কা কেৱল প্ৰশাসক হিচাপেহে ক্ৰিকেটৰ লগত জড়িত।

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে বিন্নীও বাছত উঠিছে। ১৯৮৩ চনত ভাৰতৰ প্ৰথমটো বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল বিন্নী। এতিয়া তেওঁ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি। অৰ্থাৎ ক্ৰিকেটৰ ক্ষেত্ৰখনত বিন্নী তেওঁৰ সহযোগী জয় আৰু ৰাজীৱতকৈ কেইবাগুণো আগবাঢ়ি আছে। পদত থকা আন দুজনতকৈ বিন্নী ওপৰত। কিন্তু বিশ্বকাপ জয়ৰ উদযাপনত তেওঁ বাছৰ পিছফালে থিয় হৈ আছিল।

লগতে পঢ়কঃ বুমৰাহক ‘জাতীয় সম্পদ বা অষ্টম আশ্চৰ্য্য’ ঘোষণা কৰিবলৈ সন্মত বিৰাট, লগতে ক’লে…

ইপিনে, ৰোহিতৰ লগতে বিৰাট, হাৰ্দিক পাণ্ডিয়াৰ কান্ধত কান্ধ মিলাই জয় আৰু ৰাজীৱে বিশ্বকাপ লৈ উদযাপনত নামি পৰিছে। কেতিয়াবা বিশ্বকাপটো ধৰি আছে, কেতিয়াবা অনুৰাগীক উৎসাহিত কৰিছে।

বিন্নীৰ পূৰ্বে সৌৰভ গাংগুলী ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আছিল। তেওঁক ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অধিনায়ক হিচাপে গণ্য কৰা হয়। সৌৰভে ভাৰতক বিশ্বকাপৰ ফাইনেললৈ লৈ গৈছিল। সৌৰভে ভাৰতক বিদেশত জয়ী হ’বলৈ শিকাইছিল। কিন্তু তেওঁৰ নামত বিশ্বকাপ নাই। বিন্নীৰ কেবিনেটত সেই ট্ৰফীটো আছে। তথাপি, কপিল দেৱৰ সতীৰ্থগৰাকী জয় আৰু ৰাজীৱৰ পিছত পৰি থাকিল।

টি-২০ বিশ্বকাপৰ ফাইনেলতো উপস্থিত আছিল বিন্নী, জয় শ্বাহ। তাতো সচিব জয় শ্বাহে ভাৰতীয় অধিনায়ক ৰোহিতৰ হাতত ট্ৰফী অৰ্পন কৰে। তাতো লাইমলাইট কাঢ়ি লৈ গ’ল অমিত পুত্ৰই। বিন্নীয়ে পদত আটাইতকৈ ডাঙৰ হোৱাৰ পিছতো পিছ পৰি থাকিব লগা হৈছিল।

লগতে পঢ়কঃ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত বিদ্যালয়,পথ নিৰ্মাণ কৰি NGT ৰ ৰোষৰ সন্মুখীন অসম চৰকাৰ

বহুতেই বাৰে বাৰে প্ৰাক্তন খেলুৱৈক প্ৰশাসনৰ দায়িত্ব ল’বলৈ কৈ আহিছে। কিন্তু  ৰাজনৈতিক ক্ষমতাৰ ওচৰত তেওঁলোকে পিছ পৰিব লগা হয়? মেৰিন ড্ৰাইভত জনসমুদ্ৰত ভাহি থকা ভাৰতীয় দলটোৰ হুড মুকলি বাছখনে সেই প্ৰশ্নটোকে আকৌ এবাৰ তুলি ধৰিলে।