DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন বিষয়াৰ নেতৃত্বতে ধ্বংসৰ দিশে বুঢ়াচাপৰি অভয়াৰণ্য! কাণসাৰ নাই চৰকাৰ, বন বিভাগৰ

ৰিদীপ শৰ্মা, কলিয়াবৰ by ৰিদীপ শৰ্মা, কলিয়াবৰ
April 4, 2022 12:21 pm
বন বিষয়াৰ নেতৃত্বতে ধ্বংসৰ দিশে বুঢ়াচাপৰি অভয়াৰণ্য! কাণসাৰ নাই চৰকাৰ, বন বিভাগৰ

ফটো: নৰ্থইষ্ট নাও।

149
VIEWS
Share on FacebookShare on Twitter

ধ্বংসৰ দিশে আগবাঢ়িছে বুঢ়াচাপৰি অভয়াৰণ্য। নগাওঁ জিলাৰ অন্তৰ্গত বুঢ়াচাপৰি অভয়াৰণ্য তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষিত বনাঞ্চল ৰূপে খ্যাত বুঢ়াচাপৰি অভয়াৰণ্যখন এতিয়া ধ্বংসৰ দিশে ঢাপলি মেলিছে। কিয়নো ইয়াৰ দায়িত্বত থকা বন বিষয়া চুনাম কুমাৰ গুপ্তাৰ নেতৃত্বতে এই ধ্বংসলীলা চলাৰ অভিযোগ উঠিছে।

বুঢ়াচাপৰি অভয়াৰণ্যখনৰ দায়িত্বত থকা বিষয়া সুনাম কুমাৰ গুপ্তা ৰহস্যজনকভাবে নিমাত হৈ থকাত সন্দেহৰ অৱকাশ সৃষ্টি হৈছে। বালি মাফিয়াই  অবৈধ খননকাৰ্য চলাই গৈছে।

বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰ ভাগত ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষত বালি মাফিয়াই এই খননকাৰ্য চলাইছে। এক্সেভেটৰ আৰু ট্ৰেক্টৰৰ সহায়ত বালি মাফিয়াই এইদৰে একপ্ৰকাৰ সন্ত্ৰাস চলাই আছে। কিন্তু সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰিছে ৰাজ্যৰ বিয়াগোম বন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে।

লগতে পঢ়ক: জ্যোতি নৰসিংহানন্দৰ বিৰুদ্ধে পুনৰ ঘৃণা বিয়পোৱা ভাষণ দিয়াৰ অভিযোগ; দাখিল এজাহাৰ

স্থানীয় এগৰাকী সচেতন ব্যক্তিয়ে সমগ্ৰ ঘটনাটো বন বিষয়া চুনাম কুমাৰ গুপ্তাক অৱগত কৰাৰ পাছত বন বিভাগৰ কৰ্মচাৰী গৈ খনন কাৰ্য্যত বাধা প্ৰদান কৰি খনন বন্ধ কৰি দিছিল যদিও তাৰ এঘণ্টা পাছতেই পুনৰ ৰহস্যজনকভাবে বালি মাফিয়াই অবৈধ খনন চলাইছে।

উল্লেখ্য যে কিছুদিন পুৰ্বে বনবিভাগৰ সোপাঢিলা স্থিতিৰ বাবেই একাংশ দুষ্ট চক্ৰই বনৰীয়া মহ নিধন কৰি ভক্ষণ কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অবৈধ কাৰ্যকলাপ এইজন বন বিষয়াই কাকো কেৰেপ নকৰাকৈ চলাই ৰাখি ব্যাপক অৰাজকতা সৃষ্টি কৰাৰ অভিযোগ উঠিছে।

কেতিয়াবা যদি বনৰীয়া জীৱ-জন্তু নিধন, আন কেতিয়াবা আকৌ অৰণ্যৰ ভিতৰৰ পৰা গছ-গছনি ধ্বংস। সকলোতে নিমাত বন বিষয়া সুনাম কুমাৰ গুপ্তা। স্থানীয় সচেতন ৰাইজে কৰা অভিযোগ মতে বন বিষয়া সুনাম কুমাৰ গুপ্তাই এক মোটা অংকৰ ধনৰ বিনিময়ত সকলো দেখিও নেদেখাৰ ভাও ধৰি থাকে।

লগতে পঢ়ক: অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা অৰবিন্দ সিঙৰ আত্মসমৰ্পণ; কাণত ধৰি খুজিলে ক্ষমা

সেয়ে এইক্ষেত্ৰত সচেতন ৰাইজে এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে অসম চৰকাৰক দাবী জনাইছে। অন্যথা এদিন হয়তো বুঢ়াচাপৰি অভয়াৰণ্য কেবল মানচিত্ৰতহে থাকিব, বাস্তৱত কেৱল মৰুভূমি সদৃশ দৃশ্যহে দেখা যাব।

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd