• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অপাৰেচন সিন্দুৰৰ পিছতেই পাকিস্তানী টকাৰ তুলনাত ১২ শতাংশ হ্ৰাস পাইছে ভাৰতীয় টকাৰ মূল্য : দ্য ৱায়াৰৰ বিশেষ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 9:00 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপাৰেচন সিন্দুৰৰ পাছত পাকিস্তানী টকাৰ তুলনাত ভাৰতীয় টকাৰ মূল্য প্ৰায় ১২ শতাংশ হ্ৰাস পাইছে বুলি দ্য ৱায়াৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে। বিগত ১২ মাহত পাকিস্তানী টকাৰ বিপৰীতে ভাৰতীয় টকাৰ এক অভূতপূৰ্ব পতন দেখিবলৈ পোৱা গৈছে। ২০১৫ চনৰ মে মাহত ধাৰাবাহিক ৮৮ ঘণ্টাৰ অপাৰেচন সিন্দুৰৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত যেতিয়া যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল, তেতিয়াৰ পৰাই এই পতনৰ আৰম্ভণি ঘটিছিল।

পৰিসংখ্যা অনুসৰি, ২০২৫ চনৰ ১৫ মে’ত প্ৰতি ভাৰতীয় টকাৰ বিপৰীতে পাকিস্তানী টকাৰ বিনিময় হাৰ আছিল ৩.২৯১৩। কিন্তু ২০২৬ চনৰ ১৮ মে’ত সেই দৰ হ্ৰাস পাই ২.৯০১০ পাকিস্তানী টকা হয়। অৰ্থাৎ এই সময়ছোৱাত ভাৰতীয় মুদ্ৰাৰ প্ৰায় ১১.৮৬ শতাংশ অৱমূল্যায়ন হৈছে আৰু কেৱল ২০২৬ চনতে ইয়াৰ মূল্য ৬.৮ শতাংশ হ্ৰাস পাইছে। মুদ্ৰাৰ এই তীব্ৰ পতনে স্পষ্ট কৰি দিছে যে ভাৰতৰ বৰ্তমানৰ অৰ্থনৈতিক সংকট কেৱল বিশ্ব বজাৰত ডলাৰৰ শক্তি বৃদ্ধি বা পশ্চিম এছিয়াৰ যুদ্ধ পৰিস্থিতিৰ বাবেই হোৱা নাই, বৰঞ্চ ই নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ আভ্যন্তৰীণ নীতি আৰু অৰ্থনৈতিক ব্যৱস্থাপনাৰ দুৰ্বলতাকহে প্ৰতিপন্ন কৰিছে।

Apply Now

বিগত ২০২৫ চনত এছিয়াৰ ভিতৰত আটাইতকৈ বেয়া প্ৰদৰ্শন কৰা মুদ্ৰা আছিল ভাৰতীয় টকা আৰু চলিত বৰ্ষতো ভাৰতীয় টকাৰ এই দুৰৱস্থা অব্যাহত আছে। কেৱল পাকিস্তানী টকাই নহয়, এই সময়ছোৱাত বাংলাদেশী টকাৰ বিপৰীতেও ভাৰতৰ মুদ্ৰা দুৰ্বল হৈ পৰিছে। প্ৰতি ভাৰতীয় টকাত বাংলাদেশী টকাৰ দৰ ১.৪২ ৰ পৰা হ্ৰাস পাই ১.২৮ টকা হৈছে, যাৰ অৰ্থ হৈছে বাংলাদেশী মুদ্ৰাৰ বিপৰীতে এক বছৰত ভাৰতীয় টকাৰ মূল্য প্ৰায় ১০ শতাংশ কমিছে। মোদী চৰকাৰে অৱশ্যে টকাৰ এই দুৰ্বলতাৰ বাবে সদায় আন্তঃৰাষ্ট্ৰীয় চাপ আৰু পশ্চিম এছিয়াৰ সংকটক জগৰীয়া কৰি আহিছে। কিন্তু পাকিস্তানী মুদ্ৰাৰ বিপৰীতে টকাৰ এই ধাৰাবাহিক পতনে ইংগিত দিয়ে যে সমস্যাটো আচলতে ভাৰতৰ আভ্যন্তৰীণ। মুদ্ৰাৰ এই অৱমূল্যায়ন যদি কেৱল বিশ্ব বজাৰৰ পৰিস্থিতি বা ডলাৰৰ প্ৰভাৱৰ বাবে হ’লহেঁতেন, তেন্তে এই অঞ্চলৰ বাকী সকলো মুদ্ৰাৰ ওপৰতো ইয়াৰ সমান প্ৰভাৱ পৰিলহেঁতেন। উদীয়মান অৰ্থনীতিৰ অন্যান্য দেশসমূহে একে ধৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও পাকিস্তানী টকাৰ বিপৰীতে তেওঁলোকৰ মুদ্ৰাৰ এনেধৰণৰ পতন হোৱা নাই।

পাকিস্তানী টকাৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ এই পতন সামৰিক সংঘাত আৰু কূটনৈতিক হস্তক্ষেপৰ জৰিয়তে আৰম্ভ হৈছিল যদিও সেই পৰিস্থিতি অন্ত পৰাৰ পাছতো এই ধাৰা স্তব্ধ হোৱা নাই। এই ঘটনাই ভাৰতৰ অৰ্থনীতিত থকা গাঁথনিগত দুৰ্বলতাৰ তত্ত্বকে অধিক শক্তিশালী কৰি তুলিছে। বিশেষকৈ পাকিস্তানৰ সৈতে এই তুলনাটো তাৎপৰ্যপূৰ্ণ কাৰণ ২০২৫ চনত পাকিস্তানে নতুনকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা পুজি অৰ্থাৎ আইএমএফৰ সহায় লৈছিল আৰু কঠোৰ আৰ্থিক তথা মুদ্ৰানীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। ২০১২ আৰু ২০১৩ চনত বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হৈ থকাৰ সময়ত তদানীন্তন কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰৰ দিনত টকাৰ অৱমূল্যায়নক লৈ মোদীয়ে ধাৰাবাহিকভাৱে প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁৰ সেই সময়ৰ আক্ৰমণাত্মক ভাষণে ৰাজনীতিত চৰ্চা লাভ কৰিছিল য’ত তেওঁ দাবী কৰিছিল যে টকাৰ পতন আচলতে কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতা আৰু দুৰ্বল শাসনৰে প্ৰতিফলন। ইয়াৰ উপৰিও নিজকে এজন দৃঢ় নেতা হিচাপে দাঙি ধৰিবলৈ তেওঁ পাকিস্তানৰ বিৰুদ্ধেও আক্ৰমণাত্মক ৰাষ্ট্ৰবাদী ভাষা ব্যৱহাৰ কৰিছিল আৰু অভিযোগ কৰিছিল যে ইউপিএ চৰকাৰে পাকিস্তানক ৰোধ কৰাত ব্যৰ্থ হৈছে।

প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে কৰা মোদীৰ সেই মন্তব্যসমূহৰ সৈতে বৰ্তমানৰ পৰিসংখ্যাৰ কোনো মিল দেখা পোৱা যোৱা নাই কাৰণ আজি তেওঁৰ নিজৰ চৰকাৰৰ দিনতে পাকিস্তানী টকাৰ বিপৰীতেও ধাৰাবাহিকভাৱে মূল্য হেৰুৱাইছে ভাৰতীয় মুদ্ৰাই। বিশ্ব বজাৰৰ তাৰতম্য আৰু আভ্যন্তৰীণ নীতিগত অৱস্থাৰ বাবে বিগত এটা বছৰ ধৰি টকাৰ এই অৱমূল্যায়ন অব্যাহত আছে। মোদী আৰু তেওঁৰ চৰকাৰৰ ওপৰত জনসাধাৰণৰ ক্ৰমবৰ্ধমান অবিশ্বাসক লৈ শেহতীয়াকৈ ফিনেন্সিয়েল টাইমছে এক প্ৰতিবেদন প্ৰকাশ কৰিছে য’ত টকাৰ এই পতনক এক প্ৰধান কাৰণ হিচাপে চিহ্নিত কৰা হৈছে।

প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে বিগত কেইবাটাও ত্ৰৈমাসিক ধৰি প্ৰধান মুদ্ৰাসমূহৰ ভিতৰত ভাৰতীয় টকাই আটাইতকৈ বেয়া প্ৰদৰ্শন কৰিছে, যাৰ ফলত বিদেশত পঢ়া-শুনা কৰাৰ পৰা আৰম্ভ কৰি ব্যৱসায় বা ভ্ৰমণৰ খৰচ বৃদ্ধি পাইছে। অলপতে এটা সংবাদ মাধ্যমত চৰকাৰে বিদেশ ভ্ৰমণৰ ওপৰত অতিৰিক্ত কৰ জাপি দিয়াৰ পৰিকল্পনা কৰা বুলি ওলোৱা খবৰে ছচিয়েল মিডিয়াত জনসাধাৰণৰ ক্ষোভৰ সৃষ্টি কৰিছিল। এই বিষয়টো যে মোদী চৰকাৰে অতি গুৰুত্বসহকাৰে লৈছে, সেয়া প্ৰধানমন্ত্ৰীৰ পদক্ষেপৰ পৰাই স্পষ্ট হৈ পৰে কাৰণ তেওঁ নিজেই ছচিয়েল মিডিয়াত আহি এই বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন বুলি খণ্ডন কৰিছিল। গোলকীয় পৰ্যবেক্ষকসকলৰ মতেও টকাৰ এই পতনৰ বাবে কেৱল আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি দায়ী নহয়। উদাহৰণস্বৰূপ, মাৰ্চ মাহত জাপানী বেংক এমইউএফজিয়ে প্ৰকাশ কৰা অনুসৰি পশ্চিম এছিয়াৰ সংকট যি দিশলৈকে নাযাওক কিয়, চলিত বৰ্ষৰ শেষলৈকে টকাৰ পতন অব্যাহত থকাৰ সম্ভাৱনা প্ৰবল আৰু আন্তঃৰাষ্ট্ৰীয় পৰিঘটনাবোৰে কেৱল এই পতনৰ গতি অলপ কম-বেছিহে কৰিব পাৰিব, কিন্তু ইয়াক ৰোধ কৰিব নোৱাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd