• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মহানগৰীত বিশ্বকাপ জ্বৰ! আজি গুৱাহাটীত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰস্তুতি মেচত টীম ইণ্ডিয়া

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 30, 2023 7:45 am
গুৱাহাটীত অনুশীলনত ৰবিচন্দ্ৰন অশ্বিন।

গুৱাহাটীত অনুশীলনত ৰবিচন্দ্ৰন অশ্বিন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেটাৰসকলে এদিনীয়া বিশ্বকাপত লীগ পৰ্যায়ৰ মেচ খেলিবলৈ দেশৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা কৰিব লগা হয়। কিন্তু তাৰ আগতেও যোৱা কেইটামান সপ্তাহত ৰোহিত শৰ্মা, বিৰাট কোহলীহঁতে দেশৰ বিভিন্ন চহৰ আৰু বিদেশ ভ্ৰমণ কৰিবলগীয়া হৈছিল। বাংগালুৰুৰ নেশ্যনেল ক্ৰিকেট একাডেমীত অনুষ্ঠিত প্ৰস্তুতি শিবিৰৰ অন্তত ভাৰতীয় দলটোৱে কলম্বোৰ পৰা পল্লেকেলে, কলম্বো, মোহালী, ইন্দোৰ, ৰাজকোট আৰু এতিয়া গুৱাহাটীত উপস্থিত হৈছে।

ভাৰতে আজি ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি মেচ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত খেলিব। অভিজ্ঞ অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনক এই মেচত দেখা যাব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত খেলি বিশ্বকাপ দলত স্থান লাভ কৰে অশ্বিনে। ১৮ মাহৰ পাছত এদিনীয়া ফৰ্মেটত খেলাৰ সুযোগ পোৱাৰ পাছত এইগৰাকী অলৰাউণ্ডাৰগৰাকীয়ে ভাল প্ৰদৰ্শন দেখুৱাইছে।

এইবাৰ বিশ্বকাপত ভাল প্ৰদৰ্শন দেখুওৱাৰ আশা কৰিছে অশ্বিনে। অক্ষৰ পেটেল আঘাত নোপোৱা হ’লে অশ্বিনে এই বিশ্বকাপত খেলাৰ কথা নাছিল। তেওঁক বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। কিন্তু অশ্বিনে অন্তিম মুহূৰ্তত সুযোগ পোৱাৰ পিছত নিৰ্বাচক আৰু দল পৰিচালনাৰ আস্থা অৰ্জন কৰিব বিচাৰে।

Apply Now
গুৱাহাটীৰ আমিনগাঁও ষ্টেডিয়ামত ভাৰতীয় খেলুৱৈৰ অনুশীলন।

আজি অনুষ্ঠিত হ’বলগীয়া ৱাৰ্ম আপ মেচখনত অশ্বিনৰ উপৰিও ক্ৰিকেটপ্ৰেমীসকলৰ দৃষ্টি থাকিব শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, যশপ্ৰীত বুমৰাহৰ ওপৰত। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত শ্ৰেয়াছে ভাল প্ৰদৰ্শন দেখুৱাইছিল। তেওঁ আঘাতৰ পৰা সুস্থ হৈ উঠিছে আৰু ফিট হৈ আছে। ৰাহুল, বুমৰাহৰো ভাল ফৰ্মত আছে। ফলত বিশ্বকাপৰ পূৰ্বে ভাৰতৰ দল পৰিচালনাৰ উদ্বেগ কমিছে।

দীঘলীয়া বিমান যাত্ৰা আৰু একেৰাহে খেলৰ হেঁচা পৰিলক্ষিত হোৱাৰ বাবে শুকুৰবাৰে বাধ্যতামূলক অনুশীলন অনুষ্ঠিত নহ’ল ভাৰতীয় দলটোৱে। অনুশীলনত আছিল কেৱল অশ্বিন, শুভমন গীল, ঈশান কিষাণ আৰু শাৰ্দুল ঠাকুৰ। বাকী দলটোৱে জিৰণি ল’লে। অৱশ্যে শনিবাৰ যিহেতু ৱাৰ্ম আপ মেচ, গতিকে সকলোকে সালসলনি কৰি সুযোগ দিয়াৰ সম্ভাৱনা আছে। ভাৰতৰ দল পৰিচালনাৰ লক্ষ্য দলৰ সকলোকে ৱাৰ্ম আপ মেচ দুখনত পৰ্যবেক্ষণ কৰাৰ।

ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে লণ্ডনৰ পৰা গুৱাহাটীত উপস্থিত হবলৈ ৩৮ ঘন্টা বিমান যাত্ৰা কৰিব লগা হৈছে। ডুবাই আৰু মুম্বাইত বহু সময় অপেক্ষা কৰিব লগাও হৈছে। ফলত জনী বেয়াৰষ্টো ভাগৰি পৰিছে। কিন্তু ইয়াৰ মাজতে প্ৰস্তুতিৰ মেচ খেলিব লাগিব। কিন্তু এটাই সকাহ, ২ অক্টোবৰত নেদাৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন ৱাৰ্ম আপ মেচো হব গুৱাহাটীত। ফলত ইংলেণ্ডৰ ক্ৰিকেটাৰসকলে আৰু কেইদিনমান বিমান যাত্ৰা কৰিব নালাগে।

গুৱাহাটীৰ আমিনগাঁও ষ্টেডিয়ামত ইংলেণ্ড দলৰ খেলুৱৈৰ অনুশীলন।

ICC টুৰ্ণামেণ্টত ভাৰতৰ বিৰুদ্ধে যোৱা ২ খন মেচতে ইংলেণ্ডে জয়লাভ কৰিছে। ২০১৯ চনত ইংলেণ্ডে নিজৰ দেশত অনুষ্ঠিত এদিনীয়া বিশ্বকাপত লীগ পৰ্যায়ত ভাৰতক পৰাস্ত কৰিছিল। তাৰ পিছত ২০২২ চনৰ টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলত এলেক্স হেলছ, জোছ বাটলাৰৰ দলটোৱে ভাৰতক ১০ উইকেটত পৰাস্ত কৰে। এইবাৰ আকৌ ভাৰতৰ বিৰুদ্ধে জয়ী হোৱাটোৱে তেওঁলোকৰ লক্ষ্য। 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd