• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘দ্য কাশ্মীৰ ফাইলছ্’ আৰু অসম চৰকাৰৰ ‘অহৈতুক’ উদ্যোগ

চিনেমাৰ প্ৰতি আগ্ৰহ নে বিশেষ প্ৰচাৰ অভিযানৰ কৌশল?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 26, 2022 5:50 pm
182
VIEWS
Share on FacebookShare on Twitter

থলুৱা চিনেমাৰ প্ৰতি উদাসীন অসম চৰকাৰৰ বলিউদৰ দ্য কাশ্মীৰ ফাইলছৰ প্ৰতি কিয় এই বিশেষ দৰদ!

বলিউদৰ এখন চিনেমা, নাম ‘দ্য কাশ্মীৰ ফাইলছ্। দেশৰ সৰ্বত্ৰে চৰ্চিত এই চিনেমাখনে যোৱা ১১ মাৰ্চত মুক্তি লাভ কৰাৰ পিছৰে পৰা উপাৰ্জন কৰিছে ২০০ কোটিতকৈও অধিক টকা। বলিউদৰ এই সদ্য মুক্তি প্ৰাপ্ত চিনেমাখনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে উঠি পৰি লাগিছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ তথা বিজেপি দলৰ নেতা-কৰ্মী।

দ্য কাশ্মীৰ ফাইলছে হঠাতে চিনেমা ৰসিক কৰি তুলিছে অসম চৰকাৰকো। ৰাজ্যৰ জনসাধাৰণক কাশ্মীৰ ফাইলছ্ দেখুওৱাবলৈ অহোপুৰুষাৰ্থ কৰিছে অসম চৰকাৰে। খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰীৰ লগতে নেতা-বিধায়কে চিনেমা হলত গৈ দৰ্শন কৰিছে কাশ্মীৰ ফাইলছ্। তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান, “সকলোৱে চাওক কাশ্মীৰ ফাইলছ্”। ইয়াৰ পাছতে আকৌ চিনেমাখন চাবলৈ চৰকাৰী কৰ্মচাৰীৰ বাবে অৰ্ধছুটিৰো ব্যৱস্থা কৰিছে অসম চৰকাৰে।

অতি শেহতীয়াকৈ চৰকাৰী উদ্যোগত ছবিখনৰ বিশেষ দৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। নলবাৰীত যোৱা কালিৰে পৰা অৰ্থাৎ ২৪ মাৰ্চৰ পৰা ৮ দিনীয়াকৈ প্ৰতিদিনে তিনিটাকৈ বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ পৃষ্ঠপোষকতাত এই বিশেষ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ইয়াত আকৌ মূল উদ্যোগ লৈছে নলবাৰীৰ স্থানীয় বিধায়ক তথা বিজেপি নেতা জয়ন্তমল্ল বৰুৱা তথা নলবাৰী জিলা প্ৰশাসনে আৰু সহযোগ কৰিছে বিশ্ব হিন্দু পৰিষদে! তদুপৰি অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে নিজৰ ফেচবুকত ৰাজ্যৰ যিকোনো ঠাইতে দ্য কাশ্মীৰ ফাইলছৰ প্ৰদৰ্শনৰ বাবে নিগমৰ সৈতে যোগাযোগ কৰিবলৈও আহ্বান জনাইছে।

অৱশ্যেই চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰৰ এনে উদ্যোগ আশাপ্ৰদ বতৰা। সহজ অৰ্থত সংস্কৃতিৰ এক উপাদান হিচাপে, শত-সহস্ৰ কলা-কুশলী জড়িত থকা এক বৃহৎ উদ্যোগ হিচাপে চিনেমাই এনেদৰে চৰকাৰী সহযোগিতা লাভ কৰাটো নিতান্তই শুভ লক্ষণ। ইয়াত দ্বিমত থকাৰ প্ৰশ্ন নুঠে। পিছে কথাবোৰ ইমান সহজ হয় নে ? এইখিনিতে কেইবাটাও প্ৰশ্নৰ উদ্ৰেক ঘটাৰ অৱকাশ আছে। চিনেমাৰ প্ৰতি ইমানদিনে নিৰ্লিপ্ত অসম চৰকাৰ তথা ৰাজনৈতিক নেতা-কৰ্মীৰ মনত তৎমুহূৰ্ততে দ্য কাশ্মীৰ ফাইলছ্ নামৰ এখন চিনেমাই কিদৰে চিনেমা ৰস-চেতনা জাগ্ৰত কৰি তুলিলে? প্ৰশ্ন হয় মৃতপ্ৰায় অসমীয়া চিনেমা উদ্যোগটোৰ প্ৰতি উদ্বেগহীন অসম চৰকাৰ হঠাতে বলিউদৰ এখন চিনেমাৰ প্ৰতি কিয় ইমান আসক্ত হৈছে? অসমৰ ইতিহাসত এইদৰে চৰকাৰী উদ্যোগত অসমীয়া চিনেমা প্ৰদৰ্শন কৰাৰ বিশেষ ব্যৱস্থা কৰা হৈছে নে? চিনেমা হল নথকা ঠাইত চৰকাৰে কেতিয়াবা অসমীয়া চিনেমা ৰাইজক দেখুৱাবলৈ কোনো উদ্যোগ লৈছে নে? যদি লোৱা নাই তেনেহ’লে কাশ্মীৰ ফাইলছৰ বাবে অসম চৰকাৰৰ ইমান হৈ-চৈ কিয়!

বিশেষ পিছলৈ নাযাওঁ, শেহতীয়া কেইটামান বছৰতে অসমীয়া চিনেমা উদ্যোগত নিৰ্মাণ হৈছে কেইবাখনো মনোগ্ৰাহী ছবি। ইতিমধ্যে কেইখনমান চিনেমাই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সফলতা লাভ কৰিছে। ৰীমা দাসৰ পৰিচালনাৰে নিৰ্মিত ভিলেজ ৰকষ্টাৰ্চ অস্কাৰৰ দৰে সন্মানীয় বঁটাৰ বাবেও মনোনীত হৈছে। বুঢ়ী আইৰ সাধুৰ আলমত ভাস্কৰ হাজৰিকাই নিৰ্মাণ কৰা কথানদীৰ দৰে চিনেমাই অসমীয়া চিনেমাত এক নতুন সংযোজন ঘটাইছে। ৰীমা বৰাৰ বকুলৰ দৰে চিনেমাইও যথেষ্ট সফলতা অৰ্জন কৰিছে। শিশুৰ পৰা বৃদ্ধলৈকে আকৰ্ষণ কৰিব পৰা এনে চিনেমা সমূহৰ প্ৰচাৰ, প্ৰসাৰ, দৰ্শনৰ বাবে অসম চৰকাৰে কোনো ব্যৱস্থা কৰিছিল নে?

অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ এনে দুৰ্দিনৰ সময়ত ৰাজ্য চৰকাৰখনৰ নিশ্চয় কৰণীয় আছে। অসমীয়া চিনেমাৰ প্ৰচলনৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাতে নাই চিনেমা হলৰ ব্যৱস্থা। আনহাতে অসমীয়া চিনেমা মুক্তি পালেও হলত বেছিদিন চিনেমাখন প্ৰদৰ্শন কৰিবলৈ ইচ্ছা নকৰে বুলিও অভিযোগ উঠি আহিছে। তাৰ অৰ্থ এইয়া নহয় যে মনোগ্ৰাহী, কলাত্মক আৰু মনোৰঞ্জনধৰ্মী অসমীয়া চিনেমা নিৰ্মাণ হোৱা নাই। কিছু প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱত প্ৰায়বোৰ অসমীয়া চিনেমাই ব্যৰ্থ হৈছে। যি উৎসাহ-উদ্দীপনাৰে অসম চৰকাৰে বলিউদৰ দ্য কাশ্মীৰ ফাইলছৰ প্ৰচাৰত নামি পৰিছে, সেই উৎসাহ-উদ্দীপনা অসমীয়া চিনেমাৰ ক্ষেত্ৰত ইমানদিনে নাছিল কিয়? চলচ্চিত্ৰ উদ্যোগটোৰ বাবে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম নামৰ এটা পৃথক বিভাগ থকাৰ পিছতো অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ বাবে নিগমৰ কোনো স্পষ্ট পৰিকল্পনা তথা কাৰ্যসূচী আছে নে? নিজৰ প্ৰযোজনাৰে নিৰ্মিত অসমীয়া চিনেমা কেইখনৰ প্ৰচাৰৰ ক্ষেত্ৰত নিৰ্লিপ্ত নিগম হঠাতে কাশ্মীৰ ফাইলছৰ প্ৰদৰ্শনৰ বাবে উঠি পৰি লগাটো আশ্চৰ্যজনক নহয় নে?

তাতোকৈয়ো লজ্জাজনক ৰাজ্যিক চলচ্চিত্ৰ নিগমে কাশ্মীৰ ফাইলছৰ দৰ্শনীৰ ব্যৱস্থা কৰিছে নলবাৰীৰ নাট্য মন্দিৰত। কিয়নো নলবাৰী জিলাত চিনেমা প্ৰদৰ্শনৰ বাবে নাই কোনো চিনেমা হল। এতিয়া চিনেমা হল নথকা এখন ঠাইত বলিউদৰ কাশ্মীৰ ফাইলছ্ প্ৰদৰ্শনৰ মন মেলা নিগমে আনহে নালাগে অস্কাৰৰ বাবে মনোনীত ভিলেজ ৰকষ্টাৰ্চৰেই প্ৰদৰ্শনৰ ব্যৱস্থা লৈছিল নে? নিগমৰ ফালৰ পৰা এই চিনেমাসমূহৰ প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল নে? চলচ্চিত্ৰ নিগমে ২০১৭ চনতেই অন্তিমবাৰৰ বাবে এখন অসমীয়া ছবি প্ৰযোজনা কৰিছিল। এতিয়া বলিউদী ছবিৰ প্ৰচাৰৰ বাবে আগুৱাই যোৱা নিগমৰ অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰত এই সোপাঢিলা চৰিত্ৰ কিয়?

এনে কিছু প্ৰশ্ন লৈ আমি চিনেমা জগতৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত পৰিচালকৰ কাষ চাপিছিলো। প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই কয় ৰাজ্যিক চলচ্চিত্ৰ নিগম হয়তো ছবিখনৰ সৈতে কোনো ধৰণে জড়িত নহয়। যদি জড়িত চিনেমাখনৰ প্ৰচাৰৰ অধিকাৰ নিগমৰ আছে। কিন্তু যদি নিগম চিনেমাখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনোধৰণে জড়িত নহয়, ই নিগমৰ নিয়ম বহিৰ্ভূত হৈছে। নিগমৰ বিষয়া সকলে ব্যক্তিগত ভাৱে ছবিখন ভাল পাব পাৰে। কিন্তু ইয়াৰ বাবে নিগমৰ নিয়ম বহিৰ্ভূতভাৱে চিনেমাখনৰ প্ৰচাৰ চলোৱা উচিত হোৱা নাই।

আন এগৰাকী জনপ্ৰিয় পৰিচালক ৰীমা বৰাই কয় যে কাশ্মীৰী পণ্ডিত সকলৰ লগত যি ঘটিছে সেইয়া অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু অসম চৰকাৰে কেৱল মাত্ৰ এই চিনেমাখনৰ ক্ষেত্ৰতহে জড়িত হৈ পৰিছে কিয়? যদি তেওঁলোকৰ কোনো ৰাজনৈতিক প্ৰপাগাণ্ডা চিনেমাখনৰ লগত জড়িত আছে সেয়া স্পষ্ট কৰিলে সকলো সন্দেহ দূৰ হ’ব।
আন এগৰাকী চলচ্চিত্ৰ পৰিচালক কংকন ৰাজখোৱাই কয় যে এতিয়া হলত চিনেমা এখন চলি থকাৰ পাছতো এনেদৰে নিগমে যিদৰে প্ৰদৰ্শনৰ বাবে যি ব্যৱস্থা লৈছে, তেনে ব্যৱস্থা অসমীয়া চিনেমাৰ ক্ষেত্ৰতো লওক বুলি আহ্বান জনায় পৰিচালক গৰাকীয়ে।

খ্যাতনামা পৰিচালক মঞ্জুল বৰুৱাই এই সন্দৰ্ভত ফেচবুকত এটা পোষ্ট কৰিছে। তেওঁ লিখিছে, “অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ এই কাৰ্যসূচীক বেয়া পাইছো। অসমীয়া চলচ্চিত্ৰৰ উন্নয়নৰ বাবে কোনো ধৰনৰ এনে কাৰ্য আগতে কাহানিও দেখা বা শুনা নাই। যিহেতুকে সমগ্ৰ অসমত চিনেমা খন চিত্ৰগৃহত চলি আছে। আকৌ কিয় এনে প্ৰদৰ্শনী কৰিব লগা হৈছে ?? ইমানবোৰ ভাল ভাল অসমীয়া চিনেমাৰ ক্ষেত্ৰত কিয় এটাও প্ৰদৰ্শনী কৰিব নোৱাৰিলে বা নকৰে?”

নৱপ্ৰজন্মৰ জনপ্ৰিয় চিনেমা পৰিচালক হিমাংশু প্ৰসাদ দাসেও এটা ভিডিঅ’ বাৰ্তাযোগে নিগমৰ এই কাৰ্যক সমালোচনা কৰে। তেওঁ কয় যে নিগমৰ জন্ম হৈছিলে অসমৰ স্থানীয় ভাষাৰ চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে। কিন্তু যোৱা দিনবোৰত আমি দেখিলো যে কেইখনমান চিনেমাৰ আংশিক প্ৰযোজনা কৰাৰ বাদে নিগমে কোনো দায়িত্ব পালন কৰা নাই। কিন্তু এতিয়া এখন হিন্দী চিনেমাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগভাগ লৈছে। এইয়া সঁচাই লজ্জাজনক কথা।

আনহাতে নিগমৰ এই কাৰ্যৰ বিৰুদ্ধে তীব্ৰ সমালোচনা হোৱাৰ পিছত আমি নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ সৈতে যোগাযোগ কৰিছিলো। কিন্তু তেওঁ দ্য কাশ্মীৰ ফাইলছৰ দৰ্শনীৰ সৈতে নিগম জড়িত নহয় বুলি মন্তব্য কৰে। তেওঁ কয় যে চিনেমাখনৰ দৰ্শনীৰ বাবে প্ৰয়োজনীয় যান্ত্ৰিক সা-সমলৰহে নিগমে যোগান ধৰিছে। কিন্তু সীমান্ত শেখৰে নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰা এটা পোষ্টত স্পষ্টকৈ অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ দ্বাৰা দ্য কাশ্মীৰ ফাইলছৰ বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ আছে। এইবিষয়ে তেওঁক প্ৰশ্ন কৰাত তেওঁ পুনৰ নিগমৰ দ্বাৰা কিছু সা-সমলৰহে যোগান ধৰা হৈছে বুলি দোহাৰে।

সততে জাতি-মাটি-ভেঁটিৰ ৰক্ষাকাৰী বুলি প্ৰচাৰ চলাই অহা চৰকাৰখনৰ নিশ্চয় অবিদিত নহয় ২০১৬ চনত জয়চেং জয় দহোটীয়াৰ পৰিচালনাত মুক্তিপ্ৰাপ্ত হান্দুক নামৰ অসমীয়া কথাছবিখনৰ বিষয়ে। আলফা দমনৰ নামত সেনাৰ দ্বাৰা লাঞ্ছিত অসমীয়া সমাজ-জীৱনৰ এক সু-স্পষ্ট ছবি প্ৰকাশ কৰিছিল হান্দুকে। দ্য কাশ্মীৰ ফাইলছে প্ৰকাশ কৰা সত্য ঘটনাৰ দৰেই হান্দুকে প্ৰকাশ কৰিছিল সত্য ঘটনা। কাশ্মীৰৰ নিৰ্যাতিত কাশ্মীৰী পণ্ডিতৰ সত্যতা উন্মোচনৰ ভাৰ কান্ধ পাতি লোৱা অসম চৰকাৰে অসমৰ থলুৱা লোকৰ ওপৰত চলা সেনাৰ সেই ভয়াৱহ অত্যাচাৰৰ ঐতিহাসিক সত্য উন্মোদন কৰা হান্দুকৰ প্ৰচাৰৰ সময়ত ভৰি পিছলিল কিয়? জাতি-মাটি-ভেঁটিৰ ৰক্ষাকাৰী চৰকাৰখনৰ বাবে গুৰুত্বপূৰ্ণ নহয় নেকি জাতিৰ সত্য! এই প্ৰশ্ন উত্থাপন হোৱাৰ নিশ্চয় থল আছে।

এনে কিছু কাৰণতেই অসম চৰকাৰৰ এই তাৎক্ষণিক ভাৱে জন্ম হোৱা চিনেমা ৰসিক চৰিত্ৰক লৈ সন্দেহৰ সৃষ্টি হৈছে। স্বাভাৱিকতেই উত্থাপিত হৈছে বিভিন্ন প্ৰশ্নৰ। প্ৰকৃততেই এইয়া অসম চৰকাৰৰ চিনেমা উদ্যোগৰ প্ৰতি দায়িত্ববোধ নে ধৰ্মভিত্তিক ৰাজনৈতিক প্ৰপাগাণ্ডা প্ৰচাৰৰ কৌশল! যদি প্ৰকৃততেই চিনেমাৰ প্ৰতি সদিচ্ছা লৈ অসম চৰকাৰ এনেদৰে চিনেমাৰ প্ৰচাৰত নামি পৰিছে তেতিয়াহ’লে এই সদিচ্ছা অসমীয়া চিনেমাৰ ক্ষেত্ৰতো পৰিলক্ষিত হওক।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd