যোৰহাটত জুবিন গাৰ্গৰ শেষকৃত্য বিচৰা নাই পৰিয়ালে। পিতৃৰ মোহিনীমোহন বৰঠাকুৰৰ অসুস্থতাৰ বাবে গুৱাহাটীতে বিচাৰিছে পৰিয়ালে।
গুৱাহাটী তথা ইয়াৰ আশে পাশে শেষকৃত্য, আৰু সমাধিস্থলী বিচাৰিছে পৰিয়ালে।
পৰিয়ালৰ মতে কৰিবলৈ চৰকাৰক অনুৰোধ আছুৰ। এই কথা জনালে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।
বহুসংখ্যক সংগঠন তথা অসম সাহিত্য সভাৰ পৰাও জুবিনৰ শেষকৃত্য যোৰহাটত কৰিবলৈ কোৱা হৈছিল।
শেহতীয়া কৈ লাভ কৰা তথ্য অনুসৰি গুৱাহাটীৰ সোণাপুৰতে জুবিন গাৰ্গৰ শেষকৃত্য কৰা হ’ব বুলি জনিব পৰা গৈছে।




