• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণী অভিনেত্ৰীৰ সৈতে ‘ৰোমান্টিক বাৰ্তালাপ’— ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক পূৰ্ণহতীয়া চৰ সোধালে পত্নীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2026 9:28 am
119
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন আৰু তেওঁৰ পত্নী ব্ৰীজিটৰ মাজত ঘটা এটা অপ্ৰীতিকৰ ঘটনাৰ ভিডিঅ‘ শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ‘টোত দেখা গৈছে যে পত্নী ব্ৰীজিটে ৰাষ্ট্ৰপতি মেক্ৰনক সকলোৰে আগতে এটা প্ৰচণ্ড চৰ মাৰিছে। প্ৰথমে মেক্ৰনে এই সমগ্ৰ ঘটনাটোক স্বামী-স্ত্ৰীৰ মাজৰ সাধাৰণ ধেমালি বুলি কৈছিল। কিন্তু এতিয়া এই চৰ মৰা ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিছে। এখন নতুন কিতাপত দাবী কৰা হৈছে যে এইটো কোনো ধেমালি নাছিল, বৰঞ্চ ইয়াৰ আঁৰত আছিল এক ডাঙৰ কাৰণ।

ফ্ল‘ৰিয়ান টাৰ্ডিফ নামৰ লেখকজনৰ পাৰফেক্ট কাপল নামৰ এখন কিতাপত এই ঘটনাৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে। কিতাপখনত দাবী কৰা অনুসৰি, মেক্ৰনৰ পত্নীয়ে হঠাতে গম পাইছিল যে তেওঁৰ স্বামীয়ে ইৰাণী অভিনেত্ৰী গোলশ্বিফ্টেহ ফাৰাহানীৰ সৈতে কথা পাতি আছিল। মেক্ৰনে অভিনেত্ৰীগৰাকীক মেছেজত লিখিছিল যে তুমি সঁচাকৈয়ে বহুত ধুনীয়া। স্বামীৰ এনে কথা দেখি ব্ৰীজিটৰ খং উঠে আৰু লগে লগেই এই চৰ মৰা ঘটনাটো ঘটে।

Apply Now

এই ঘটনাটো সেই সময়ত ঘটিছিল যেতিয়া ৰাষ্ট্ৰপতি মেক্ৰন আৰু তেওঁৰ পত্নীয়ে ভিয়েটনাম আৰু ইণ্ডোনেছিয়া ভ্ৰমণলৈ গৈছিল। তেওঁলোকৰ বিমানখন ভিয়েটনামৰ ৰাজধানী হানয়ত উপস্থিত হোৱাৰ পিছত যেতিয়া দুৱাৰ মুকলি কৰা হৈছিল, তেতিয়াই এই ঘটনা ঘটে। বিমানৰ পৰা নামিবলৈ সাজু হোৱাৰ সময়তে পত্নীয়ে মেক্ৰনৰ গালত চৰ সোধায়। এই আকস্মিক ঘটনাত মেক্ৰন আচৰিত হৈ পৰে। অৱশ্যে লগে লগে দুয়ো নিজকে চম্ভালি লৈ বিমানৰ পৰা তললৈ নামি আহে। মেক্ৰনে পত্নীৰ হাত ধৰিবলৈ চেষ্টা কৰিছিল যদিও ব্ৰীজিটে তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিল।

ভিডিঅ‘টো ভাইৰেল হোৱাৰ পাছত মেক্ৰনে কৈছিল যে তেওঁলোকৰ মাজত সাধাৰণ কথা-কটাকটি আৰু ধেমালিহে হৈছিল। মানুহে এই কথাবোৰক বহুত বেছি বঢ়াই-টুটি কোৱা বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰিছিল। তেওঁ আনকি কৈছিল যে একাংশ মানুহে ইয়াৰ আঁৰত ষড়যন্ত্ৰ থকা বুলিও মিছা কথা বিয়পাইছে আৰু তেওঁলোকে সঘনাই এনে ধেমালি কৰে। কিন্তু মেক্ৰনৰ এই দাবীৰ বিপৰীতে নতুন কিতাপখনে সম্পূৰ্ণ বেলেগ কথা পোহৰলৈ আনিছে। অৱশ্যে ফাৰ্ষ্ট লেডী অৰ্থাৎ মেক্ৰনৰ পত্নীৰ প্ৰতিনিধিৰ ফালৰ পৰা এই সকলোবোৰ দাবী ভিত্তিহীন বুলি কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm
নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

নিশা নামেৰে মেচেঞ্জাৰত চ্যাট, মহিলাৰ ৰূপত লিভ ইন; ৰাজকোটৰ এই হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য

July 2, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd