• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৩০ মে : ভোলানাথ বৰুৱাৰ স্মৃতিত অসম বাণিজ্য দিৱসৰ প্ৰাসংগিকতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2023 10:01 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বায়ন আৰু নব্য উদাৰতাবাদী বজাৰ অৰ্থনীতিয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি, ৰাজনীতি আদি সকলো গুৰুত্বপূৰ্ণ দিশ নিয়ন্ত্ৰণ কৰি থকাৰ পিছতো বাণিজ্যত যেন পিছপৰি আছে অসম। কিন্তু উনৈশ শতিকাতে বাণিজ্যৰে সফলতাৰ নিদৰ্শন দেখুৱাই থৈ গৈছিল এজন সুযোগ্য অসম সন্তানে। টাটা, বিৰলা, ৰিলায়ঞ্চৰ জন্মৰ আগতেই সাউদ ভোলানাথ বৰুৱাই ভাৰতবৰ্ষত ব্যৱসায়ৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। 

কলিকতালৈ গৈ কলিকতীয়া কাঠৰ বেপাৰী কালীকৃষ্ট প্ৰামাণিকৰ লগত পৰিচিত হৈ তেওঁৰ লগত ব্যৱসায়িক সংযোগ স্থাপন কৰে আৰু শোভাৰাম বসাক ষ্ট্ৰীটৰ ওচৰত এটা ঘৰ সাজি প্ৰামাণিকৰ পৰা অলপ কমিছন লৈ তেওঁ কাঠৰ ব্যৱসায়ত যোগ দিয়ে। শোভাৰাম ষ্ট্ৰীটত থাকোঁতেই তেওঁ শাৰীৰিক অসুস্থতাত ভোগে আৰু গুৱাহাটীৰ পৰা ভাগিনিয়েক মহীনাৰায়ণ বৰাক মাতি নিয়ে যাতে তেওঁক ব্যৱসায়ত সহায় কৰিব পাৰে।

তেওঁৰ ব্যৱসায় ক্ৰমান্বয়ে বাঢ়ি যায় আৰু তেওঁলোকে পুৰণি দাফ কলেজৰ ওচৰত অফিচ খোলে। এই সময়তে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আদি বৰুৱাৰ লগত লগ হয়। ব্যৱসায়ত কিছু ধন ঘটি বৰুৱাই ১৮৯৪ চনত সিংভূম জিলাৰ এখন জংঘলত কাঠৰ ব্যৱসায় আৰম্ভ কৰে।

Apply Now

বেংগল টিম্বাৰ কোম্পানীৰ মিষ্টাৰ জুইফিন ছাহাবৰ লগত সম্পৰ্ক গঢ়ি তেওঁ বেংগল-নাগপুৰ ৰেলওৱে কোম্পানীৰ পৰা পোন্ধৰ হাজাৰ শ্লিপাৰৰ ঠিকা পায়। সেই ঠিকাৰ জৰিয়তেই বৰুৱাই আছানচোলত ঘৰ আৰু অফিচ পাতে আৰু এবছৰৰ ভিতৰত ত্ৰিশ হাজাৰ টকা লাভ কৰে। তাৰ পাছত সেই ঠাইৰ পৰা অফিচ উঠাই আনি চক্ৰধৰপুৰত পাতে আৰু তাৰ পিছৰ বছৰ প্ৰায় চল্লিছ হাজাৰ টকা লাভ কৰে। ১৮৯৮ চনত ঝাৰখুন্দত নিজেই ঘৰ সজাই ল’লে।

সেই সময়তে মধ্য ভাৰতৰ গাঙ্গপুৰ নামৰ কৰদ ৰাজ্যত প্ৰজাৰ দ্বাৰা সংঘটিত হোৱা এক বিদ্ৰোহ দমন কৰিবলৈকো ভোলানাথ বৰুৱাক সেই ৰাজ্যৰ ৰজাই নিয়োগ কৰে। বৰুৱাই বিদ্ৰোহ নিয়ন্ত্ৰণলৈ আনি ৰাজ্যত শান্তি স্থাপন কৰিলে। এই কাৰ্যত তেওঁক ব্ৰিটিছ চৰকাৰে সহায় কৰে আৰু এই সুযোগতে বৰুৱাইও কৰ্মচাৰীৰ লগত পৰিচিত হয়। কাঠৰ ব্যৱসায়ৰ বাবে ডাঙৰ-ডাঙৰ জংঘল তেওঁৰ হাতলৈ আহে। ১৯০০ চনত বৰুৱাই ৰেওৱাৰ মহাৰাজৰ পৰা এখন ডাঙৰ জংঘল পায়। এই জংঘলত কাম কৰিবলৈ তেওঁ মহীনাৰায়ণ বৰাক মাতি আনে। সমান্তৰালভাৱে বৰুৱাই হাওৰাত ঘৰ কিনে আৰু তাতো অফিচ খোলে। লক্ষ্মীনাথ বেজবৰুৱা আৰু ফটিক চন্দ্ৰ বৰুৱাৰ দ্বিতীয় পুত্ৰ বিশ্বনাথ বৰুৱাক সেই অফিচ চলোৱাৰ ভাৰ দিয়ে। ১৯০৬ চনত বৰুৱাই ময়ূৰভঞ্জৰ পৰা এখন জংঘল লয়।

১৯০৮ চনত ভোলানাথ বৰুৱা বিদেশলৈ যায়। যাবৰ সময়ত তেওঁ বিশ্বনাথ বৰুৱাক এটা কয়লাৰ কোম্পানী আৰম্ভ কৰিবলৈ অনুমতি দিয়ে। বিদেশত থাকোঁতেই সেই কোম্পানীৰ কাম আৰম্ভ হয়। পিছে কয়লাৰ কোম্পানী পতা ঠাইত কয়লাৰ কোনো চিন নাই আৰু কয়লা আছে বুলি কোৱা কয়লা-পৰীক্ষকজনো পলাই যায়। ১৯০৮-১০ চনত বৰুৱাৰ প্ৰায় ১৪ লাখ টকা লোকচান হয় আৰু সেই লোকচানে ব্যৱসায়ত বৰকৈ আঘাত হানে।

১৯০৯ চনত বৰুৱা বিদেশৰ পৰা উভতি আহে আৰু ১৯০৬ চনতে ময়ূৰভঞ্জৰ ৰজাৰ পৰা লৈ থোৱা জংঘলখনত ভালকৈ ব্যৱসায় কৰিবলৈ মন মেলে। কিন্তু এই প্ৰস্তাৱত গৱৰ্ণমেণ্টে বাধা আৰোপ কৰে। ১৯১২ চনত মহাৰাজৰ মৃত্যু হয়। মহাৰাজৰ সমস্ত সম্পত্তি গৱৰ্ণমেণ্টৰ হাতলৈ যায়। বৰুৱাই বহু চেষ্টা কৰি ময়ূৰভঞ্জৰ জংঘল বন্দৱস্ত কৰি ৩০ বছৰৰ বাবে নিজৰ নিয়ন্ত্ৰণলৈ আনে আৰু ব্যৱসায়িক লোকচান পূৰাবলৈ চেষ্টা কৰে। এই সময়তে তেওঁৰ ভতিজাক আৰু তেওঁৰ ব্যৱসায়িক সংগী বিশ্বনাথ বৰুৱাৰ অকাল মৃত্যু হয়। ময়ূৰভঞ্জৰ জংঘলত কাম কৰিবলৈ মহীনাৰায়ণ বৰা আহে আৰু কলিকতাৰ অফিচত বহে তৰুণচন্দ্ৰ বৰুৱা। এওঁলোকে ধাৰ-ঋণ পৰিশোধ কৰি থাকে। লাহে-লাহে আটাইবোৰ ধাৰ মৰিল আৰু ব্যৱসায়ে পুনৰ বিকাশ লাভ কৰিলে। ক্ৰমবৰ্ধমান কাঠৰ ব্যৱসায় চম্ভালিবলৈ ১৯১৯ চনত তেওঁ কাঠৰ কাৰবাৰক এটা লিমিটেড কোম্পানীৰ মৰ্যাদা দিয়ে আৰু কোম্পানীৰ এক অংশীদাৰিত্ব দিলে কলিকতাৰ প্ৰখ্যাত মাৰ্টিন কোম্পানীক। জীয়াই থকা কালত বৰুৱা সেই কোম্পানীৰ এজন সঞ্চালক আছিল।

অসমত দানবীৰ, বেঙ্গলত ‘টিম্বাৰ প্ৰিঞ্চ’ আৰু উৰিষ্যাত ‘জুট মাৰ্ছেন্ট’ ৰূপে খ্যাত সাউদ ভোলানাথ বৰুৱাই ১৯২০ চনতে কাৰিকৰি প্ৰযুক্তি বিদ্যাৰ উন্নয়নৰ বাবে ১ লাখ টকাৰ ন্যাস গঢ়িছিল। আজিৰ হিচাপত সেই টকাৰ মূল্য প্ৰায় এশ কোটি টকা হ’ব। 

উল্লেখ্য যে, হেমচন্দ্ৰ গোস্বামী সংকলিত “অসমীয়া সাহিত্যৰ চানেকী”খন প্ৰকাশৰ অৰ্থে ভোলানাথ বৰুৱাই অৰ্থসাহায্য প্ৰদান কৰিছিল।

ইয়াৰ ওপৰিও মৃত্যুৰ আগে আগে ইচ্ছাপত্ৰত প্ৰাথমিক শিক্ষাৰ বিকাশৰ বাবে  জীৱনৰ সমস্ত আৰ্জিত সম্পতি দান কৰি থৈ গৈছে। তেওঁৰ নামাকৰণৰে গুৱাহাটীত বি বৰুৱা মহাবিদ্যালয় স্থাপন কৰা হয়। ১৯২৩ চনৰ ৩০ মে’ তাৰিখে এই মহান দানবীৰ ব্যৱসায়ীজনৰ পৰলোক প্ৰাপ্তি হয়। আহক আমি সকলোৱে মিলি ৩০ মে’  দিনটো অসমৰ ‘বাণিজ্য দিৱস’ হিচাপে পালন কৰি নৱপ্ৰজন্মক ব্যৱসায় বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তুলো ।

(তথ্য সূত্ৰ উইকিপিডিয়া আৰু অন্যান্য উৎস)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd