• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিজৰ ব্যৰ্থতা ঢাকিবলৈকে কিয় আতুৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? ‘নৰ্থইষ্ট নাও’ৰ মুখ্য সম্পাদকৰ প্ৰত্যুত্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2020 7:12 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোনো কাৰণতে নিজৰ ভুল মানি ল’ব নিবিচাৰে তেওঁ। আত্মপক্ষ সমৰ্থন কৰি এটা বিষয়ত সংবাদ মাধ্যমত দুবাৰকৈ মন্তব্য কৰিলে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কোভিড আক্ৰান্ত সাংবাদিক কল্পজ্যোতি শইকীয়াই খাদ্য সামগ্ৰীৰ যোগান নোপোৱা বিষয়টো ৰাজহুৱা কৰাৰ পাছতে যেন অসন্তুষ্ট হৈ পৰিছে মন্ত্ৰী গৰাকী।

Apply Now

বুধবাৰে নিজ পত্নীৰ মালিকানাধীন নিউজ লাইভ চেনেলৰ এক সাক্ষাৎকাৰত দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাৰ মুখত স্থান পালে সাংবাদিকজনৰ প্ৰসংগই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অদ্ভূত মন্তব্য আছিল খাদ্য-সামগ্ৰী দিবলৈ পেপাৰ-চেনেলৰ মালিকৰ ক্ষমতা নাই নেকি?

সাংবাদিক এজনক খাদ্যৰ যোগান ধৰিবলৈ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰৰ ক্ষমতা নিশ্চয়কৈ আছে।

কিন্তু প্ৰশ্ন হ’ল , সংবাদ প্ৰতিষ্ঠানৰ মালিকগৰাকীয়ে কেনেকৈ দিবলৈ যাব সাহায্য? কাৰণ Assam COVID19 Containment Regulation2020 ৰ ২৩ নম্বৰ দফা অনুসৰি Containment জ’নত সাধাৰণ লোকৰ প্ৰবেশ নিষিদ্ধ। তেনেক্ষেত্ৰত তেওঁক সাধাৰণ লোকে খাদ্যৰ যোগান ধৰিবলৈ কিয় বা কেনেকৈ যাব।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদক অনিৰ্বাণ ৰয়ে।

মুখ্য সম্পাদক ৰয়ে কয়, ‘’মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ দুটা ষ্টেটমেণ্ট কল্পজ্যোতি শইকীয়াক লৈ কৈছে। কল্প কণ্টেইনমেণ্ট জ’নত আছে।  Assam COVID19 Containment Regulation2020 ৰ ২৩ নম্বৰ দফা অনুসৰি Containment জ’নত সাধাৰণ লোকৰ প্ৰবেশ নিষিদ্ধ বা তাৰ পৰা ওলোৱাটোও নিষিদ্ধ। তেনেক্ষেত্ৰত তেওঁক সাধাৰণ লোকে খাদ্যৰ যোগান ধৰিবলৈ যাব কিয় বা কেনেকৈ? চৰকাৰ বা প্ৰশাসনৰ মানুহহে যাব পাৰে খাদ্য যোগান ধৰিবৰ বাবে। সেইকাৰণে আমি যোৱা নাই কিয়নো চৰকাৰৰ আইন ভংগ কৰা হ’ব। আমাৰ তিনিওজনৰ বাবে খাদ্য যোগান ধৰা অসম্ভৱ নহয়।”

কোৱাৰেন্টাইনত থকা সকলক চৰকাৰৰ খাদ্য-সামগ্ৰী যোগানৰ ব্যৱস্থা আছে। তেনে ক্ষেত্ৰত তাত হোৱা অনিয়মত নিজৰ ভুল মানি ল’ব নোখোজে কিয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়াৰ সৈতে একেটা বাসগৃহতে আছিল আন দুজন আক্ৰান্ত। তেওঁলোকৰ এজন নিউজ লাইভৰ কৰ্মী। পজিটিভ ফলাফল অহাৰ পিছদিনা পুৱাই চিকিৎসাৰ বাবে নিউজ লাইভৰ কৰ্মীজনক নিয়া হ’ল আই আই টিত থকা কোভিড চিকিৎসা কেন্দ্ৰলৈ।

আনহাতে, কল্পজ্যোতি শইকীয়া আৰু আন জন আক্ৰান্তই কেইবাবাৰো ফোন কৰাৰ পাছত তেওঁলোকক নিবলৈ এম্বুলেন্স আহিল আবেলিলৈ। নিলে চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়লৈ।

চিকিৎসাৰ অন্তত নিউজ লাইভৰ কৰ্মীজনক আহিবৰ সময়ত অসম সাৰথি আঁচনিৰ অধীনত দিয়া হ’ল ১৪ দিনৰ হোম কোৱাৰেন্টাইনৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী।

কিন্তু কল্পজ্যোতি শইকীয়া আৰু আন আক্ৰান্তজন উভতিল খালি হাতেৰে। আজিলৈ নাপালে কোনো খাদ্য-সামগ্ৰীৰ যোগান। দুটা বেলেগ বেলেগ সংবাদ প্ৰতিষ্ঠানৰ একেই ঘৰত থকা কোভিড ৰোগীৰ ক্ষেত্ৰত ব্যৱস্থা বেলেগ বেলেগ হ’ল কিয়?

মুখ্য সম্পাদক ৰয়ে কয়, “’কল্পজ্যোতি আৰু তেওঁৰ ভায়েকক যোৱা ১১ জুলাইত ৰিলিজ দিয়া হৈছিল অসম আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা। একেটা কম্পাউণ্ডত থকা নিউজ লাইভৰ অন্য এগৰাকী সাংবাদিকো সেইদিনা ৰুমলৈ আহিছিল আৰু তেওঁক ১৪ দিন কোৱাৰেন্টাইনত থকাৰ বাবে খাদ্য দি পঠাইছিল। কল্প আৰু ভায়েকে ককায়েকৰ খাদ্যৰে কেইদিনমান চলিছিল। কিন্তু সেই খাদ্য শেষ হোৱাত উপায়ন্তৰ হৈ স্বাস্থ্য বিভাগৰ ওচৰত খাদ্য বিচাৰিছিল। তেওঁ ফ্ৰী খাদ্য বিচৰা নাছিল।”

সাক্ষাতত মন্ত্ৰী হিমন্তই ক’লে, সংবাদ প্ৰতিষ্ঠানে ব্লেক মেইলিং কৰাৰ কথা। এই ক্ষেত্ৰত মুখ্য সম্পাদক অনিৰ্বাণ ৰয়ে মন্তব্য কৰি কয়,’”অসমৰ বহু সংবাদ প্ৰতিষ্ঠানে ব্লেকমেইলিং কৰি নহয়, অতি নিষ্ঠাৰে কষ্ট কৰি সংবাদমাধ্যম চলাই আহিছে। ৯৫-৯৯ শতাংশ সাংবাদিকে নিজে কষ্টৰে উপাৰ্জন কৰি পৰিয়াল চলাই আহিছে। ৯৯ শতাংশ মিডিয়া হাউছে নিজে কষ্ট কৰি উপাৰ্জন কৰি আহিছে।”

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিউজ লাইভৰ অনুষ্ঠানটোত চৰকাৰৰ আৰোগ্য নিধিলৈ এটকাও নিদিয়াসকলে হিচাপে বিচাৰি আছে বুলি আন এক মন্তব্য কৰিছে।

এই মন্তব্যক দূৰ্ভাগ্যজনক আখ্যা দিছে নৰ্থ-ইষ্ট নাওৰ মুখ্য সম্পাদকগৰাকীয়ে। কাৰণ কৰ’না বিৰোধী যুঁজত চৰকাৰৰ সৈতে পূৰ্ণ সহযোগত আছে নৰ্থ-ইষ্ট নাও আৰু নৰ্থ-ইষ্ট নাওৰ প্ৰমোটাৰ।

মুখ্য সম্পাদক অনিৰ্বান ৰয়ে কয়,’’মন্ত্ৰীগৰাকীৰ এই অভিযোগ সম্পূৰ্ণ মিছা। কোভিড বিৰোধী অভিযানত চৰকাৰক নৰ্থ ইষ্ট নাওৱে যিমান খিনি সহায় সহযোগিতা কৰিছে, সেইটো মানি লৈ চৰকাৰে আমাক ধন্যবাদ জনাব লাগিছিল। নৰ্থ ইষ্ট নাওৰ প্ৰমোটাৰে নিজৰ ফালৰ পৰা ১ লাখ টকা দিছে। GIMT ৰ ১০০০ বিচনাযুক্ত কোভিড কেয়াৰ চেণ্টাৰ চৰকাৰক ফ্ৰীতে দিয়া হৈছে। সেইটোও নৰ্থ ইষ্ট নাওৰ প্ৰমোটাৰেই। GIMT তেজপুৰত চলি অহা কোৱাৰেন্টাইন চেণ্টাৰ নৰ্থ ইষ্ট নাওৰ প্ৰমোটাৰেই হয়। আমি চৰকাৰক একো নিবিচৰাকৈ যদি ১৪০০ গ্ৰাম চাউল বিচৰা বুলি কয় তেন্তে চৰকাৰৰ প্ৰতি ৰাইজৰ শ্ৰদ্ধা নাইকীয়া হৈ যাব। তেওঁ কোভিড প্ৰতিহত কৰিবলৈ ইমান কষ্ট কৰি থকাৰ সময়ত এনেকুৱা টুলুঙা মন্তব্য কৰাটো আমাৰ বাবেই দুখলগা কথা।”

ইমানৰ পাছতো মন্ত্ৰী মহোদয়ে এটকাও বৰঙণি নিদিয়াকৈ, হিচাপ বিচৰা বুলি কৈ নিজৰ ব্যৰ্থতা ঢাকিবলৈ দায় ঠেলিব নে সংবাদ প্ৰতিষ্ঠান, তথা সংবাদ প্ৰতিষ্ঠানৰ মালিক পক্ষলৈ?

ইয়াৰ পূৰ্বেও তেওঁ সাংবাদিক কল্পজ্যোতি শইকীয়াক লৈ কটাক্ষ কৰিছিল। কৈছিল মধ্যবিত্ত মানুহে চৰকাৰৰ পৰা খাদ্য বিচৰা বুলি। তাৰ পাছত নিজ পত্নীৰ চেনেলৰ সাক্ষাৎকাৰত পুনৰ এই মন্তব্য কৰে।

মন্ত্ৰী মহোদয়, আপুনি হয়তো নিজৰ ভুলটো মানি ল’বলৈ টান পাব। কিন্তু আত্মপক্ষ সমৰ্থনৰ বাবে এজন দায়িত্বশীল মন্ত্ৰীৰ মুখত এনে উদ্ভট মন্তব্য সঁচাকৈয়ে চিন্তনীয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd