ইৰাণ আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিৱেশে সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিটো মোক্ষম আঘাত সানিছে। কৰোনা মহামাৰীৰ সেই বিভীষিকাময় দিনবোৰৰ পিছত এতিয়া পুনৰ নিয়োগ বজাৰত অশনি সংকেত দেখা দিছে। বৰ্তমান আকাশী মাৰ্গৰ বিমান সেৱা প্ৰায় বন্ধ হোৱাৰ উপৰিও জলপথত অনিশ্চয়তাৰ সৃষ্টি হৈছে, যাৰ ফলত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সামগ্ৰী আৱদ্ধ হৈ পৰিছে। বাহিৰৰ পৰা পৰিস্থিতি স্বাভাৱিক যেন দেখিলেও ভিতৰি দেশৰ অৰ্থনীতিৰ চকাটো অচল হৈ পৰিবলৈ ধৰিছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে কৰ্মসংস্থাপনৰ ওপৰত। ইতিমধ্যে কেইবাখনো ৰেষ্টুৰেণ্ট বন্ধ হৈ গৈছে আৰু অনলাইন খাদ্য বিতৰণৰ অৰ্ডাৰ কমি যোৱাত গিগ ৱৰ্কাৰসকলৰ উপাৰ্জনত টান পৰিছে। পৰ্যটন খণ্ডৰ সৈতে জড়িত হোটেল ব্যৱসায়ীসকলো এতিয়া ভৱিষ্যতক লৈ তীব্ৰ দুঃচিন্তাত দিন কটাইছে।
ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন বা জিডিপিৰ প্ৰায় তিনি শতাংশ ব্যয় হয় ইন্ধন আমদানিৰ নামত। বৰ্তমান হৰমুজ প্ৰণালী বন্ধ হৈ পৰাত খাৰুৱা তেলৰ যোগান কমিছে আৰু ইয়াৰ ফলত তেলৰ দাম আকাশলংঘী হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। ইন্ধনৰ নাটনিৰ বাবে গধুৰ উদ্যোগৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ কাৰখানালৈকে উৎপাদন স্তব্ধ হোৱাৰ উপক্ৰম ঘটিছে। পৰিবহণ খণ্ডটো ইয়াৰ প্ৰভাৱ পৰিছে আৰু ৰাস্তাত বাহনৰ সংখ্যা কমিবলৈ ধৰিছে, যিয়ে পৰোক্ষভাৱে নিবনুৱা সমস্যা বৃদ্ধি কৰিছে। কেৱল উদ্যোগ বা পৰিবহণেই নহয়, ইন্ধনৰ অভাৱত মোবাইল টাৱাৰ চলোৱাটোও কঠিন হৈ পৰিব পাৰে, যাৰ ফলত যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ আশংকা কৰা হৈছে। এই সামগ্ৰিক পৰিস্থিতিয়ে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনক এক নতুন সংগ্ৰামৰ মাজলৈ ঠেলি দিছে।
বিশেষকৈ এপ-নিৰ্ভৰ সেৱা যেনে চুইগী, জ’মেটো, উবেৰ বা ৰেপিডোৰ সৈতে জড়িত লাখ লাখ যুৱক-যুৱতীৰ উপাৰ্জন এতিয়া বিপদাপন্ন। খাদ্যৰ অৰ্ডাৰ হ্ৰাস পোৱাৰ লগতে পেট্ৰ’ল-ডিজেলৰ নাটনিয়ে তেওঁলোকৰ কাম কৰাটো অসম্ভৱ কৰি তুলিছে। বহু নামী-দামী ৰেষ্টুৰেণ্টে ইতিমধ্যে তেওঁলোকৰ মেনুত কাট-ছাট কৰিছে আৰু একাংশই ব্যৱসায় চলোৱাত অসমৰ্থ হৈ তলা লগাইছে। একেই অৱস্থা উদ্যোগিক খণ্ডটো। কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যোগিক অঞ্চলত তীখা আৰু চিমেন্টৰ দৰে গধুৰ উদ্যোগসমূহে উৎপাদন কমাই দিছে। ডিজেল অবিহনে কাৰখানাৰ চুল্লি জ্বলোৱাটো সম্ভৱ নহয় বাবে বহু কোম্পানীয়ে এতিয়া সাৱধানী পদক্ষেপ গ্ৰহণ কৰিছে, যিয়ে কৰ্মী সংকোচনৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিছে।
ভাৰতৰ গেছ যোগানৰ অন্যতম উৎস হ’ল কাটাৰ, কিন্তু হৰমুজ প্ৰণালীৰ জটিলতাৰ বাবে গেছৰ যোগানত ডাঙৰ বাধা আহি পৰিছে। ইয়াৰ ফলত ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি বাণিজ্যিক গেছ পৰ্যন্ত সকলোতে নাটনি দেখা দিছে। আনকি মিঠাই উদ্যোগটো ইয়াৰ পৰা ৰেহাই পোৱা নাই। সৰু সৰু দোকানবোৰ গেছৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে তেওঁলোকৰ উৎপাদন প্ৰক্ৰিয়া প্ৰায় বন্ধ হোৱাৰ দিশত আগবাঢ়িছে। চৰকাৰে গেছৰ ৰাজসাহায্য উঠাই লোৱাত সমস্যাটোৱে আৰু অধিক জটিল ৰূপ ধাৰণ কৰিছে। এইদৰে কোনো ঘোষণা অবিহনেই দেশত এক নীৰৱ অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছে য’ত কোটি কোটি মানুহে কাম হেৰুওৱাৰ ভয়ত শংকিত হৈ পৰিছে। মধ্যপ্ৰাচ্যৰ এই যুদ্ধ কিমান দিনলৈ চলে, তাৰ ওপৰতেই এতিয়া নিৰ্ভৰ কৰিছে জনসাধাৰণৰ ভৱিষ্যত।





