বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল বিশ্বৰ পৰিস্থিতিত পশ্চিম এছিয়াৰ গুৰুত্ব আৰু প্ৰভাৱ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। বিশ্ববিদ্যালয়খনৰ চেণ্টাৰ ফৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত ‘খণ্ডিত বিশ্বব্যৱস্থাত পশ্চিম এছিয়া: সুৰক্ষাৰ গতিশীলতা আৰু অৰ্থনৈতিক প্ৰভাৱ‘ শীৰ্ষক এই আলোচনা চক্ৰখন আয়োজন কৰা হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তৰ সবল নেতৃত্বত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী তথা বিশিষ্ট সাংবাদিক আৰু লেখক এম জে আকবৰ।
অনুষ্ঠানত মুখ্য ভাষণ প্ৰদান কৰি এম জে আকবৰে কয় যে বৰ্তমানৰ পৰিৱৰ্তনশীল বিশ্বৰ বিভিন্ন ঘটনাই পশ্চিম এছিয়াক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। বিশ্বৰ তেল বজাৰত পশ্চিমীয়া প্ৰভাৱ হ্ৰাস পোৱাৰ লগতে ডলাৰৰ আধিপত্যৰ বিৰুদ্ধেও প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে বৰ্তমান সময়ত ৰাষ্ট্ৰীয় স্বাৰ্থই সকলো সীমা অতিক্ৰম কৰিছে। নাটো আৰু ৰাষ্ট্ৰসংঘৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহেও বৰ্তমানৰ এই বহুমেৰু বিশ্বত নিজৰ কৰ্তৃত্ব বজাই ৰাখিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। সেয়েহে এই পৰিৱৰ্তনশীল বিশ্বৰ লগত খোজ মিলাই আগবঢ়াটো অতিশয় জৰুৰী।
উদ্বোধনী ভাষণত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই কয় যে আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰৰ কৌশলগত আৰু মতাদৰ্শগত প্ৰভাৱ বৰ্তমান তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে। পশ্চিম এছিয়াৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমেৰিকাৰ ভূমিকাক লৈয়ো এতিয়া প্ৰশ্ন উত্থাপন হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে। এই আলোচনা চক্ৰৰ প্ৰথমখন সত্ৰত সভাপতিত্ব কৰে অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই। ইয়াত অভিযান দাস, অধ্যাপক শুভ্ৰজিত কোঁৱৰ আৰু অধ্যাপক অব্জা বৰা হাজৰিকাই অংশগ্ৰহণ কৰি বিশ্বৰ শক্তিৰ স্থানান্তৰ, বিশ্বব্যাপী প্ৰতিদ্বন্দ্বিতা আৰু ভাৰতৰ কূটনৈতিক কৌশলৰ ওপৰত আলোচনা কৰে।
আনহাতে, দ্বিতীয়খন আলোচনা সত্ৰত সভাপতিত্ব কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ পূব ভাৰত অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক অখিল ৰঞ্জন দত্তই। এই সত্ৰত নিৰভ জ্যোতি ডেকা, ৰক্তিম ৰঞ্জন নেওঁগ, ঋতুৰাজ শইকীয়া, ভৱ সিন্ধু বৰঠাকুৰ, প্ৰিয়ম ভট্টাচাৰ্য আৰু অনুপম পখৰেলে নিজৰ নিজৰ বিষয়ত গৱেষণালব্ধ মত আগবঢ়ায়। বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই আলোচনা চক্ৰখনে শৈক্ষিক দিশত এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হয়।





