• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১৪ হাজাৰ ফুট উচ্চতা, ১০০ কিলোমিটাৰ দূৰৈৰ পৰা লক্ষ্যভেদ: শত্ৰুৰ কাল ‘বায়ু অস্ত্ৰ-১’ৰ সফল পৰীক্ষণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2026 10:51 am
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাৰ শক্তি বৃদ্ধিৰ দিশত এক ডাঙৰ সাফল্য অৰ্জন কৰিছে পুনেস্থিত প্ৰতিৰক্ষা খণ্ডৰ কোম্পানী নিবে লিমিটেডে। কোম্পানীটোৱে শেহতীয়াকৈ ৰাজস্থানৰ পোখৰাণ আৰু উত্তৰাখণ্ডৰ যোশীমঠত ‘বায়ু অস্ত্ৰ-১’ নামৰ আত্মঘাতী ড্ৰোন বা লয়টাৰিং মিউনিচনৰ সফল পৰীক্ষণ সম্পন্ন কৰিছে। এই সফল পৰীক্ষণে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থালৈ এক নতুন আশা আৰু শক্তি কঢ়িয়াই আনিছে।

এই অত্যাধুনিক ড্ৰোনবিধ ১০০ কিলোমিটাৰ দূৰত্বলৈকে গৈ শত্ৰুৰ লক্ষ্যস্থান অতি নিখুঁতভাৱে ধ্বংস কৰিব পাৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিয়ম অনুসৰি চৰকাৰৰ ‘নো-কষ্ট, নো-কমিটমেণ্ট’ অৰ্থাৎ বিনা মূল্য আৰু বিনা প্ৰতিশ্ৰুতিৰ আধাৰত এই পৰীক্ষণ চলোৱা হৈছিল। মৰুভূমিৰ তপ্ত পৰিৱেশৰ পৰা আৰম্ভ কৰি ১৪ হাজাৰ ফুটতকৈয়ো অধিক উচ্চতাৰ পাহাৰীয়া অঞ্চলতো এই অস্ত্ৰই নিজৰ কাৰ্যক্ষমতা সুন্দৰভাৱে প্ৰমাণ কৰিছে।

Apply Now

কোম্পানীটোৱে এক বিবৃতিত জানিবলৈ দিয়া মতে, যোৱা ১৮ আৰু ১৯ এপ্ৰিলত পোখৰাণত আৰু ২৬ আৰু ২৭ এপ্ৰিলত যোশীমঠত এই বিশেষ পৰীক্ষণ চলোৱা হৈছিল। পোখৰাণত ১০ কিলোগ্ৰাম ওজনৰ যুদ্ধ-সামগ্ৰী কঢ়িয়াই নি এই ড্ৰোনখনে মাত্ৰ এটা প্ৰচেষ্টাতে ১০০ কিলোমিটাৰ দূৰৰ লক্ষ্যভেদ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও পৰিস্থিতি সাপেক্ষে আক্ৰমণ বাতিল কৰি পুনৰ আন লক্ষ্যত আক্ৰমণ কৰিব পৰা বিশেষ ক্ষমতাও এই ড্ৰোনখনৰ আছে।

ইজৰাইলী প্ৰযুক্তিৰ ওপৰত আধাৰিত এই ড্ৰোনখনে নিশাৰ ভাগতো শত্ৰুৰ টেংক আৰু আন সশস্ত্ৰ বাহন ধ্বংস কৰিব পাৰে। ইনফাৰেড কেমেৰা ব্যৱহাৰ কৰি নিশাৰ অন্ধকাৰতো ই মাত্ৰ ২ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত নিৰ্ভুলভাৱে লক্ষ্য নিৰ্ধাৰণ কৰে। উত্তৰাখণ্ডৰ পৰীক্ষণত ই ১৪ হাজাৰ ফুট উচ্চতাত ৯০ মিনিটতকৈয়ো অধিক সময় ধৰি উৰণ সম্পন্ন কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, অভিযান শেষ কৰাৰ পিছত পৰৱৰ্তী উৰণৰ বাবে ইয়াক সুৰক্ষিতভাৱে ঘূৰাই আনিব পাৰি।

ইয়াৰ পূৰ্বে মে’ মাহত নিবে লিমিটেডে ওড়িশাৰ চান্দিপুৰত ‘সূৰ্যাস্ত্ৰ ইউনিভাৰ্চেল ৰকেট লাঞ্চাৰ চিষ্টেম’ৰো সফল পৰীক্ষণ কৰিছিল। ভাৰতীয় সেনাৰ জৰুৰীকালীন ক্ৰয় প্ৰক্ৰিয়াৰ অধীনত ২০২৬ চনৰ জানুৱাৰী মাহত কোম্পানীটোক এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়া হৈছিল। এই চুক্তিৰ জৰিয়তে সূৰ্যাস্ত্ৰ ৰকেট লাঞ্চাৰৰ নিৰ্মাণ দ্ৰুততৰ হোৱাৰ লগতে ১৫০ আৰু ৩০০ কিলোমিটাৰ পৰিসৰৰ বিশেষ ৰকেটৰ যোগানো নিশ্চিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd