• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাস্থ্য মন্ত্রীৰ শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন; ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 29, 2021 7:20 am
IMG-20210528-WA0018

শিৱসাগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ক'ভিড পৰ্যালোচনা বৈঠকত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই শুকুৰবাৰে শিৱসাগৰ জিলাত উপস্থিত হৈ জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ ক’ভিড ৱাৰ্ডৰ আন্তঃগাথঁনি, চিকিৎসা সেৱা তথা অন্যান্য সা-সুবিধা আদিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়।

তেওঁ উপায়ুক্ত বিষ্ণু কমল বৰা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যামন্ত মাধৱ শৰ্মা তথা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সৌৰভ কুমাৰ গগৈৰ সৈতে জিলাখনৰ ক’ভিড-১৯ ত আক্রান্ত ৰোগীৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। তেওঁ লগতে ক’ভিড ৱাৰ্ড তথা আই. চি. ইউ. ৰ বৃদ্ধি তথা সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰে।

Apply Now

ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ সামগ্ৰিক ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰতিনিধি প্ৰাঞ্জল খনিকৰ আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাৰ প্ৰতিনিধি ঘন গগৈৰ উপস্থিতিত অনুষ্ঠিত হয় এই পৰ্যালোচনা বৈঠক।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড প্ৰতিষেধক প্ৰক্ৰিয়া আহল-বহল স্থানত সম্পন্ন কৰাৰ পোষকতা কৰিছে। তদুপৰি, বৰ্তমানে বিদ্যালয়সমূহ যিহেতু বন্ধ হৈ আছে, সেয়ে তেওঁ ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া চিকিৎসা কেন্দ্ৰৰ পৰিবৰ্তে বিদ্যালয় প্ৰাংগণত কৰিবলৈ পৰামৰ্শ দিয়ে।

তেওঁ চক্ৰ বিষয়া সকলক সংশ্লিষ্ট ৰাজহ চক্ৰৰ ক’ভিড ব্যৱস্থাপনা পোনপটীয়াকৈ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাক সাধাৰণ চিকিৎসা সেৱা, ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তথা ক’ভিড পৰীক্ষণ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ অতিৰিক্ত উপায়ুক্তসকলক দায়িত্ব অৰ্পণ কৰিবলৈ কয়।

তেওঁ ক’ভিড পৰীক্ষণৰ ক্ষেত্ৰত মুঠ পৰীক্ষণৰ ৩০ শতাংশ আৰ. টি. পি. চি. আৰ. পৰীক্ষণ কৰিবলৈ কয়। তেওঁ জিলা প্ৰশাসনক পূৰ্বতকৈ অধিক শৃংখলিত তথা কাৰ্যকৰী পৰিকল্পনা হাতত লৈ এক শক্তিশালী ক’ভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আৰক্ষী বিভাগক আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে জনসমাগম ৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ কয়।

মন্ত্ৰী গৰাকীয়ে ক’ভিড কেয়াৰ চেণ্টাৰ তথা ক’ভিড চিকিৎসা ৱাৰ্ড বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অতিৰিক্ত ১৩০ খন বিচনা মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান অক্সিজেন যুক্ত আই. চি. ইউ. -ৰ নিৰ্মাণকাৰ্য্য অহা ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চাহ-বাগিচা এলেকাত ক’ভিড-১৯ ৰোগত আক্ৰান্ত ৰোগীক কোনোপধ্যেই যাতে গৃহ আছুতীয়াকৰণ কৰা নহয়, তাৰ ওপৰত গুৰুত্ব দিবলৈ কয়।

নিজৰ বক্তব্যত তেওঁ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে ক’ভিড পৰীক্ষণ বৃদ্ধি আৰু ৰোগীক প্ৰয়োজনীয় চিকিৎসা সেৱা সময়মতে উপলব্ধ কৰোৱাত গুৰুত্ব প্ৰদান কৰে।

তেওঁ উপায়ুক্ত প্ৰমুখ্যে অন্যান্য প্ৰশাসনিক বিষয়া, চিকিৎসক তথা আশাকৰ্মীয়ে গৃহ আছুতীয়াকৰণত তথা ক’ভিড কেয়াৰ চেণ্টাৰত থকা ৰোগীক ফোনযোগে যোগাযোগ কৰি তেওঁলোকৰ সুবিধা-অসুবিধাৰ বিষয়ে বুজ লৈ তেওঁলোকৰ অসুবিধা সমুহ দূৰীকৰণৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্ৰী গৰাকীয়ে জনপ্ৰতিনিধিৰ লগতে উপায়ুক্ত, আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া, অন্যান্য প্ৰশাসনিক বিষয়া সকলক সঘনাই জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰত উপস্থিত হৈ স্থানীয় গাঁওবুঢ়া, পঞ্চায়তৰ বিষয়-ববীয়া তথা স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰি ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া, ক’ভিড পৰীক্ষণ প্ৰক্রিয়া, চেনিটাইজেচন প্ৰক্ৰিয়া তথা আনুষংগিক ক’ভিড-১৯ ব্যৱস্থাপনা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়।

বৈঠকত স্বাস্থ্য সেৱাৰ যুটীয়া সচিব ডাঃ স্যমন্ত মাধৱ শৰ্মাই স্বাস্থ্য মন্ত্ৰীগৰাকীক আৰু কেইখনমান এম্বুলেঞ্চ, ৮ টা মনিটৰ আৰু আই. চি. ইউ. -ৰ টেকনিচিয়ান উপলব্ধ কৰাবলৈ অনুৰোধ জনায়। এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

পার্শ্বজোতি গগৈ

পার্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

ভাৰতত চলি আছে ‘কৃত্ৰিম সূৰ্য্য’ নিৰ্মাণৰ কাম; ইতিহাস ৰচনা কৰাৰ পথত দেশ

September 15, 2026 8:42 am
সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

সন্মান ৰক্ষাৰ যুঁজত কংগ্ৰেছ! নগাঁৱত দেৱাশিস শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা!

September 15, 2026 7:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd