• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সামৰিক সন্ত্ৰাসৰ বিৰুদ্ধে মাত মাতি হৃদয় জিনিছে ম্যানমাৰৰ এইগৰাকী মোহময়ী সুন্দৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2021 4:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অগ্নিগৰ্ভ ম্যানমাৰক লৈ এক হৃদয়স্পৰ্শী ভাষ্য প্ৰেৰণ কৰিছে দেশখনৰ এগৰাকী সুন্দৰীয়ে।

হান লায় (Han Lay) নামৰ ‘মিছ গ্ৰেণ্ড ম্যানমাৰ’ খিতাপধাৰী সুন্দৰীগৰাকীয়ে যোৱা সপ্তাহত দেশখনৰ সৈন্যবাহিনীয়ে চলোৱা নিষ্ঠুৰতাৰ বিৰুদ্ধে মাত মাতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

Apply Now

”আজি মোৰ দেশ ম্যানমাৰত অনেক লোকৰ মৃত্যু হৈ আছে।” সুন্দৰীগৰাকীয়ে কয়- ”অনুগ্ৰহ কৰি ম্যানমাৰক সহায় কৰক। আমাক তৎক্ষণাৎ আন্তঃৰাষ্ট্ৰীয় সহায়ৰ প্ৰয়োজন।”

সুন্দৰীগৰাকীয়ে এই বক্তব্য প্ৰদান কৰে থাইলেণ্ডত অনুষ্ঠিত হোৱা ‘মিছ গ্ৰেণ্ড ইণ্টাৰনেচনেল ২০২০’ৰ এটা অনুষ্ঠানত।

ইয়াৰোপৰি প্ৰায় এক মাহ পূৰ্বে ২২ বছৰীয়া সুন্দৰীগৰাকীয়ে দেশখনৰ য়াংগুন চহৰৰ ৰাজপথত সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যষ্ট কৰিছিল।

উল্লেখযোগ্য যে দেশখনৰ নেত্ৰী আং চান ছ্যু ক্যীক অপসাৰণ কৰি সামৰিক বাহিনীয়ে চলোৱা অভ্যুত্থানক কেন্দ্ৰ কৰি প্ৰায় দুমাহ ধৰি উত্তাল হৈ থকা ম্যানমাৰত এতিয়ালৈকে ১০০ জন প্ৰতিবাদকাৰীক সুৰক্ষা বাহিনীয়ে হত্যা কৰিছে।

আনকি মৃত্যুৰ সংখ্যাকো লৈ দ্বিমত প্ৰকাশ কৰা দেখা গৈছে।

স্থানীয় এক সংস্থাৰ মতে, মৃত্যু হোৱা লোকৰ সংখ্যা ৫০০ৰো ওপৰ।

আনহাতে, প্ৰতিবাদী বক্তব্যৰে দৃষ্টি আকৰ্ষণ কৰা হান লায় হৈছে য়াংগুন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ এগৰাকী ছাত্ৰী।

তেওঁ নিজ দেশৰ অৰাজক অৱস্থাক আন্তঃৰাষ্ট্ৰীয় মাধ্যমত ব্যাপক ৰূপত তুলি ধৰিবলৈকে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।

বিবিচিত (BBC) দিয়া এটা সাক্ষাৎকাৰত তেওঁ কয় যে সৌন্দৰ্য প্ৰতিযোগিতাখনত প্ৰদান কৰা মাত্ৰ ২ মিনিটৰ বক্তব্যটোৱে ম্যানমাৰৰ সেনাবাহিনীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

সেয়ে প্ৰাণৰ ভয়ত অনাগত তিনি মাহ তেওঁ ম্যানমাৰৰ সলনি থাইলেণ্ডত বাহৰ পাতিব বুলিও সুন্দৰীগৰাকীয়ে জনায়।

”ম্যানমাৰত সকলোৱে জানে যে ঘটি থকা ঘটনাৱলী সম্পৰ্কে কথা কোৱাত সীমাবদ্ধতা আছে।”- তেওঁ কয়- ”মোৰ বন্ধুসকলে মোক ম্যানমাৰলৈ উভটি যাবলৈ মানা কৰিছে।

উল্লেখযোগ্য যে ম্যানমাৰৰ সুৰক্ষা বাহিনীয়ে যোৱা সপ্তাহত দেশখনৰ ১৮জনকৈ চেলিব্ৰেটীক আটক কৰাৰ জাননি প্ৰেৰণ কৰিছে।

আটাইকেইজন চেলিব্ৰেটিয়ে সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ কৰিছিল।

হান লায়য়ে কয় যে বক্তব্যটো প্ৰদান কৰাৰ পাছতে তেওঁৰ সামাজিক মাধ্যমত তেওঁ বহুকেইটা ভাবুকিৰ সম্মুখিত হৈছে।

”সামাজিক মাধ্যমত তেওঁলোকে মোক ভাবুকি প্ৰদান কৰিছে, কৈছে যে যেতিয়া মই ম্যানমাৰলৈ উভটিম, কাৰাগাৰ মোৰ বাবে অপেক্ষা কৰি আছে।”- তেওঁ কয়।

অৱশ্যে সামাজিক মাধ্যমত তেওঁক অসংখ্য লোকে সমৰ্থন কৰা বুলিও তেওঁ জনায়।

তেওঁৰ বিশ্ববিদ্যালয়ৰ সহপাঠীসকলকো প্ৰতিবাদ সাব্যষ্ট কৰাৰ বাবে কাৰাবন্দী কৰি ৰখা হৈছে বুলিও তেওঁ জনাইছে।

তদুপৰি এগৰাকী বন্ধুক এখন কাফেত নিৰাপত্তা বাহিনীয়ে হত্যা কৰা বুলি তেওঁ কয়।

নিজৰ পৰিয়াল সম্পৰ্কত তেওঁ কয় যে পৰিয়ালটো বৰ্তমান সুৰক্ষিত হৈ আছে।

কিন্তু দেশখনৰ ইণ্টাৰনেট সেৱা ব্যাহত থকাৰ বাবে পৰিয়ালৰ স’তে যোগাযোগৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত হৈছে বুলি তেওঁ জনায়।

সৌন্দৰ্য প্ৰতিযোগিতাৰ দৰে এটা ‘অ-ৰাজনৈতিক’ অনুষ্ঠানত এনেধৰণে প্ৰতিবাদ সাব্যষ্ট কৰাৰ বিষয়ত সুন্দৰীগৰাকীয়ে কয় যে ই তেওঁৰ এটা কৰ্তব্য।

এইক্ষেত্ৰত তেওঁ ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী আং চান ছ্যু ক্যীক প্ৰধান অনুপ্ৰেৰণা হিচাপে গণ্য কৰিছে বুলি কয়।

”আমি প্ৰকৃত গণতন্ত্ৰ পুনৰ বিচাৰো।”- তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

পেলনীয়া বটল নেপেলাব, ইয়াৰ জৰিয়তে তৈয়াৰ কৰক ঘৰত সজোৱা বহুতো সুন্দৰ সামগ্ৰী

June 26, 2026 7:45 am
শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

শিশুৰো হ’ব পাৰে হাৰ্ট এটাক! সন্তানৰ শৰীৰত এইবোৰ লক্ষণে দেখা দিলে শীঘ্ৰে কাষ চাপক চিকিৎসকৰ

June 26, 2026 7:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

June 26, 2026 8:43 am
এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

এয়াৰ ইণ্ডিয়াৰ বিমান ‘কনিষ্ক’ত খালিস্তানী বোমা, ৩২৯ জন নিহত! চাৰি দশকৰ পাছত কানাডাই মানি ল’লে দাবী

June 26, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd