• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলিয়াবৰ মহকুমাৰ কুঠৰীত ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লোৱা গঁড়টোৰ মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
July 25, 2020 9:55 am
IMG-20200724-WA0069~2

ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি কলিয়াবৰ মহকুমাৰ কুঠৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত চাৰিদিন আশ্ৰয় লৈ ৰাষ্ট্ৰীয় উদ্যানলৈ উভতি যোৱা বৃদ্ধ গঁড়টোৱে শুকুৰবাৰৰ দিনা মৃত্যুক সাৱটি লয় ৷

শুকুৰবাৰে পুৱাতেই ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ দেওচূড় নদীৰ পাৰত বনকৰ্মীয়ে মৃত অৱস্থাত গঁড়টোক প্ৰতক্ষ্য কৰে ৷

Apply Now

বাৰ্ধক্য জনিত কাৰণতেই গঁড়টোৰ মৃত্যু হোৱা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

বৃদ্ধ গঁড়টোৱে বানপানীৰ মাজতে দীৰ্ঘ সময় সাঁতুৰি আহি ১৮ জুলাইৰ পুৱতি নিশা কুঠৰীৰ দেওচুড় অঞ্চলত ৩৭ নংৰাষ্ট্ৰীয় পথৰ ওপৰতে আশ্ৰয় লৈছিল ৷

কিছু সময় ৰাষ্ট্ৰীয় পথৰ ওপৰতে বিশ্ৰামো কৰিছিল ৷ পিছত পথৰ কাষৰ পানী যুঁৱলিলৈ নামি গৈছিল এই গঁড়টো ৷

বাৰ্ধক্যৰ বাবেই চকুৰ দৃষ্টি শক্তি দুৰ্বল হৈ পৰা গঁড়টোৱে বানপানীৰ ভয়াবহতাত ভীতিগ্ৰস্ত হৈ দুৰ্বল শৰীৰেৰে ৰাষ্ট্ৰীয় পথতে আশ্ৰয় লৈছিলহি ৷

উক্ত স্থানতে গঁড়টোক পৰিচৰ্যাও কৰিছিল বনকৰ্মী আৰু পশু চিকিৎসকৰ দলে ৷

গঁড়টোক ৰাষ্ট্ৰীয় উদ্যানলৈ ওভটাই পঠাবৰ বাবে প্ৰচেষ্টাও চলাইছিল কাজিৰঙাৰ কৰ্তৃপক্ষই ৷

এই কাৰ্য তদাৰক কৰিবৰ বাবে গুৱাহাটীৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক পদ্মশ্ৰী ডাঃ কুশল কুমাৰ শৰ্মা সদলবলে আহি উপস্থিত হৈছিলহি ঘটনাস্থলীত ৷

চাৰিদিনৰ পৰিচৰ্যা আৰু প্ৰাথমিক চিকিৎসাত কিছু সুস্থ আৰু সবল হৈ গঁড়টোৱে পথৰ কাষতে লাগি থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল যদিও গঁড়টোক নিৰীক্ষণত ৰাখিছিল বনকৰ্মীয়ে ৷

প্লাৱিত কাজিৰঙাৰ বেছি দুৰলৈ সোমাই যাব নোৱাৰিলে দুৰ্বল হৈ পৰা এই গঁড়টো ৷

বনকৰ্মীৰ অক্লান্ত পৰিচৰ্যাৰ পিছতো শুকুৰবাৰৰ দিনা পুৱাতেই দেওচূড় নদীৰ নাতিদুৰতে মৃত্যুক আঁকোৱালি ল’লে বিগত সময়চোৱাত সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা কাজিৰঙাৰ বৃদ্ধ গঁড়টোৱে ৷

মৃত্যুৰ প্ৰাকক্ষণত ৩৭ নং ৰাষ্ট্ৰীয় পথত আশ্ৰয় লৈ গঁড়টোৱে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰি গ’ল৷ শুকুৰবাৰৰ দিনা বিয়লি আনুষ্ঠানিকভাৱে মৃত গঁড়টোৰ মৰণোত্তৰ পৰীক্ষাও কৰা হয় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am
মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd