সদ্যঘোষিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি পদত জয়ী ‘দ্য ক্ৰছকাৰেণ্ট‘ৰ সাংবাদিক খগেন কলিতা।
সাধাৰণ সম্পাদক পদত জয়ী হয় অমৰেন্দ্ৰ ডেকা।
সহকাৰী সাধাৰণ সম্পাদক পদত জয়ী হয় শ্বাহ আলম।
সহকাৰী সাধাৰণ সম্পাদক(সংৰক্ষিত) পদত জয়ী হয় পদ্মিনী হাজৰিকা।
কোষাধ্যক্ষ পদত জয়ী হীৰকজ্যোতি টাইড।
সাংগঠনিক সম্পাদক পদত জয়ী হয় দীপাংকৰ কলিতা।
সাংস্কৃতিক সম্পাদক পদত জয়ী হয় সমীৰণ বৰঠাকুৰ।
ক্ৰীড়া সম্পাদক পদত জয়ী দীপাংকৰ দাস।
উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত হৈছিল গুৱাহাটী প্ৰেছ ক্লাৱৰ ২০২৫-২৭ নিৰ্বাচন।
৮ টা পদত ২০ গৰাকী প্ৰাৰ্থীয়ে কৰিছিল প্ৰতিদ্বন্দ্বিতা।
৯৩৪ গৰাকী সদস্যই সাব্যস্ত কৰিছিল ভোটদান।




