ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ বা আই পি এলত শেহতীয়াকৈ এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। যোৱা মাৰ্চ মাহত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মালিকানা সলনি হোৱাৰ পিছত এইবাৰ ৰাজস্থান ৰয়েলছৰো মালিকানা সলনি হৈছে। লক্ষ্মী নিৱাস মিট্টাল আৰু আদিত্য মিট্টালৰ নেতৃত্বাধীন মিট্টাল পৰিয়ালে প্ৰায় ১.৬৫ বিলিয়ন ডলাৰ অৰ্থাৎ ১৫,৬৬০ কোটি টকাৰ বিনিময়ত এই ফ্ৰেঞ্চাইজীটো ক্ৰয় কৰিছে। চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আদাৰ পুনাৱালাৰ সৈতে লগ লাগি তেওঁলোকে মনোজ বাদালে আৰু আন বিনিয়োগকাৰীসকলৰ পৰা দলটো ক্ৰয় কৰিছে। এই চুক্তিৰ জৰিয়তে ৰাজস্থান ৰয়েলছৰ লগতে দক্ষিণ আফ্ৰিকাৰ পাৰ্ল ৰয়েলছ আৰু কেৰিবিয়ানৰ বাৰ্বাডোজ ৰয়েলছৰো মালিকানা তেওঁলোকৰ হাতলৈ যাব।
এই চুক্তি ২০২৬ চনৰ তৃতীয় ত্ৰৈমাসিকত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে। ইয়াৰ পিছত মিট্টাল পৰিয়ালৰ হাতত দলটোৰ ৭৫ শতাংশ আৰু আদাৰ পুনাৱালাৰ হাতত ১৮ শতাংশ অংশীদাৰিত্ব থাকিব। বাকী থকা ৭ শতাংশ অংশীদাৰিত্ব মনোজ বাদালেকে ধৰি পুৰণি বিনিয়োগকাৰীসকলৰ হাতত থাকিব। অৱশ্যে এই সকলোবোৰ বিচিচিআই, চিচিআই আৰু আই পি এল পৰিচালনা পৰিষদৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিব। ২০০৮ চনৰ পৰা দলটোৰ সৈতে জড়িত থকা মনোজ বাদালে ব’ৰ্ডৰ সদস্য হিচাপে থাকিব। আনহাতে, বৰ্তমান চলি থকা ২০২৬ চনৰ আই পি এলত ১৫ বছৰীয়া যুৱ খেলুৱৈ বৈভৱ সূৰ্যবংশীৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত ৰাজস্থান ৰয়েলছে পইণ্ট তালিকাত চতুৰ্থ স্থান অধিকাৰ কৰি প্লে’ অফৰ দিশে অগ্ৰসৰ হৈছে।
এই চুক্তিৰ পিছত লক্ষ্মী নিৱাস মিট্টালে কয় যে ৰাজস্থানৰ এক গাঁৱত জন্মগ্ৰহণ কৰা বাবে এই দলটোৰ সৈতে তেওঁৰ এক আৱেগিক সম্পৰ্ক আছে। তেওঁ সৰুৰে পৰা ক্ৰিকেট খেলিছিল আৰু এই খেলবিধৰ ডাঙৰ অনুৰাগী। ৰাজস্থান ৰয়েলছৰ অংশ হ’বলৈ পাই তেওঁ অতি আনন্দিত বুলি প্ৰকাশ কৰে। আনহাতে, আদিত্য মিট্টালেও আই পি এলক বিশ্বৰ অন্যতম ডাঙৰ ক্ৰীড়া প্ৰতিযোগিতা বুলি অভিহিত কৰি ৰাজস্থান ৰয়েলছৰ দৰে এক প্ৰতিষ্ঠিত দলৰ সৈতে জড়িত হ’বলৈ পাই গৌৰৱবোধ কৰা বুলি জনায়। দলটোৱে নতুন প্ৰতিভাৰ বিকাশৰ বাবে যি কাম কৰি আহিছে তাক তেওঁলোকে আগুৱাই নিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। ব’ৰ্ডত যোগদান কৰিবলগীয়া ভানিছা মিট্টালেও ক্ৰিকেটৰ প্ৰতি তেওঁলোকৰ পৰিয়ালৰ ভালপোৱাৰ কথা উল্লেখ কৰি এই চুক্তিক এক ডাঙৰ সন্মান বুলি অভিহিত কৰে।
এই বিশাল বিনিয়োগৰ সন্দৰ্ভত আদাৰ পুনাৱালাই কয় যে আদিত্য মিট্টালৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ পাই তেওঁ অত্যন্ত সুখী আৰু ৰাজস্থান ৰয়েলছৰ দৰে এক শক্তিশালী দলৰ ভৱিষ্যতৰ বিকাশৰ বাবে তেওঁ সদায় সহায় কৰিব। ইফালে, দলটোৰ পুৰণি মালিক মনোজ বাদালেই ৰাজস্থান ৰয়েলছৰ সৈতে কটোৱা সময়খিনিক তেওঁৰ জীৱনৰ এক ডাঙৰ সৌভাগ্য বুলি উল্লেখ কৰে। তেওঁ অনুৰাগী, খেলুৱৈ আৰু পৰিচালনা সমিতিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে নতুন মালিক মিট্টাল পৰিয়াল আৰু আদাৰ পুনাৱালাক আদৰণি জনায়। তেওঁলোকৰ ক্ৰিকেটৰ প্ৰতি থকা আবেগ আৰু ভাৰত তথা ৰাজস্থানৰ সৈতে থকা সম্পৰ্কই দলটোক এক নতুন উচ্চতালৈ লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে।





