• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

মাতৃ ব্যস্ত আছিল মোবাইল ফোনত : গমেই নাপালে, পানীত ডুবি মৃত্যু সন্তানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 1:13 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোবাইল ফোনেই হ’ল কাল। মোবাইলৰ নিচাই মাতৃৰ বুকুৰ পৰা চিৰদিনৰ বাবে কাঢ়ি নিলে বুকুৰ সন্তানক।  

ঘটনা অনুসৰি এখন ৱাটাৰ পাৰ্কলৈ নিজৰ সন্তানক লৈ আনন্দ বিনোদনৰ বাবে গৈছিল এগৰাকী মাতৃ। কিন্তু পাৰ্কত গৈ সন্তানে খেলি থকাৰ সময়তে নিজৰ মোবাইল ফোনত ব্যস্ত হৈ পৰে মাতৃগৰাকী। 

Apply Now

সন্তানে পানীত খেলি থকাৰ সময়ত দায়িত্বহীনভাবে দীৰ্ঘসময়ত মোবাইলতে নিজৰ দৃষ্টি আৱদ্ধ কৰি ৰাখে মাতৃগৰাকীয়ে।  মোবাইলৰ নিচাত পানীত খেলি থকা সন্তানৰ কথা পাহৰি গৈছিল মহিলাগৰাকীয়ে। 

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আমেৰিকাৰ টেক্সাছৰ এল পাছো অঞ্চলৰ কেম্প কোহেন ৱাটাৰ পাৰ্কত। জানিব পৰা মতে, ৩৫ বছৰীয়া মহিলাগৰাকীৰ নাম জেছিকা উইভাৰ।  

মহিলাগৰাকীৰ এই গাফিলতিৰ বাবে তেওঁক কাঠগড়াত থিয় কৰোৱা হৈছে। কিন্তু মহিলাগৰাকীৰ অধিবক্তাই আদালতত যুক্তি দি কয় যে পাৰ্ক খনৰ নিৰাপত্তাৰ দায়িত্বত থকা কৰ্মচাৰী সকলৰ গাফিলতিৰ বাবেহে এই দুৰ্ভাগ্যজনক কাণ্ড সংঘটিত হৈছে। 

আনহাতে নিজৰ সন্তানক দয়িত্বহীন ভাবে পানীত এৰি দিয়াৰ বাবে মাতৃগৰাকীক এল পাছো কাউণ্টিৰ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে। 

অভিযোগ অনুসৰি, ৱাটাৰ পাৰ্কত নিয়ম থাকিলেও সেই শিশুটিয়ে কোনো লাইফ ভেষ্ট পিন্ধা নাছিল। ছুইমিং পুলৰ নিয়ম অনুসৰি ৬ বছৰৰ কম বয়সৰ শিশুৰ লাইফ ভেষ্ট থাকিবই লাগিব। তেওঁলোকে যিমান সময় ছুইমিং পুলত থাকিব, সিমান সময় নজৰ দিয়াৰ বাবে এজন প্ৰাপ্তবয়স্কও থাকিব লাগিব।

কিন্তু প্ৰত্যক্ষদৰ্শীৰ অভিযোগ অনুসৰি ৱাটাৰ পাৰ্কত জেছিকাই ঘণ্টা ঘণ্টা ধৰি নিজৰ ফোনতে ব্যস্ত আছিল। ছেলফি লোৱাৰ লগতে ফটো তোলাত ব্যস্ত আছিল। আনকি প্ৰত্যক্ষদৰ্শীসকলে এই কথাও কৈছে যে ছুইমিং পুলৰ পৰা শিশুটিৰ নিথৰ দেহ তুলি অনাৰ কিছু সময় পূৰ্বেও জেছিকাই মোবাইলত ব্যস্ত হৈ গান গাই আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

সন্ত্ৰাসবাদ আৰু দ্বিপাক্ষিক সহযোগিতা একেলগে চলিব নোৱাৰে: পাকিস্তানলৈ ভাৰতৰ স্পষ্ট বাৰ্তা

July 2, 2026 12:01 pm
ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

ভাৰত জাপানৰ অৰ্থনৈতিক সম্পৰ্কত নতুন গতি : হাৰিয়ানাত প্ৰধানমন্ত্ৰী মোদী আৰু তাকাইচিয়ে মুকলি কৰিলে মাৰুতি চুজুকিৰ ৩৫ হাজাৰ কোটিটকীয়া বৃহৎ কাৰখানা

July 2, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd