• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2026 6:40 am
223
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাধাৰণতে দেখা যায় যে কোনো এখন দেশ বা সমাজৰ জীৱনধাৰা যিমানেই উন্নত হয়, তাত সিমানেই জন্মহাৰ কমি আহে। এয়া এক স্বাভাৱিক সামাজিক নিয়ম। কিন্তু বিগত দুটা দশকত সমগ্ৰ বিশ্বতে এক আচৰিত ঘটনা ঘটিবলৈ ধৰিছে, যি দেখি গৱেষকসকল চিন্তিত হৈ পৰিছে। ২০০৭ চনৰ পিছৰে পৰা দেখা গৈছে যে অৰ্থনৈতিক বা সামাজিক পৰিস্থিতি যিয়েই নহওক কিয়, পৃথিৱীৰ প্ৰায় সকলো প্ৰান্ততে জন্মহাৰ একে গতিতে কমি গৈছে। কোনো ডাঙৰ মহামাৰী বা যুদ্ধ নোহোৱাকৈয়ে কেনেকৈ এনেকুৱা সম্ভৱ হ’ল, তাক লৈ চলোৱা গৱেষণাত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। শেহতীয়া দুখন গৱেষণাপত্ৰত দাবী কৰা হৈছে যে এই ঘটনাৰ আঁৰত আন কোনো নহয়, আপোনাৰ হাতত থকা আইফোনটোহে আছে। গৱেষকসকলৰ মতে, স্মাৰ্টফোনে অলক্ষিতে মানুহৰ জীৱনত এটা ডাঙৰ জন্মনিয়ন্ত্ৰণ বা বাৰ্থ কণ্ট্ৰ’ল ডিভাইচৰ দৰে কাম কৰিছে।

আমেৰিকাৰ নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্ছ নামৰ সংস্থাটোৱে প্ৰকাশ কৰা এটা গৱেষণাপত্ৰত দেখা গৈছে যে ১৯৮০ চনৰ পৰা ২০০৭ চনলৈ আমেৰিকাত জন্মহাৰ প্ৰায় সুস্থিৰ আছিল। তাত প্ৰতি এহেজাৰ গৰাকী মহিলাৰ বিপৰীতে ৬৫ ৰ পৰা ৭০ টা শিশুৰ জন্ম হৈছিল। কিন্তু ২০০৭ চনৰ পিছৰে পৰা এই সংখ্যাটো হঠাৎ কমিবলৈ ধৰে আৰু ২০২৪ চনৰ ভিতৰত এই হাৰ মাত্ৰ ৫৪ লৈ নামি আহে। অৰ্থাৎ মাত্ৰ ১৭ বছৰত জন্মহাৰ প্ৰায় ২২ শতাংশ হ্ৰাস পালে। এই সময়ছোৱাত বিশ্বজুৰি অৰ্থনৈতিক মন্দাৱস্থাও চলি আছিল, যাৰ বাবে গৱেষকসকলে ২০০৭ ৰ পৰা ২০১১ চনৰ মাজৰ সময়ছোৱাক বিশেষভাৱে পৰীক্ষা কৰিছিল। সেই সময়ত আমেৰিকাত আইফোন কেৱল এটা নিৰ্দিষ্ট মোবাইল নেটৱৰ্কৰ জৰিয়তেহে পোৱা গৈছিল। গৱেষকসকলে দেখা পালে যে যিবোৰ অঞ্চলত আইফোনৰ নেটৱৰ্ক আৰু ইয়াৰ ব্যৱহাৰ বেছি আছিল, সেইবোৰ অঞ্চলতে জন্মহাৰ বেছিকৈ কমিছে।

Apply Now

গৱেষণাৰ তথ্য অনুসৰি, যিবোৰ অঞ্চলত আইফোনৰ সহজ প্ৰৱেশ আছিল, তাত ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ কিশোৰী আৰু যুৱতীসকলৰ মাতৃ হোৱাৰ হাৰ ৪.৫ ৰ পৰা ৮ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। আনহাতে ২০ ৰ পৰা ২৪ বছৰ বয়সৰ মহিলাসকলৰ ক্ষেত্ৰত এই হাৰ ৩.২ ৰ পৰা ৬.৬ শতাংশ হ্ৰাস পাইছে। সামগ্ৰিকভাৱে চালে দেখা যায় যে ২০০৭ ৰ পৰা ২০১১ চনৰ ভিতৰত আমেৰিকাৰ ১৫ ৰ পৰা ৪৪ বছৰ বয়সৰ মহিলাৰ জন্মহাৰ হ্ৰাস পোৱাৰ আঁৰত ৩৩ ৰ পৰা ৫২ শতাংশ পৰ্যন্ত দায়ী আছিল কেৱল আইফোন। পৰিসংখ্যাই এইটোও দেখুৱাইছে যে ২০০৭ ৰ পৰা ২০২৪ চনৰ ভিতৰত কিশোৰীসকলৰ মাজত জন্মহাৰ অভিলেখ ৭০ শতাংশ হ্ৰাস পাইছে। আনহাতে বয়সস্থ মহিলা যেনে ৩৫ ৰ পৰা ৩৯ বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত সন্তান জন্ম দিয়াৰ হাৰ অলপ বাঢ়িছে।

স্মাৰ্টফোনে কেনেকৈ জন্মহাৰৰ ওপৰত প্ৰভাৱ পেলালে, তাৰ আঁৰত কিছুমান মনস্তাত্ত্বিক আৰু সামাজিক কাৰণ আছে বুলি গৱেষকসকলে জনাইছে। আইফোন আৰু অন্যান্য আধুনিক স্মাৰ্টফোন যিমানেই জনপ্ৰিয় হৈছে, সিমানেই মানুহে বাস্তৱ জগতত বন্ধু-বান্ধৱী বা সংগীৰ সৈতে সময় কটোৱা কমাই দিছে। ইয়াৰ ফলত যুৱ প্ৰজন্মৰ মাজত শাৰীৰিক বা যৌন সম্পৰ্কৰ প্ৰৱণতা বহুখিনি কমি গৈছে। মানুহে এতিয়া বাস্তৱতকৈ ভাৰ্চুৱেল বা ইণ্টাৰনেটৰ পৃথিৱীখনত বেছি ব্যস্ত হৈ থাকে। গৱেষণাত প’ৰ্নগ্ৰাফী বা নীল ছবিৰ অতিৰিক্ত ব্যৱহাৰক যৌন সম্পৰ্কৰ এক বিকল্প হিচাপে উল্লেখ কৰা হৈছে। এই সময়ছোৱাত ইণ্টাৰনেটত এনে  বিষয় সন্ধান কৰাৰ হাৰ দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ইয়াৰ উপৰি স্মাৰ্টফোনৰ সহায়ত যুৱ প্ৰজন্মই গৰ্ভধাৰণ এৰাই চলাৰ বিভিন্ন উপায় বা গৰ্ভনিৰোধক বড়ীৰ বিষয়ে সহজে জানিব পৰা হৈছে, যাৰ বাবে অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ কৰাটো সহজ হৈ পৰিছে।

এই পৰিৱৰ্তন কেৱল আমেৰিকাতে সীমাবদ্ধ থকা নাই, এয়া এক গোলকীয় প্ৰযুক্তিগত ধাক্কা। ইউনিভাৰ্চিটি অৱ চিনচিনাটিৰ অৰ্থনীতিবিদসকলে বিশ্ব বেংকৰ তথ্য ব্যৱহাৰ কৰি বিশ্বৰ ১২৮ খন দেশৰ ওপৰত এটা জৰীপ চলাইছিল। তাত দেখা গৈছে যে ইৰান, কোষ্টা ৰিকা, মেক্সিকো, চিলি আৰু তুৰস্কৰ দৰে ভিন ভিন স্বাস্থ্য ব্যৱস্থা আৰু সংস্কৃতি থকা দেশবোৰতো যেতিয়াই স্মাৰ্টফোন মানুহৰ হাতলৈ আহিল, তেতিয়াই কিশোৰীসকলৰ মাতৃ হোৱাৰ হাৰ দ্ৰুতগতিত কমিবলৈ ধৰিলে। হাই-স্পীড ইণ্টাৰনেট আৰু ৪জি নেটৱৰ্ক থকা ঠাইবোৰত এই হ্ৰাসৰ গতি অধিক আছিল। তথ্য অনুসৰি, ২০০৩ চনত মানুহে দৈনিক গঢ়ে ৬৮ মিনিট সময় বন্ধু-বান্ধৱীৰ সৈতে মুখামুখিকৈ কটাইছিল, কিন্তু ২০১৯ চনত এই সময় কমি মাত্ৰ ৩৮ মিনিট হ’লহি। আনহাতে কম্পিউটাৰ বা মোবাইলৰ পৰ্দাত মানুহে কটোৱা সময় দৈনিক ২২ মিনিটৰ পৰা বাঢ়ি ৯৬ মিনিট হৈ পৰিল।

বিশ্বজুৰি জনসংখ্যা কমি অহাৰ এই ঘটনাই এতিয়া বিভিন্ন দেশৰ চৰকাৰসমূহৰ টোপনি হৰণ কৰিছে। আমেৰিকাৰ জন্মহাৰ এতিয়া সৰ্বকালৰ সৰ্বনিম্ন স্তৰত আছে। আনহাতে কানাডাত প্ৰতিগৰাকী মহিলাৰ বিপৰীতে সন্তান জন্মৰ হাৰ ১.২৫ লৈ নামি আহিছে, যাৰ বাবে দেশখনে এক ডাঙৰ সংকটৰ সন্মুখীন হৈছে। জাপান, স্পেইন বা ছিংগাপুৰৰ দৰে দেশবোৰো একেই সমস্যাত ভুগিছে। এছিয়াৰ ডাঙৰ অৰ্থনীতিসমূহ এতিয়া জনসংখ্যা সংকুচিত হোৱাৰ ভয়ত কঁপি উঠিছে। চীনে নিজৰ পুৰণি এক সন্তান নীতি সলনি কৰিবলৈ বাধ্য হৈছে। জাপান আৰু দক্ষিণ কোৰিয়াই দম্পতীসকলক সন্তান জন্ম দিবলৈ বিপুল ধন বা সাহায্য ঘোষণা কৰিও বিশেষ সুফল পোৱা নাই। ভাৰত বা ব্ৰাজিলৰ দৰে মধ্যম আয়ৰ দেশসমূহতো এতিয়া অতি দ্ৰুতগতিত জন্মহাৰ কমিবলৈ ধৰিছে। এই সকলোবোৰৰ পিছত নিশব্দে কাম কৰি আছে হাতৰ সেই স্মাৰ্টফোনটো, যিয়ে মানুহৰ মনযোগ কাঢ়ি লৈ বাস্তৱ জীৱনৰ সম্পৰ্কবোৰক একাষৰীয়া কৰি পেলাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd